Tarali Sarma
|| এখন গ্ৰন্থৰ খচৰা /১ ||
মই সুধিছিলো -- " সত্ৰ সংগীত " এ ৰে নিৰ্মাণ হৈছিল তোমালোকৰ " সংগীত পৰিয়াল " | সংগীতৰ মাজত " তৰালি শৰ্মা " ৰ জন্ম | মোৰ এই ধাৰণা নিশ্চয় ভুল নহয় !
তৰালি শৰ্মাই ক'লে : দেউতাই কৈ থকা কাহিনীবোৰ শুনি অনুভৱ কৰিছিলো কিমান ষ্ট্রাগল কৰিব লগা হৈছিল দেউতাই। ভৰ বাৰিষাৰ পানী ভেদি ভেদি সংগীতৰ কাৰণেই ঘুৰি ফুৰা সেই কুমলীয়া বয়সৰ ল'ৰাজন, নাটক-গান কৰি ফুৰা সেই ল'ৰাজন, স্কুলৰ পিছত সংগীতৰ ক্লাছ কৰিবলৈ আগ্রহেৰে বাট চাই থকা ল'ৰাজন, হাতত বাঁহী আৰু বুকুত সুৰবোৰ কঢ়িয়াই ফুৰাৰ দৰেই কঢ়িয়াই ফুৰিছিল সত্রৰ সংগীত আৰু সংস্কৃতি। সুন্দৰীদিয়া সত্রৰ লগতে লাগি থকা আমাৰ দেউতাৰ ঘৰখন। গতিকে ব্রহ্মপুৱাৰ পৰা চৈধ্য প্রসংগৰ নাম, সত্রত অনুষ্ঠিত অনুষ্ঠান আৰু গীত-মাতবোৰে সমৃদ্ধ কৰি ৰাখিছিল ঘৰৰ প্রত্যেককে। চর্চা চলিছিল বৰগীত, পদ-ঘোষা লগতে লোক-সংগীত আৰু শাস্ত্রীয় সংগীতৰো। নাও খেলৰ গীত, থিয় নাম, হোলী গীতৰ লগতে দেউতাৰ বাঁহীৰ সুৰবোৰ সৰুৰে পৰাই শুনি আহিছিলো। আৰু এই পৰিৱেশতে মোৰ জন্ম। মনত থকাৰ পৰা, বুজা হোৱাৰ পৰা কেৱল গীত আৰু গীত, বাঁহীৰ সুৰ.... মুঠতে সংগীত মোৰ চাৰিওকাষে জন্ম হোৱাৰে পৰা। আতাই শিকোৱা সংস্কৃত শ্লোকৰ পৰা আৰম্ভ কৰি দেউতা আৰু খুড়াৰ ওচৰত বৰগীতৰ আদিপাঠ শিকাৰ মাজতে অতিবাহিত হৈছিল মোৰ শৈশৱ। তাতে আকৌ মায়ে গীত গাইছিল, ভায়লিনো বজাইছিল। আজিও শৈশৱলৈ ঘুৰি চালে মনত পৰে সুন্দৰীদিয়াৰ বিভিন্ন গীত-মাতেৰে সমৃদ্ধ গধূলিৰ আখৰাবোৰ.. কেতিয়াবা যদি আমাৰ তাত, কেতিয়াবা খুড়াৰ চোতালত..
খোলৰ বোলবোৰ, বৰগীতৰ ৰাগবোৰ, লোকসংগীতৰ কথাবোৰ, ভাৰতীয় শাস্ত্রীয় সংগীতৰ তুলনামূলক চর্চাবোৰ- এইবোৰৰ মাজতে সংগীতৰ ভেঁটিত নির্মাণ হৈছিল আমাৰ পৰিয়ালটো... তাৰ মাজতেই জীৱনটোক লাহে লাহে উপলব্ধি কৰিবলৈ শিকিছিলো মই।
by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন