এখন গ্ৰন্থৰ খচৰা /৪
-----------------------------
মোৰ প্ৰশ্ন : ময়ো গীত গাম -- এই ধাৰণা কেতিয়া মনলৈ আহিছিল -- মনত আছেনে?
তৰালি শৰ্মা : মনত সঠিককৈ নাই যদিও গীত ইমান ভাল পাবলৈ লৈছিলো। আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়-- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম।যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা, মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই। তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ মোৰ মন-মগজুত আছে। by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন