বুধবার, ৯ জুন, ২০২১
প্ৰাঞ্জল শইকীয়া
cinemaপ্ৰাঞ্জল শইকীয়া । আমি প্ৰথম প্ৰথম দেখিছিলো ৰোমাণ্টিক ইমেজত । চিনেমা-- 'আজলী নবৌ ' ( ১৯ ৮০ ) । পৰিচালক : নিপ বৰুৱা । পাৰিবাৰিক চিনেমা খনত প্ৰাঞ্জল - বেবি ( পূৰবি শৰ্মা ) ক লৈ ৰচনা কৰা প্ৰেমৰ গল্পটো চৰ্চাৰ বিষয় হৈছিল । আন এখন অসমীয়া চিনেমা ' ককাদেউতা নাতি আৰু হাতী ' (১৯৮৪) । নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই পাৰিবাৰিক চিনেমা খনতো ' প্ৰেমৰ গল্প ' এটা আছে । ৰচনা কৰিছে মৃদুলা বৰুৱা - প্ৰাঞ্জল শইকীয়াক লৈ । আমাৰ ধাৰণাত এই চিনেমা দুখনেৰে নিৰ্মাণ হৈছিল ' নায়ক ' গৰাকীৰ ৰূপালী ৰোমাণ্টিক ইমেজ । কিন্তু এই ইমেজৰ পৰা মুক্ত হয় , কম সময়ৰ ভিতৰতে । আৰু উত্তৰণ হয় অভিনেতালৈ । অৱশ্যে কেইবা গৰাকীয়ো পৰিচালকে অভিনেতা গৰাকীৰ ৰোমাণ্টিক ইমেজ ব্যৱহাৰ কৰিয়ে থাকিল ' যৌৱনে আমনি কৰে ' ( ১৯৯৮) লৈকে । -- শিব প্ৰসাদ ঠাকুৰৰ প্ৰথম পৰিচালনা ' ফাগুনী ' (১৯৭৮) ৰে অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনত খোজ পেলেৱা প্ৰাঞ্জল শইকীয়াৰ অভিনয় ক্ষমতা প্ৰথমবাৰ ৰূপালী পৰ্দাত স্পষ্ট হৈছিল মুনিন বৰুৱাৰ ' পিতা পুত্ৰ 'ত (১৯৮৮ ) । আৰু অভিনয় ক্ষমতা ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল মুনিন বৰুৱাৰে ' প্ৰিয়াৰ প্ৰিয় ' ত (২০১৭) । ইয়াৰ মাজতে দক্ষ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে ' ৰাগ বিৰাগ 'ত (১৯৯৬ ) অভিনেতা গৰাকীক লৈ পৰিপাটি চৰিত্ৰ এটা ৰচনা কৰিছিল । -- এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব প্ৰাঞ্জল শইকীয়াৰ চিনেমাৰ অভিনয় আৰু প্ৰাঞ্জল শইকীয়াৰ মঞ্চাভিনয়ৰ মজত দূৰত্ব অতি কম ।
|| প্ৰাঞ্জল শইকীয়াৰ ||
জন্ম
১৬ জানুৱাৰী ,১৯৫২ ( যোৰহাট )
পেচা
অভিনেতা, প্ৰযোজক, পৰিচালক
|| অভিনীত অসমীয়া চিনেমা ||
ফাগুনী , উপপথ , আজলী নবৌ , প্ৰিয়জন , সোণ মইনা , এই দেশ মোৰ দেশ , প্ৰতিমা , মন মন্দিৰ , প্ৰতিদান , পিতা-পুত্ৰ , একত্ৰিশ জুন , ময়ূৰী , ভাই-ভাই ,পাহাৰী কন্যা , প্ৰভাতী পখীৰ গান , উৰ্বশী .
পানী ,বিধাতা ,ৰাগ-বিৰাগ .হিয়া দিয়া নিয়া , অনল ,দাগ ,নায়ক ,বাৰুদ , আকাশী তৰাৰ কথাৰে ,অন্য এক যাত্ৰা , চক্ৰব্যূহ , হালধীয়া চৰায়ে বাওধান , খায় যৌৱনে আমনি কৰে , জয়মতী , প্ৰিয়াৰ প্ৰিয় , অজানিতে মনে মনে ,
কালসন্ধ্যা ( হিন্দী )
এতে সদস্যতা:
মন্তব্যগুলি পোস্ট করুন (Atom)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন