সরাসরি প্রধান সামগ্রীতে চলে যান

পোস্টগুলি

ভ্ৰাম্যমাণ থিয়েটাৰ: যি দেখিছিলোঁ, যি শুনিছিলোঁ

এসময়ৰ পৰা আন এসময়লৈ আমাৰ বাবে শাৰদীয় দুৰ্গাপূজা মানেই আছিল— ভ্ৰাম্যমাণ থিয়েটাৰ। গেলাৰীত বহি নাটক চোৱাৰ সেই আনন্দ, সেই উত্তেজনা, সেই অপেক্ষা— আজিও মনৰ মাজত সজীৱ হৈ আছে। যেতিয়া নাটক বুজিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰাই এখন নাটক চোৱাৰ পাছত কেৱল নাটক উপভোগ কৰিয়েই ক্ষান্ত থকা নাছিলোঁ; ক্ৰমে সোমাই পৰিছিলোঁ ‘নাট্য-চৰ্চা’ৰ মাজত। সেই যাত্ৰাৰ অন্যতম গুৰু আছিল ভৈৰৱ বৰ্মন— তেতিয়াৰ বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, আৰু মোৰো শিক্ষাগুৰু। ভ্ৰাম্যমাণ থিয়েটাৰ, ভৈৰৱ বৰ্মন আৰু ‘মিলন-মালা’—এই তিনিটাৰ সৈতে জড়িত হৈ আছে এটা বিশেষ অধ্যায়। অথচ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসৰ সেই অধ্যায়টো সততে চৰ্চালৈ নাহে। নাট্যকাৰ, পৰিচালক, কলা-নিৰ্দেশক আৰু অভিনেতা ভবেন বৰুৱাই এসময়ত সেই অধ্যায়টোৰ কথা কৈছিল। প্ৰসংগক্ৰমে ‘আজিৰ সংবাদ’ 'আজি' আৰু ‘অসমীয়া প্ৰতিদিন’ত সেই বিষয়ে চৰ্চা কৰিছিলোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘এটা যুগ’ৰ কথা ক’বলৈ গৈ ভবেন বৰুৱাই কৈছিল— “ভাগ্যদেৱীৰ প্ৰযোজক শৰৎ মজুমদাৰে এদিন নতুন চিন্তা লৈ মোৰ ওচৰলৈ আহিছিল। নতুন নাট্যকাৰৰ নতুন ধৰণৰ নাটক লাগে! কেইদিনমান আগতে নলবাৰীত নাটক প্ৰতিযোগিতা হৈ গৈছিল। সেই বিশেষ নাট প্ৰ...
সাম্প্রতিক পোস্টগুলি

নানা: সৎ হৈ জীয়াই থকাৰো এটা স্বতন্ত্ৰ উদাহৰণ

"নটসম্ৰাট—আছা নাট হোনে নাহী" চাইছিলোঁ। মহেশ মাঞ্জৰেকাৰৰ পৰিচালনা। চাই থকা সময়ত অনুভৱ কৰিছিলোঁ-- মই যেন অভিনয়ৰ পাঠশালাত বহি আছোঁ! মোৰ ধাৰণাত অভিনয়ৰ এক পাঠ-- গণপত ৰামচন্দ্ৰ বেলৱালকাৰ, অৰ্থাৎ ‘আপ্পা’। নানা পাটেকাৰে অভিনয় কৰিছিল চৰিত্ৰটোত। এজন অৱসৰপ্ৰাপ্ত মঞ্চ অভিনেতা। জীৱনজুৰি যি গৰাকী মানুহে আনৰ জীৱনৰ অভিনয় কৰি আহিছিল, অৱসৰৰ পাছত তেওঁ নিজ জীৱনটোৰ সন্মুখীন হয়। সন্তান, সংসাৰ, বয়স, নিঃসংগতা, হেৰাই যোৱা সন্মান আৰু অতীতৰ গৌৰৱ-- এটা এটাকৈ সকলো তেওঁৰ সন্মুখত থিয় হয়। সেই সংঘাতৰ মাজেৰে নানা পাটেকাৰে যি অভিনয় কৰিছে, সেয়া মোৰ দৃষ্টিত কেৱল এটা চৰিত্ৰৰ অভিনয় নহয়; অভিনয়ৰেই এক গভীৰ আত্ম-অনুসন্ধান। "নটসম্ৰাট" মূলতঃ এখন মাৰাঠী নাটকৰ  চিনে-ৰূপান্তৰ। নানা পাটেকাৰৰ অভিনয়ত মঞ্চ আৰু পৰ্দাৰ সীমাৰেখা যেন কেতিয়াবা অস্পষ্ট হৈ যায়। আপ্পাৰ কণ্ঠস্বৰৰ উঠা-নমা, হঠাৎ থমকি যোৱা, অতীতৰ কোনো স্মৃতি মনত পৰাৰ লগে লগে চকুত ঘূৰি অহা পোহৰ, তাৰ পাছতে নিঃসংগতাৰ অন্ধকাৰ-- এই সকলোবোৰৰ মাজেৰে এজন বৃদ্ধ অভিনেতাৰ জীৱনটো দৰ্শকে কেৱল দেখা নাপায়, অনুভৱ কৰে। বয়সক তেওঁ কেৱল মুখৰ ৰেখাৰে প্ৰকাশ কৰা নাই; কণ্ঠস...

নতুন চিনে-চিন্তা, নতুন বাট

চিনেমাৰ ভাষা বুলিলে কেৱল কেমেৰাৰ কোণ, সম্পাদনা, আলোকসজ্জা বা অভিনয়ৰ সমষ্টিকেই বুজোৱা নহয়। কাহিনী কেনেকৈ কোৱা হ'ব, দৃশ্যৰ মাজত সময়ে কেনেকৈ গতি লব, চৰিত্ৰৰ মনোজগত কেনেদৰে উন্মোচিত হ'ব, নীৰৱতা বা শব্দই কেনেকৈ অৰ্থ বহন কৰিব-- এই সকলোবোৰ মিলিয়েই নিৰ্মাণ হয় চিনেমাৰ ভাষা। এই কথা মনত ৰাখি ক'ব পাৰি-- চিনেমাৰ ইতিহাস মূলতঃ এই ভাষাৰেই অবিৰত পুনৰ্নিৰ্মাণৰ ইতিহাস। ফৰাচী চিনেমা সমালোচক, তত্ত্ববিদ আন্দ্ৰে বাজিনে এই কথা বহু আগতেই উপলব্ধি কৰিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ "What Is Cinema?"-ৰ "The Evolution of the Language of Cinema" প্ৰবন্ধত লিখিছিল-- "Every new development in the language of cinema enriches its means of expression." (চিনেমাৰ ভাষাৰ প্ৰতিটো নতুন বিবৰ্তনে ইয়াৰ শিল্প-অভিব্যক্তিৰ সম্ভাৱনাক অধিক সমৃদ্ধ কৰে।) ইয়াৰ ব্যখ্যা এনেদৰে কৰিব পাৰি-- চিনেমাৰ ভাষা কোনো নিৰ্দিষ্ট নিয়মৰ মাজত বন্দী হৈ নাথাকে; প্ৰতিটো যুগতে নতুন সৃষ্টিশীল প্ৰয়াসে ইয়াক অধিক সমৃদ্ধ আৰু বিস্তৃত কৰি তোলে।  প্ৰতিটো নতুন বিকাশে ইয়াৰ প্ৰকাশ ক্ষমতাকো নতুন মাত্ৰা প্ৰদান কৰে। ...

এন আৰ চি | চিনেচৰ্চা

‘ নিয়ম সদায় এটাই হ’ব লাগে—মানুহ হোৱাৰ নিয়ম।’ কাহিনী-ৰেখাৰ শেষৰফালে ব্যৱহাৰ কৰা এই সংলাপটোতে স্পষ্ট— চিনেমাখনৰ লেখক,পৰিচালকে ৰূপালী গল্পটোৰ মাজেৰে কি ক’ব বিচাৰিছে।  ৰূপালী গল্পটোৰ নাম ‘এন আৰ চি—নলপাৰৰ ৰামচন্দ্ৰ’।  কাহিনী-ৰেখাৰ মূল বিন্দু কুশলেন্দ্ৰ। চৰিত্ৰটোৰ জন্মৰ পৰা আৰম্ভ কৰি পিতৃ-পৰিচয়ৰ সন্ধান, নাগৰিকত্ব প্ৰমাণৰ সংগ্ৰাম আৰু ভাওনাৰ ৰামৰ প্ৰতি তেওঁৰ গভীৰ আকর্ষণ— এই সকলোবোৰ পৰ্যায় পৰ্যায়কৈ পৰ্দালৈ আনিছে। ইয়াৰ সমান্তৰালভাৱে আগবাঢ়িছে সাৰাংগ–ৰশ্মিৰ প্ৰেমৰ কাহিনী। দুয়োটা কাহিনী পৃথক যেন লাগিলেও, শেষ পৰ্যায়ত ইহঁত একে প্ৰশ্নৰ ওচৰলৈ গৈ মিলিত হয়। কুশলেন্দ্ৰৰ পিতৃ-পৰিচয়ৰ সন্ধান, নাগৰিকত্বৰ প্ৰমাণ বিচাৰি তেওঁৰ সংগ্ৰাম আৰু মানুহ হিচাপে নিজৰ অস্তিত্ব প্ৰতিষ্ঠাৰ আকাংক্ষাৰ মাজেৰে "চিনেমা" খনে পৰিচয়ৰ প্ৰচলিত সংজ্ঞাকেই প্ৰশ্নৰ সন্মুখীন কৰে। তেনেদৰে সাৰাংগৰ পিতৃক সন্তুষ্ট কৰিবলৈ ৰশ্মিৰ "জন্মৰ শিপা"ৰ সন্ধানো পৰ্দালৈ আহে। (দেশত থকাৰ বাবেই নহয়, বৈবাহিক সম্পর্ক গঢ়াৰ বাবেও 'এন আৰ চি'ৰ প্ৰয়োজন!)  শেষত চিনেমা খনে দৰ্শকৰ মন-মগজুত এটা মৌলিক প্ৰশ্ন এৰি যাবলৈ সক্ষম হয়— মানুহৰ আচল পৰিচয়...

ভূপেন হাজৰিকা | গজগামিনী

“ভূপেন, তুমি গান গাওঁতে ছবি আঁকা। তোমাৰ সংগীতে ছবি আঁকে, কিন্তু মোৰ তুলিকাই গান গাব নোৱাৰে।” (“Bhupen, you paint when you sing. Your music paints, but my brush can’t sing.”/  উৎস: The Times of India, ১৯ অক্টোবৰ ২০০২।) --মকবুল ফিদা হুচেইনে কৈছিল ভূপেন হাজৰিকাক।  এই কথাষাৰ ভূপেন হাজৰিকাৰ সংগীতৰ অসাধাৰণ ব্যাখ্যা। কথাষাৰত স্পষ্ট-- এজন চিত্ৰশিল্পীৰ আন এজন শিল্পীৰ প্ৰতি কৰা প্ৰশংসা, সংগীত আৰু চিত্ৰকলাৰ মাজত থকা এক গভীৰ সৃষ্টিশীল সম্পৰ্ক। হুচেইনৰ বাবে ভূপেন হাজৰিকাৰ গান শুনা মানে কেৱল সুৰ শুনা নহয়-- সুৰৰ মাজেৰে একোখন ছবি অনুভৱ কৰা। --এই মন্তব্যৰ পটভূমি মকবুল ফিদা হুচেইনৰ "গজগামিনী"। ২০০০ চনত মুক্তি পোৱা চিনেমা খনৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিছিল হুচেইনে। কিন্তু এই সিদ্ধান্ত হঠাতে লোৱা নাছিল। ১৯৯৯ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশিত পৃতীশ নন্দীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হুচেইনে নিজেই কৈছিল যে বহুতে তেওঁক ভূপেনক নল’বলৈ পৰামৰ্শ দিছিল— কাৰণ ভূপেন হাজৰিকাই তথাকথিত জনপ্ৰিয় চিনেমাৰ সংগীতৰ ভাষা নাজানে বুলি তেওঁলোকৰ ধাৰণা আছিল। কিন্তু হুচেইনৰ উত্তৰ আছিল, তেওঁ "ভূপেনক প্ৰায় চল্লিশ বছৰ ধৰি জানে ...

জুবিন | দক্ষিণ ভাৰতীয় চিনেমাত...

  তামিল, তেলুগু আৰু কানাড়া চিনেমাৰ গীততো জুবিনে কণ্ঠদান কৰিছিল। সংখ্যাৰ হিচাপত এই অধ্যায়টো হয়তো তেওঁৰ বিশাল সংগীত-ভঁৰালৰ তুলনাত সৰু, কিন্তু এজন অসমীয়া গায়কৰ কণ্ঠ কেনেদৰে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ সম্পূৰ্ণ পৃথক সংগীত-ভাষাৰ সৈতে মিলি গৈছিল, সেই দিশৰ পৰা ইয়াৰ গুৰুত্ব কিন্তু কম নহয়। এই যাত্ৰা আৰম্ভ হৈছিল--  ১৯৯৬ চনত মুক্তি পোৱা তেলুগু চিনেমা "নিন্নে পেল্লাডাট" -ৰে। ইয়াত জুবিনৰ কণ্ঠ নিয়মীয়া গীতত নহয়, পটভূমি সংগীত (Background Music) - ৰ  অংশ হিচাপে তালিকাভুক্ত হৈছে।  ১৯৯৮ চনৰ 'প্ৰেমতো" -তো ‘পোখি পোখি বিদেখি...’ নামেৰে তেওঁৰ কণ্ঠৰ এটা অংশ পোৱা যায়। জুবিনৰ ডিছক’গ্ৰাফীত এই দুয়োটাকে পৃথকভাৱে ‘স্ক’ৰ’ হিচাপে উল্লেখ কৰা হৈছে। সেয়ে তেওঁৰ দক্ষিণ ভাৰতীয় চিনে-যাত্ৰাৰ আৰম্ভণি হিচাপে এই দুটা সংযোগ গুৰুত্বপূৰ্ণ হ’লেও, নিয়মীয়া নেপথ্য গীতৰ অধ্যায়টো আৰম্ভ হৈছে অলপ পাছত। ২০০৪ চনত। তামিল চিনেমা ‘কুথু-ৰে। শ্ৰীকান্ত দেৱাৰ সংগীত পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ ‘আছানা আছানা...’ গীতটো জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে গাইছিল। গীতিকাৰ স্নেহন। সংগীত-তালিকাত গীতটোৰ দৈৰ্ঘ্য ৪ মিনিট ৫৮ ছেকেণ্ড আৰু গ...

মঞ্জু বৰাৰ চিনেমা/২

বিষয়: বিষকন্যাৰ দেশত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং। ভাৰত-চীন সীমান্তৰ ওচৰৰ পাহাৰ, বৰফ, নদী আৰু দুৰ্গম জনপদ। সেই পৰিৱেশতেই বাস কৰে পাংচেনপা জনগোষ্ঠীৰ মানুহ। বাহিৰৰ পৃথিৱীৰ পৰা বহু দূৰত থকা এই সমাজখনৰ নিজৰ বিশ্বাস আছে, নিজৰ ভয় আছে, নিজৰ সামাজিক নিয়ম আছে। সেই বিশ্বাসৰ মাজৰে এটা ভয়ংকৰ বিশ্বাস— কিছুমান নাৰী ‘দুমোহ’, অৰ্থাৎ বিষকন্যা; তেওঁলোকৰ নখত বিষ থাকে আৰু তেওঁলোকে পুৰুষক খাদ্য পৰিৱেশন কৰিলে সেই খাদ্য বিষাক্ত হৈ পুৰুষৰ মৃত্যু ঘটিব পাৰে। এই অন্ধবিশ্বাসক কেন্দ্ৰ কৰিয়েই মঞ্জু বৰাই নিৰ্মাণ কৰিছে পাংচেনপা ভাষাৰ  চিনেমা ‘বিষকন্যাৰ দেশত’। চিনেমা খনৰ আধাৰ  য়েছে দৰজে ঠংচিৰ একে নামৰ উপন্যাস। কাহিনী আৰম্ভ হয় সংগ্ৰা আৰু লুছাং নামৰ এহাল বৃদ্ধ দম্পতীক কেন্দ্ৰ কৰি। পাহাৰৰ এঢলীয়া ঠাইত   বাস কৰে। এসময়ত লুছাঙে প্ৰস্তুত কৰা স্থানীয় সুৰা সেৱন কৰাৰ পাছত তেওঁলোকৰ দুটা সন্তানসহ আন চাৰিজন মানুহৰ মৃত্যু হৈছিল। ঘটনাটোৰ পাছত-- সেই সমাজৰ মানুহে বিশ্বাস কৰিলে, লুছাং এগৰাকী ‘দুমোহ’; তাইৰ হাতৰ খাদ্য বা তাইৰ সংস্পৰ্শই মৃত্যুৰ কাৰণ। প্ৰমাণ নাছিল, কিন্তু বিশ্বাস আছিল। সেই বিশ্বাসেই এগৰাকী নাৰীৰ জীৱনৰ ৰ...