সরাসরি প্রধান সামগ্রীতে চলে যান

ডঃলক্ষ্মীনন্দন বৰা /১ Dr. Lakhminandan Bora / 1


লক্ষ্মীনন্দন বৰাবৃত্তৰ বাহিৰত ' ! -- হয় . শিতানটোৰ নাম ' বৃত্তৰ বাহিৰত ' আছিল । পবিত্ৰ কুমাৰ ডেকা সম্পাদিত ' ৰূপকাৰ 'ত লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । এটা সংখ্যাত লিখিছিল ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসঙ্গত । সেই সময়ত কাকত - আলোচনীত ' ভ্ৰাম্যমাণ থিয়েটাৰ 'ক গুৰুত্ব নিদিছিল । তৃতীয় শ্ৰেনীৰ লেখকৰ কাম বুলি কোৱা হৈছিল । আনকি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰকো তৃতীয় শ্ৰেনীত স্থান দিছিল । -- ইয়াৰ বিপৰীতে লিখিছিল কথাশিল্পী গৰাকীয়ে । সম্ভৱতঃ ১৯৮৬ - ৮৭ চন । সেই সময়ৰ জনপ্ৰিয় নাট্যকাৰ ভবেন বৰুৱাৰ প্ৰসঙ্গত একে নামৰ লেখক এগৰাকীয়ে লিখিছিল -- কোন ভবেন বৰুৱা ? অসমত ভবেন বৰুৱা এজনেই আছে , যি জনে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখে ।-- এই কথাৰ প্ৰতিবাদ কৰি ' বৃত্তৰ বাহিৰত ' লিখিছিল ডঃলক্ষ্মীনন্দন বৰাই । -- সেই লেখাৰ সমৰ্থনত আমি চিঠি এখন এখন লিখিছিলো , ' ৰূপকাৰ 'ৰ ঠিকনাত পঠিয়াইছিলো । ব্যক্তিগত চিঠি । এমাহ পিছত ' উত্তৰ ' পাইছিলো , ডঃলক্ষ্মীনন্দন বৰাৰ হাতৰ আখৰ পাইছিলো । ( সেই ' হাতৰ আখৰ ' সজতনে ৰাখিছো । ) -- তেনেদৰেই কথাশিল্পী গৰাকীৰ সৈতে আমাৰ প্ৰথম সম্পৰ্ক । ১৯৮৭-৮৮ চন,দ্বাদশ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত মঞ্চস্থ হৈছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস 'পাতাল ভৈৰৱী' ৰ নাট্যৰূপ । নাট্যকাৰ অতুল বৰদলৈয়ে দিয়া নাট্যৰূপ। অভিনয় কৰিছিল ভৱেশ বৰুৱা, সুৰেন মহন্ত,বিনু কলিতা আদিয়ে। -- নাটক খনৰ বিষয়ে লিখিছিলো পদ্ম বৰকটকীৰ সম্পাদনাত প্ৰকাশ পোৱা ' ইস্তাহাৰ 'ত । ' পেপাৰ কাটিং ' প্ৰেৰণ কৰিছিলো , সেই একে ঠিকনাত -- মাৰফৎ ' ৰূপকাৰ ' । আকৌ একেই ' হাতৰ আখৰ ' আশা কৰিছিলো ! পোৱা নাছিলো । ভাবিছিলো -- পঢ়া নাই ! -- কিয় পঢ়িব ! কিন্তু পঢ়িছিল । -- কেনেকৈ জানিলো ? -- যেতিয়া প্ৰথম বাৰ কথাশিল্পী গৰাকীক লগ পাইছিলো । তেতিয়া আমি ' মেঘদূত মিডিয়া ' ত। দিগন্ত ওজাৰ নেতৃত্বত । ঘৰুৱা সংবাদ প্ৰতিষ্ঠানটোৰে সাংবিদিকতা আগবঢ়াইছিলো । উপদেষ্টা ডঃলক্ষ্মীনন্দন বৰা । ' ই ... ' বুলি দিগন্ত ওজাই চিনাকী পৰ্ব আৰম্ভ কৰিছিলহে ! ডঃলক্ষ্মীনন্দন বৰাই কৈছিল , মোৰ নামটো কোৱা মাত্ৰকে -- ' জানো , পদ্ম বৰকটকীৰ কাকতত মোৰ নাটকৰ বিষয়ে লিখিছিল ।... ' -- ডঃলক্ষ্মীনন্দন বৰাৰ নাটক ! -- নাট্যৰূপহে ! কথা সেইটোৱে , মই ' লক্ষ্মীনন্দন বৰাৰ নাটক ' বুলি লিখিছিলো । মোৰ ব্যাখ্যাই কথাশিল্পীক সন্তুষ্ট কৰিছিল , মোৰ ধাৰণাত । ( নাটক খনৰ ৯৫% সংলাপেই উপন্যাস খনৰ । গতিকে ডঃলক্ষ্মীনন্দন বৰাৰ নাটক বুলি নিশ্চয় কব পাৰো ! ... মই লিখিছিলো । ) লগ পোৱাৰ দুদিন পিছত (১৯৯৩-৯৪ ) ডঃলক্ষ্মীনন্দন বৰাৰ সৈতে কথা পাতিছিলো ৬০ - ৬৫ মিনিত । বিষয় : নাটক আৰু চিনেমা । " নাটক - চিনেমা" হ'ল বিনোদন কলা । কলাৰ বাবে চৰ্চা কৰা কলা নহয় । দৰ্শকৰ বাবে কৰা কলাচৰ্চা । ভ্ৰম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহত প্ৰতিদিনে শ শ দৰ্শকে নাটক উপভোগ কৰে । মন কৰিবা , এক বিশেষ শ্ৰেণীৰ দৰ্শক নাথাকে । ভিন্ন শ্ৰেণীৰ , ভিন্ন দৰ্শক থাকে । সকলোকে সন্তুষ্ট কৰে । মই এদিন ৰতন লহকৰক সুধিছিলো -- কেনেকৈ সম্ভৱ ? হাঁহিৰে উত্তৰটো সামৰি থলে । মোৰ মনলৈ প্ৰায়ে আহে -- উপন্যাস ' পাতাল ভৈৰৱী ' সকলো শ্ৰেণীৰ পাঠকে পঢ়িছে বুলে মই নাভাবো , নাটক খন কিন্তু সকলো শ্ৰেণীৰ দৰ্শকে চাইছে । চোৱাৰ কাৰণ বা নচোৱাৰ কাৰণ একমাত্ৰ ' মাধ্যম ' বুলি নাভাবো । মই ইমান খিনিয়ে বুজিছো -- ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা , ৩ মাহৰো কম সময়ত ৪ খন নাটক সাজু কৰা কামটো সহজ নহয় ! ভ্ৰাম্যমাণ থিয়েটাৰৰ যি অনুশাসন , কামৰ যি গতি সেয়া সমাজৰ প্ৰতিটো স্তৰতে হব লাগে । অসম বহুদূৰ আগবাঢ়িব ! '  পদুম বৰুৱাই ' গঙা চিলনীৰ পাখি 'ৰে অসমীয়া চিনেমাক নতুন গতি দিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' জয়মতী 'ৰ শৈলীক আগবঢ়াই নিছিল । -- ১৯৬৩ চনত প্ৰকাশ পাইছিল ডঃলক্ষ্মীনন্দন বৰাৰ উপন্যাস ' গঙা চিলনীৰ পাখি ' । ১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল পদুম বৰুৱাৰ অসমীয়া চিনেমা' গঙা চিলনীৰ পাখি ' । " মোৰ উপন্যাসৰ চিনেমা । চিনেমা খন কিন্তু মোৰ হৈ থকা নাই । সম্পূৰ্ণৰূপে পদুম বৰুৱাৰ ' গঙা চিলনীৰ পাখি ' চিনেমা খন । কেৱল ঔপন্যাসিকৰ চিন্তাৰে চিনেমা খন ৰচনা হোৱা নাছিল । ' (অসমাপ্ত )

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...