সরাসরি প্রধান সামগ্রীতে চলে যান

ভ্ৰাম্যমাণ থিয়েটাৰ /১

কোৱা হয়  বৰপেটাত ১৮৬০ - ৭০ ৰ সময় চোৱাত  তিথিৰাম বায়ন নামৰ এজন নৃত্য-বাদ্যত পাৰ্গত অভিনেতা এগৰিকীয়ে নাটক লৈ ঘুৰি ফুৰিছিল। অকলে নহয়, অসমীয়া কলা-কুশলীৰে গঠিত এটা দল লৈ। এই দলটোৱে অসম ভ্ৰমি ফুৰা অসমৰ প্ৰথম  যাত্ৰাদল। কথা প্ৰসঙ্গত ওষ্টাদ উদয় ভাগৱতীয়ে কৈছিল ( ওষ্টাদ ভাগৱতীৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক চন্দন ভাগৱতীয়ে । ১৯৯২ - ৯৩ চনৰ কোনো এটা দিনত। সেই সময়ত ভাগৱতী-মই কলেজৰ ছাত্ৰ । কাকত-আলোচনীত আমাৰ লেখা ছপা হয় । হেমন্তু বৰ্মন সম্পাদিত পষেকীয়া আলোচনী শ্ৰীময়ীত "সংস্কৃতিৰ টোকাবহী" নামেৰ শিতান লিখো। মাজে - মাজে যাত্ৰা দলৰ শিল্পীৰ, শিল্পীয়ে কোৱা কথা লিখো। "শ্ৰীময়ী"ত ওষ্টাদ ভাগৱতীয়ে কোৱা যাত্ৰাৰ কথাও লিখিছিলো।) -- "তিথিৰিম বয়নৰ বহু কথা শুনিছো। মই শুনামতে দুৰ্য্যোধনৰ "উৰু-ভংগ",  "ৰাম বনবাস" আৰু "ৰাধিকাৰ মান ভঞ্জন" নাটক তিনিখনেৰে প্ৰথম বছৰ যাত্ৰা কৰিছিল। সেই সময়ত অসমীয়া নাটক নাছিলেই। তথাপি অসমীয়া নাটক দুখন যোগাৰ কৰিছিল। "ৰাম বনবাস" আৰু "ৰাধিকাৰ মান ভঞ্জন" লিখিছিল গোবিন্দৰাম চোধুৰীয়ে । আন খন নাটক আছিল  বঙালী নাট্যকাৰৰ। এই যাত্ৰাদলটো প্ৰথম হয় নে নহয় নাজানো।"  -- ওষ্টাদ ভাগৱতীয়ে আমাক আৰু কিছু তথ্য দিছিল । সেই তথ্যৰ কথা  মনত ৰাখি কব পাৰি ১৮৭০-১৯৫০  চনৰ সময় ছোৱাত কমেও ৫০০ টা যাত্ৰা দলে অসমৰ বিভিন্ন স্থানত নাটক মঞ্চস্থ কৰিছিল। সৰহ সংখ্যক  যাত্ৰা দল আছিল কামৰূপ আৰু গোৱালপাৰা জিলাৰ। এই যাত্ৰা অভিনৰ উত্তৰন হৈছিল ১৯৩০ চনত, ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত । এনেদৰে ক'লে ভুল নহব -- এই বুনিয়াদতে পাঠশালাৰ সদানন্দ লহকৰে নটৰাজ অপেৰা গঠন কৰে, ১৯৫৯ চনত। আৰু  সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে "নটৰাজ অপেৰা"ক  ভ্ৰাম্যমাণ থিয়েটাৰলৈ ৰূপান্তৰ কৰে ।
১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনৰপৰা যাত্ৰা কৰে। প্ৰথম ৰাতি  মঞ্চস্থ কৰিছিল  ফণী শৰ্মাৰ "ভোগজৰা"। তেতিয়ালৈ "নটৰাজ"ক দৰ্শকে যাত্ৰা বুলিয়ে কৈছিল, চাইছিল। তেতিয়ালৈ "ভ্ৰাম্যমাণ থিয়েটাৰ' নাম দিয়া হোৱা নাছিল। অৱশ্যে সেই প্ৰথম নাট্যবৰ্ষতে  সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই "গুৱাহাটীৰ টাউন ক্লাব"ৰ সাহায্যাৰ্থ নটৰাজ থিয়েটাৰক আমন্ত্ৰন কৰিছিল। বাতৰি কাকতত  দিয়া বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল এই কেইটা শব্দ -- "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ"। আৰু  তেতিয়াৰেপৰা  এই অনুষ্ঠানটোক 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি কোৱা হয়। -- প্ৰথম নাট্যবৰ্ষত "নটৰাজ"ৰ নাটক আছিল -- উত্তম বৰুৱাৰ "জেৰেঙাৰ সতী", ফণী শৰ্মাৰ "ভোগজৰা", অতুল চন্দ্ৰ হাজৰিকাৰ "টিকেন্দ্ৰজিৎ" আৰু বাংলাৰ পৰা অনুবাদ কৰা নাটক "হায়দৰ আলি",চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত। গজেন বৰুৱা, আদ্য শৰ্মা আৰু ত্ৰৈলোক্য দত্তই ৰূপাঙ্কন কৰিছিল। সংগীত আছিল প্ৰভাত শৰ্মাৰ। আলোক পৰিচালনা আছিল অচ্যুত লহকৰে। কথা প্ৰসঙ্গত প্ৰভাত শৰ্মাই কৈছিল  -- "দৰাছলতে আমি আছিলো সৈনিক । অচ্যুত লহকৰ গুণী-জ্ঞানী মানুহ আছিল। নাটক-সংগীত জানিছিল । সংগীত , নাটক , লাইটৰ কাম কৰিছিল। নৃট্য - নাটিকা কম সময়তে লিখি দিছিল। নাটকৰ সংগীতৰ কাম চন্দ্ৰ চৌধুৰীৰ সৈতে কৰিছিলো। আমি দল হৈ কাম কৰিছিলো।" --অভিনয় কৰিছিল চন্দ্ৰ চৌধুৰী, জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, ভোলা কটকী, নেত্ৰকমল বৰঠাকুৰ, জীতেন পাল, বনিতা বৰঠাকুৰ, মঞ্জিল বৰদলৈ, ধৰণী বৰ্মন, বলদেৱ শইকীয়া, সদা লহকৰ, ৰুদ্ৰ চৌধুৰী, হৰেণ ডেকা, স্বৰ্ণলতা বৰা, অক্ষয় পাটগিৰী, কৃষ্ণ বৰুৱা, নগেন শৰ্মা, প্ৰাণেশ্বৰ কাকতি, কৃষ্ণ ৰয়, খগেন বৰ্মন, মুকুল দাস, উদয় দাস আদিয়ে । নৃত্যত খগেন (নাউ) বৰ্মন, স্বৰ্ণ বৰা, জয়হৰি দাস, উদয় দাস, মুকুল দাস, বীণা বৰঠাকুৰ, পৱিত্ৰী কাকতি আৰু ভূপেন দাস। প্ৰভাত শৰ্মাই কোৱা মতে , বিভিন্ন বাদ্য বজাইছিল গোপী দাস, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, জয়হৰি দাস, ৰাজকৃষ্ণ বাঢ়ৈ, ৰজনী দাস, উদয় দাস, কান্তেশ্বৰ দাস, উপেন্দ্ৰ বৰ্মন আৰু চন্দ্ৰ চৌধুৰীয়ে আৰূ গীত  গাইছিল ৰাজকৃষ্ণ বাঢ়ৈ ৰাজকৃষ্ণ বাঢ়ৈয়ে।
            সেই সময়ত  মঞ্চ আজিৰ দৰে নাছিল। এখন আছিল। ছেট দুখন চকা লগোৱা মঞ্চত সজোৱা হৈছিল। দুখন মঞ্চৰ তলত চকা লগোৱা  মঞ্চত । এখন মঞ্চত অভিনয় চলি থাকোঁতে আনখন মঞ্চত ছেট সজাই সাজু কৰি ৰখা হৈছিল। "ড্ৰপ-চিন পৰাৰ লগে লগে অভিনয় চলি থকা মঞ্চখনঠেলি আঁতৰাই ছেট সাজু কৰি ৰখা মঞ্চখন ড্ৰপচিনৰ আঁৰত ৰখা হৈছিল। প্ৰথম অৱ্স্থাত টায়াৰৰ চকা ব্যৱ্হাৰ কৰা হৈছিল। সমস্যা হৈছিল। সেয়েহে  পাছলৈ লোৰে নিৰ্মিত বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হৈছিল।" -- কৈছিল প্ৰযোজক অচ্যুত লহকৰে।
নটৰাজ  থিয়েটাৰৰ এগৰাকী অভিনেতা ধৰণী বৰ্মন। ১৯৬০ চনত অভিনেতা গৰাকীয়ে  চামতাত  ‘সুৰদেৱী নাট্য সংঘ’ নামৰ ভ্রাম্যমাণ দল এটাৰ গঠন কৰে। নাট্যদলটোই মঞ্চস্থ কৰে ' সোণৰ ভাৰত ' , ' বনবীৰ' , ' হৰিশ্চন্দ্র '  আদি নাটক। ১৯৬৫ চনত সুৰদেৱী নাট্য সংঘৰ নাম সলনি কৰি সুৰদেৱী থিয়েটাৰলৈ ৰূপান্তৰিত কৰে৷ সেই সময়ত কলাগুৰু বিষ্ণু প্রসাদ ৰাভাই ধৰণী বর্মনক নাটক - নৃত্য পৰিচালনাত সহায় কৰিছিল। সময়ত সুৰদেৱী থিয়েটাৰত মঞ্চস্থ হৈছিল ' সম্রাট অশোক ','  চম্বলৰ অভিশাপ ', ' ৰজা হৰিশ্চন্দ্র '  আদি। তেতিয়ালৈকে যাত্ৰাত খোলা মঞ্চৰহে ব্যৱস্থা আছিল। মাজত মঞ্চ। চাৰিও ফালে   দৰ্শক । সুৰদেৱী থিয়েটাৰে এই ব্যৱস্থাৰ সলনি কৰি তিনিফাল খোলা আৰু পিছফাল বন্ধ মঞ্চৰ ব্যৱস্থা কৰিছিল। ১৯৭০-৭১ চনত আৰু  পৰিবৰ্তন হয় । ধৰণী বৰ্মনে  'থ্ৰি ডাইমেনছন ষ্টেজ' (Three dimension stage) পদ্ধতি আৰম্ভ কৰে কৰে কলা নিৰ্দেশক গোবিন্দ চৌধুৰীৰ সহায়ত। -- এই খিনিতে উল্লেখ কৰিব  পাৰি "সুৰদেৱী পৰিয়াল"ৰ পৰা ১৯৭৬ চনত সুৰদেৱী শিল্পী তীর্থ নাট্যদল, ১৯৭৮ চনত বর্মনৰ সহধর্মিণী অৱলা বর্মনে প্রথম মহিলা থিয়েটাৰ মুন থিয়েটাৰ , ১৯৮০ চনত জ্যেষ্ঠ পুত্র হিৰণ্য বর্মনে বিষ্ণুজ্যোতি থিয়েটাৰ , ১৯৮২ চনত কনিষ্ঠ পুত্র ৰবীন্দ্র দেৱবর্মনে ৰংঘৰ থিয়েটাৰ  গঠন কৰিছিল ।( ' ইস্তাহাৰ ' /১৯৮৪) by: Utpal Mena
                        

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...