cinemaপ্ৰাঞ্জল শইকীয়া । আমি প্ৰথম প্ৰথম দেখিছিলো ৰোমাণ্টিক ইমেজত । চিনেমা-- 'আজলী নবৌ ' ( ১৯ ৮০ ) । পৰিচালক : নিপ বৰুৱা । পাৰিবাৰিক চিনেমা খনত প্ৰাঞ্জল - বেবি ( পূৰবি শৰ্মা ) ক লৈ ৰচনা কৰা প্ৰেমৰ গল্পটো চৰ্চাৰ বিষয় হৈছিল । আন এখন অসমীয়া চিনেমা ' ককাদেউতা নাতি আৰু হাতী ' (১৯৮৪) । নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই পাৰিবাৰিক চিনেমা খনতো ' প্ৰেমৰ গল্প ' এটা আছে । ৰচনা কৰিছে মৃদুলা বৰুৱা - প্ৰাঞ্জল শইকীয়াক লৈ । আমাৰ ধাৰণাত এই চিনেমা দুখনেৰে নিৰ্মাণ হৈছিল ' নায়ক ' গৰাকীৰ ৰূপালী ৰোমাণ্টিক ইমেজ । কিন্তু এই ইমেজৰ পৰা মুক্ত হয় , কম সময়ৰ ভিতৰতে । আৰু উত্তৰণ হয় অভিনেতালৈ । অৱশ্যে কেইবা গৰাকীয়ো পৰিচালকে অভিনেতা গৰাকীৰ ৰোমাণ্টিক ইমেজ ব্যৱহাৰ কৰিয়ে থাকিল ' যৌৱনে আমনি কৰে ' ( ১৯৯৮) লৈকে । -- শিব প্ৰসাদ ঠাকুৰৰ প্ৰথম পৰিচালনা ' ফাগুনী ' (১৯৭৮) ৰে অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত খোজ পেলেৱা প্ৰাঞ্জল শইকীয়াৰ অভিনয় ক্ষমতা প্ৰথমবাৰ ৰূপালী পৰ্দাত স্পষ্ট হৈছিল মুনিন বৰুৱাৰ ' পিতা পুত্ৰ 'ত (১৯৮৮ ) । আৰু অভিনয় ক্ষমতা ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল মুনিন বৰুৱাৰে ' প্ৰিয়াৰ প্ৰিয় ' ত (২০১৭) । ইয়াৰ মাজতে দক্ষ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে ' ৰাগ বিৰাগ 'ত (১৯৯৬ ) অভিনেতা গৰাকীক লৈ পৰিপাটি চৰিত্ৰ এটা ৰচনা কৰিছিল । -- এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব প্ৰাঞ্জল শইকীয়াৰ চিনেমাৰ অভিনয় আৰু প্ৰাঞ্জল শইকীয়াৰ মঞ্চাভিনয়ৰ মজত দূৰত্ব অতি কম ।
|| প্ৰাঞ্জল শইকীয়াৰ ||
জন্ম
১৬ জানুৱাৰী ,১৯৫২ ( যোৰহাট )
পেচা
অভিনেতা, প্ৰযোজক, পৰিচালক
|| অভিনীত অসমীয়া চিনেমা ||
ফাগুনী , উপপথ , আজলী নবৌ , প্ৰিয়জন , সোণ মইনা , এই দেশ মোৰ দেশ , প্ৰতিমা , মন মন্দিৰ , প্ৰতিদান , পিতা-পুত্ৰ , একত্ৰিশ জুন , ময়ূৰী , ভাই-ভাই ,পাহাৰী কন্যা , প্ৰভাতী পখীৰ গান , উৰ্বশী .
পানী ,বিধাতা ,ৰাগ-বিৰাগ .হিয়া দিয়া নিয়া , অনল ,দাগ ,নায়ক ,বাৰুদ , আকাশী তৰাৰ কথাৰে ,অন্য এক যাত্ৰা , চক্ৰব্যূহ , হালধীয়া চৰায়ে বাওধান , খায় যৌৱনে আমনি কৰে , জয়মতী , প্ৰিয়াৰ প্ৰিয় , অজানিতে মনে মনে ,
কালসন্ধ্যা ( হিন্দী )
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন