অসমীয়া ভাষাৰ সংগীতৰ পৰিসৰ অতিক্ৰম কৰি বাংলা সংগীত আৰু চিনেমাৰ জগতত ভূপেন হাজৰিকাই যি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল, তাৰ এক দীঘলীয়া পৰিক্ৰমা দেখা যায় ১৯৫৬ৰ পৰা ১৯৯৬ লৈ। এই সময়ছোৱাত ড° হাজৰিকাই কেতিয়াবা সংগীত পৰিচালক, কেতিয়াবা গায়ক, কেতিয়াবা দুয়োটা ভূমিকাতে বাংলা চিনেমাৰ সৈতে জড়িত হৈছিল। পশ্চিমবংগৰ বাংলা চিনেমাৰ লগতে বাংলাদেশৰ বাংলা চিনেমাতো তেওঁৰ সংগীত আৰু কণ্ঠৰ উপস্থিতি দেখা যায়। Bengal Film Archive-ৰ ভূপেন হাজৰিকাৰ নিৰ্বাচিত filmography আৰু আন সংগীত-তথ্যৰ সৈতে মিলাই চালে এই পৰিক্ৰমাত অন্ততঃ ১৮খন চিনেমাৰ উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত কেইখনমানৰ ক্ষেত্ৰত ভূপেন সংগীত পৰিচালক, কেইখনমানত কণ্ঠশিল্পী আৰু কেইখনত দুয়োটা ভূমিকাতে আছিল। এই যাত্ৰাৰ আৰম্ভণি ‘অসমাপ্ত’-ৰ জৰিয়তে। ১৯৫৬ চনৰ ১ জুনত কলকাতাৰ বাসুশ্রী, বীণা আৰু আলোছায়া চিত্ৰগৃহত মুক্তি পোৱা ৰতন চট্টোপাধ্যায় পৰিচালিত বাংলা চিনেমা ‘অসমাপ্ত’-ত ভূপেন হাজৰিকা একমাত্ৰ সংগীত পৰিচালক নাছিল; অনুপম ঘটক, অনিল বাগচী, দুৰ্গা সেন, নচিকেতা ঘোষৰ সৈতে তেওঁ সংগীত পৰিচালকৰ দায়িত্বত আছিল। চিনেমাখনৰ গীতিকাৰ আছিল গৌৰীপ্ৰসন্ন মজুমদাৰ, শ্যামল গুপ্ত, পণ্ডিত হৰিচৰণ, ...
ভূপেন হাজৰিকাৰ সংগীত-জীৱনৰ বহু কথা আমি জানো; কিন্তু বহু কথা এতিয়াও জনা হোৱা নাই। তেওঁৰ গীত আৰু সুৰে অসমীয়া ভাষাৰ সীমা অতিক্ৰম কৰি বাংলা, হিন্দীকে ধৰি ভাৰতীয় বিভিন্ন ভাষাৰ সংগীত-জগতত প্ৰৱেশ কৰিছিল। কিন্তু এই যাত্ৰাৰ এটা বিস্ময়কৰ দিশো আছে—কেতিয়াবা সুৰটো গৈছে, নতুন ভাষাত নতুন ৰূপত জনপ্ৰিয় হৈছে, অথচ মূল সুৰকাৰ হিচাপে ভূপেন হাজৰিকাৰ নামটো ক’তো দেখা নাযায়। এয়া কেৱল কৃতিত্বৰ প্ৰশ্ন নহয়; এয়া চিনেমাৰ সংগীত-ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অনুসন্ধানৰ বিষয়। ১৯৫৬ চনত মুক্তি পোৱা ‘এৰা বাটৰ সুৰ’ ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা। কাহিনী, চিত্ৰনাট্য আৰু সংগীতৰ দায়িত্বও তেওঁৰেই আছিল। সেই চিনেমাৰ ‘জোনাকৰে ৰাতি, অসমীৰে মাটি...’ গীতটো ভূপেন হাজৰিকাৰ ৰচনা আৰু সুৰত লতা মংগেশকাৰৰ কণ্ঠত ৰেকৰ্ডিং হৈছিল। গীতটোৱে অসমত চৰ্চা লাভ কৰাৰ লগতে কলকাতাৰ সংবাদ মাধ্যমতো আগ্ৰহ সৃষ্টি কৰিছিল। কিন্তু মাত্ৰ দুবছৰৰ পাছতেই এই গীতটোৰ সুৰক কেন্দ্ৰ কৰি এটা নতুন অধ্যায়ৰ সন্ধান পোৱা যায়। ১৯৫৮ চনত লেখৰাজ ভাকৰীৰ ‘সাহাৰা’ চিনেমাত হেমন্ত কুমাৰৰ সংগীতত লতা মংগেশকাৰৰ কণ্ঠত এটা হিন্দী গীত ব্যৱহৃত হৈছিল, যাৰ সুৰৰ সৈতে ‘জোনাকৰে ৰাতি......