পথেৰ পাঁচালীপথেৰ পাঁচালী১৯৫৬ চন । কাঁ চলচ্চিত্ৰ মহোৎসৱত সন্মানিত হৈছিল ' পথেৰ পাঁচালী '। সত্যজিৎ ৰায়ৰ এই চিনেমেটিক কলাই কেৱল বাংলা চিনেমাৰে নহয়, ভাৰতীয় চিনেমাৰো দুৱাৰ মুকলি কৰিছিল 'চিনেমা বিশ্ব ' যাত্ৰাৰ। 'পথেৰ পাঁচালী' (২৬ আগষ্ট, ১৯৫৫ ত চিত্ৰগৃহলৈ আহিছিল) বিশ্বৰ চিত্ৰৰসিকে চোৱাৰ সুযোগ পোৱাৰ আগৰ সময় চোৱাত ভাৰতীয় চিনেমা মানেই ধাৰনা আছিল ' canned theatre'। চিনেমাত চিনেমেটিক সৌন্দৰ্যৰ সন্ধান কৰা দৰ্শকে ভাৰতীয় চিনেকৰ্মত ' ফিল্ম শিল্প ' দেখা নাছিল। অনুভৱৰ অৱকাশ পোৱা নাছিল।
কাৰণ ?
চিনে পণ্ডিতৰ চিনেচৰ্চাত স্পষ্ট -- সাহিত্যধৰ্মী সংলাপ - মঞ্চাঅভিনয়ৰে আক্ৰান্ত আছিল। প্ৰমথেশ বৰুৱা , ভি শান্তৰাম আদিৰ চিনেকৰ্মত 'গল্প ' আছিল গতি নাছিল । বিশেষকৈ অভিনয়ত অপেৰাৰ প্ৰভাৱ স্পষ্ট আছিল । এই প্ৰসংগত 'আজছা চিত্ৰপট'ত অজয় মাহ্ত্ৰেয়ে লিখিছে , 'নাটকৰ ওচৰৰ , মঞ্চাভিনয়ৰ দূৰৰ নহয় বছৰি নিৰ্মান হোৱা ৮০ - ৯০ শতাংশ ভাৰতীয় চিনেমা। কব পাৰি সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে চলমান ছবি বা কথাছবি পৰ্যায়ৰ। আজিৰ তাৰিখতো (গ্ৰন্থ খন প্ৰকাশ পাইছিল ১৯৮৪ চনত) ভাৰতত কথাছবি নিৰ্মাণ হয় বেছি , চিনেমা কম। একাংশ পৰিচালকৰ গীত -নৃত্য ব্যৱহাৰ নকৰা কথাছবিক আৰ্ট ফিল্ম নাম দিয়া হয় । এই ধাৰাটোত কিছু উন্নত কাম কৰে হিমাংশু ৰায় , বিমল ৰয় , চেতন আনন্দ আদিয়ে । এই ধাৰাটো কথাছবিৰ পৰা চিনেমালৈ উত্তৰণ হয় ' পথেৰ পাঁচালী ' নামেৰে। 'পথেৰ পাঁচালী'ৰ সফলতাৰে ' ভাৰতীয় চিনেমা ' মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । সেই চিনেশক্তিৰ নাম -- ' কলিকতা ফিল্ম ছোচাইটি '। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । ' নিৰ্মল চিনেচিন্তা ' ৰ সূত্ৰ ভিন্ন জনৰ চিন্তাত ভিন্ন হোৱা বাবে চিনে সংস্থাটো ১৯৫২ চনত বন্ধ হয় । ১৯৫৬ চনত চিনে সংস্থাটোৰ চিনেচৰ্চাই গতি লয় । সমৰেশ বসুৰ ' নন্দন 'ত প্ৰকাশ পোৱা বাংলা চিনেমা কেন্দ্ৰীক লেখাত পঢ়িছো -- " নিৰ্মল বা বিশুদ্ব চিনেমাৰ তিনটা বিন্দু স্পষ্ট হৈছিল কলিকতা ফিল্ম ছোচাইটিৰ মজিয়াত । ১৯৫৬ চনত সেই বিন্দু তিনিটাক এটা বিন্দুলৈ ৰূপান্তৰ কৰিছিল সত্যজিৎ ৰায়ে , ' পথেৰ পাঁচালী 'ৰে । চিনেমা চিন্তা ভিন্ন আছিল । আৰু ভিন্ন সেই চিনেমা চিন্তা দেখিছিল নতুন পৰিচালক ৰায়ৰ চিনেমা খনত । কথাটো এনেধৰণৰ নেকি , সেই সময়লৈ বিশুদ্ধ ভাৰতীয় চিনেমা নিৰ্মাণ হোৱা নাছিল ! ...
'আছিল নে নাছিল ? চৰ্চা আৰম্ভ হৈছিল । আৰু চৰ্চা চলি থকা সময়তে ' পথেৰ পাঁচিলী ' ৰে চিনেমা বিশ্বত যাত্ৰা আৰম্ভ কৰিছিল ভাৰতীয় চিনেমাই ।
১৯৫২ চনত ভাৰতত প্ৰথমবাৰ আৰম্ভ হৈছিল আন্তুৰ্জাতিক চলচ্চিত্ৰ উৎসৱ।' সেই চিনেমা উৎসৱত বিশ্বৰ চিত্ৰৰসিকৰ ওচৰত লাজ পাইছিল ভাৰতৰ চিত্ৰৰসিকে । ৪০ খন চিনেমা প্ৰদৰ্শন কৰিছিল । দুখীয়া আছিল ভাৰতীয় চিনেমা , পৰিচালকৰ চিন্তা।' ( সমৰশ বসু )
--পৰবৰ্তী বৰ্ষত ভবিছিল বিমল ৰায়ৰ ' দো বিঘা জমিন ' চিনেমা খনে বিশ্বৰ চিত্ৰৰসিকক সন্তুষ্ট কৰিব । কিন্তু আলোচক সকলে ক'লে -- 'বাইচাইকেল থীফ'ৰ প্ৰভাৱ স্পষ্ট।
১৯৫৬ চনত ভাৰতলৈ আহিছিল বৃটিছ সমালোচক মেৰী চিতন । চিনেমা চৰ্চাৰ কেইবাটাও অনুষ্ঠানত চিনেমাৰ কথা কৈছিল । প্ৰসঙ্গক্ৰমে কৈছিল --'সত্যজিৎ ৰায়ে মৌলিক চিন্তাৰে নতুন বাট দেখুৱাইছে । আৰু ভাৰতীয় আলোচক সকলে 'পথেৰ পাঁচালী' বিষয়ত সঠিক সিদ্বান্ত লৈছে। 'পথেৰ পাঁচালী'ক ভেটি হিচাবে লৈ কাম কৰিলে ভাৰতীয় চিনেমাই শীৰ্ষ স্থান দখল কৰিব পাৰিব। (উৎস : Cinema India - The Visual Culture of Film )
'পথেৰ পাঁচালী ' কেন্দ্ৰীক সুস্থ চিনেমা চৰ্চা সম্ভৱ হৈছিল ' কলিকতা ফিল্ম ছোচিইটিৰ ' পৰিবেশ নিৰ্মাণ আৰু নিয়ন্ত্ৰনৰ বাবে । কোনো পক্ষই সাধাৰণ মানৰ চিনে কৰ্মক অসাধৰণ কৰাৰ কচৰৎ আৰম্ভ কৰিলেই ' কলিকতা ফিল্ম ছোচাইটিয়ে ' প্ৰতিবাদ কৰিছিল । প্ৰতিবাদ কৰি যথাস্থানত লিখিছিল । সেই সময়ত বহুতে এনে ধৰনেও চৰ্চা কৰিবলৈ চেষ্টা কৰিছিল -- এয়া দৰাচলতে ফিল্ম ছোচাইটিৰ নামত সত্যজিৎ ৰায়ৰ প্ৰতিবাদ ! আৰু এনে ধাৰণাৰ বাবে কলকতাৰ একাংশ চিনেমা সমালোচকে ' পথেৰ পাঁচালী ' ক প্ৰথম পৰ্যায়ত স্বীকৃতি দিব খোজা নছিল কলকাতা , মুম্বাইৰ একাংশ চিনেমা আলোচকে । স্বীকৃতি দিবলৈ অৱশ্যে বাধ্য হৈছিল বিদেশৰ চিত্ৰৰসিক , সমালোচকে অসাধৰণ মৌলিক চিনেশিল্প হিচাবে প্ৰশংসা কৰাৰ পিছত ।
-- এতিয়া আহিছো অসমীয়া চিনেমাৰ প্ৰসংগলৈ । শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ' বঁটা ' কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ' বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ' ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ ' পৰিচালক - প্ৰযোজকৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ' সংবাদ ' নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগীতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ ।
-- হয় , দেশ - বিদেশৰ ১৮ - ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে [ International Federation of Film Producers Associations' ( Fédération Internationale des Associations de Producteurs de Films / FIAPF) -- আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহৰ সক্ৰিয় পৰ্যবেক্ষক গঠন হৈছিল ১৯৩৩ চনত। ৩০ খন চিনেমা নিৰ্মাণকাৰী দেশৰ ৩৬ টা সংস্থাৰ উপস্থিতিত। ৩৬ টাৰ ভিতৰত ভাৰতৰো সদস্য সংস্থা আছে -- NFDC ( National Film Development Corporation Of India) আৰু FFI (Film Federation Of India)। আৰু অন্য সদস্য -- Asociación General de Productores Cinematográficos (Argentina), Instituto Nacional de Cine y Artes Audiovisuales (Argentina), Screen Producers Australia (Australia), Fachverband der Audiovisions und Filmindustrie (Austria), Vlaamse Onafhankelijke Film & Televisie Producenten v.z.w. (V.O.F.T.P.) (Belgium), Canadian Media Producers Association (Canada), China Film Producers' Association (China), Croatian Producers Association (HRUP) (Croatia)
Audiovisual Producers' Association (Czech Republic), Danish Film and TV Producers (Denmark), Egyptian Chamber of Cinema Industry (Egypt), Estonian National Producers Union (ERPÃ) (Estonia), Audiovisual Producers Finland Finland)
German Producers Alliance – Film & Television (Germany), Verband Deutscher Filmproduzenten (Germany), Magyar Audiovizualis Producerek Szovetsege – MAPSZ (Hungary), Association of Icelandic Films Producers (Iceland), The Iranian Alliance of Motion Picture Guilds – Khaneh Cinema (Iran), Motion Picture Producers Association of Japan (Japan), Film Producers Association of Latvia (Latvia)
Netherlands Association of Feature Film Producers (Netherlands), Association of Nollywood Core Producers – ANCOP (Nigeria), Norske Film and TV Produsenters Forening (Norway), Film Producers Guild of Russia (Russia), Slovak Audiovisual Producers Association (SAPA) (Slovakia)
Federación de Asociaciones de Productores Audiovisuales de España (Spain), Swedish Filmproducers' Associations (Sweden)
Association Suisse des Producteurs de Films (Switzerland), Film Yapimcilari Meslek Birligi – Fiyab (Turkey), Sinema Eseri Yapimcilari Meslek Birligi – Se-Yap (Turkey), Tesiyap Televizyon ve Sinema Film Yapimcilari Meslek Birligi (Turkey)
Film Industry Association of Ukraine (Ukraine), Independent Film and Television Alliance (United States), Motion Picture Association of America (United States). সন্দেহ নৰখাকৈ কব পাৰি -- FIAPF ৰিপ'ৰ্ট পঢ়িলেই স্পষ্ট হব পাৰি, বুজিব পাৰি বিভিন্ন দেশৰ চলচ্চিত্ৰ মহোৎসৱৰ মান। FIAPF ই স্বীকৃতি দিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ মহোৎসৱৰ সংখ্যা প্ৰায় ৫০। ইয়াৰে প্ৰথম শ্ৰেণীৰ বুলি কব পাৰি ১৮ - ২০ খনকহে। আজিৰ তাৰিখত কান (কাঁ) চলচ্চিত্র মহোৎসৱ, ভেনিস চলচ্চিত্র মহোৎসৱ, বার্লিন চলচ্চিত্র মহোৎসৱ আদি ৪-৫ টাকহে কোৱা হয় বিশ্বৰ প্রাচীন আৰু প্রভাবশালী চলচ্চিত্র মহোৎসৱ (... most influential and prestigious festivals.) বুলি।
আজিৰ তাৰিখত ভাৰতত চলচ্চিত্ৰ 'মহোৎসৱ'ৰ সংখ্যা কম নহয়। ১০০ খনৰ কম নহব। কিন্তু InternatIional Film Festival Of India' (প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা),International Film Festival of Kerala (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা), Mumbai Film Festival (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা),Kolkata International Film Festival (বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা)ৰ বাহিৰে আন কেইখনৰ গুৰুত্ব FIAPF তালিকাত নাই। -- এতিয়া আমাৰ মনলৈ প্ৰশ্লটো হ'ল : এই চলচ্চিত্ৰ মহোৎসৱ কেইখন অসমীয়া চিনেমাই গুৰুত্ব পাইছে? ], যি কেইখনত প্ৰদৰ্শন হ'লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম নোচোৱাকৈয়ে কব পাৰি । দেশ - বিদশৰ এই ১৮ - ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন? -- দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? -- এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ' জয় ' কৰা চিনেমা কেইখনৰ মান । "জয় ' কৰা চলচ্চিত্ৰ মহোৎসৱ কেইখনৰ মান । এনে ' জয় 'ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰক্ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! -- যদি অসমতো ' কলিকতা ফিল্ম ছোচাইটি 'ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !
কথাটো এনে ধৰনৰ নহয় -- আজিৰ তাৰিখত অসমত চিনেশক্তি থকা পৰিচালক নাই । -- আছে , ৰীমা দাস , জয়ছেং জয় দহোতীয়া , অনুপম কৌশিক বৰা , ভাস্কৰ হজৰিকাৰ দৰে নিৰৱে চিনেকৰ্ম কৰা চিনেকৰ্মীয়ো আছে । নতুন চিন্তাৰে সাৰ্থক চিনেকৰ্ম কৰি দৰ্শকৰ মন - মগজু ছুই যোৱা পৰিচালক । কিন্তু প্ৰচাৰ পৰ্বৰ বাবে আঁৰতে থাকি যায় । -- কিছু দিন পূৰ্বে এখন অসমীয়া চিনেমাৰ বঁটা কেন্দ্ৰীক চৰ্চা কৰিছিলো । কথা প্ৰসঙ্গত পৰিচিলক - অভিনেতা যদুমণি দত্তই ক'লে -- " সেই বঁটাটো প্ৰতিমাহে দিয়ে ।সেই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ খন প্ৰতিমাহে হয় । অনলাইন চলচ্চিত্ৰ মহোৎসৱ । " এনে মহোৎসৱ 'জয় ' কৰিও অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা ।
******************
|| FIAPF ৰ আন ৪০ টা মহোৎসৱ হৈছে ||
◆ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা :
1. Mocow International Film Festival
2. Shanghai International Film Festival
3. Karlovy Vary International Film Festival
4. Locarno International Film Festival
5. Montreal World Film Festival
6. San Sebastian International Film Festival
7. Warsaw International Film Festival
8. Tokyo International Film Festival
9. Mar Del Plata Film Festival
10. Tallinn Black Night Film Festival
11.Cairo International Film Festival
|| বিশেষ প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা ||
12. Antalya (Turkey) : International Antalya Golden Orange Film Festival (Asian, central Asian and European films).
13. Astana (Kazakhstan) : Eurasia International Film Festival (Asian, central Asian and European films).
14. Brussels (Belgium) : Brussels International Fantastic Film Festival (fantasy and science fiction films).
15. Busan (South Korea) : Busan International Film Festival (formerly Pusan International Film Festival) (first feature Asian films).
16. Cartagena (Colombia) : Cartagena Film Festival (iberic and Latin-American films).
17. Courmayeur (Italy) : Courmayeur Noir Film Festival (crime films).
18. Gijón (Spain) : Gijón International Film Festival (impact of music on films).
19. Istanbul (Turkey) : Istanbul International Film Festival (art-oriented films: literature, theatre, music, dance, and fine arts).
20. Jeonju (South Korea) : Jeonju International Film Festival (first feature films).
21. Kitzbühel (Austria) : Kitzbühel Film Festival (Young director's films).
22. Kyiv (Ukraine) : Kyiv International Film Festival "Molodist" (first feature films).
23. Minsk (Belarus) : Minsk International Film Festival (films produced in Baltic and Central-Asian countries, Central and Eastern Europe and Russia).
24. Namur (Belgium) : Festival International du Film Francophone de Namur (francophone films).
25. Sarajevo (Bosnia and Herzegovina) : Sarajevo Film Festival (central and south-eastern European films).
26. Sitges (Spain) : Sitges Film Festival (fantasy and horror films).
27. Sofia (Bulgaria) : Sofia International Film Festival (first and second feature films).
28. Stockholm (Sweden) : Stockholm International Film Festival (avant-garde).
29. Sydney (Australia) : Sydney Film Festival (avant-garde directing).
30. Torino (Italy) : Torino Film Festival (first feature films).
31.Transilvania/Cluj (Romania) : Transilvania International Film Festival (first and second feature films).
32. Valencia (Spain) : Cine Jove Valencia International Film Festival (first feature films).
|| অ-প্ৰতিযোগিতামূলক চলচ্চিত্ৰ মহোৎসৱ শাখা ||
33. Rome (Italy) : Rome Film Festival ।
34. Toronto (Canada) : Toronto International Film Festival ।
35. Vienna (Austria) : Vienna International Film Festival (Viennale) ।
|| তথ্যচিত্ৰ তথা চুটি ছবি মহোৎসৱ শাখা ||
36. Bilbao (Spain) : Bilbao International Festival of Documentary and Short Films ।
37. Kraków (Poland) : Kraków Film Festival ।
38. Oberhausen (Germany) : International Short Film Festival Oberhausen ।
39. St. Petersburg (Russia) : Message to Man International Film Festival ।
40. Tampere (Finland) : Tampere Film Festival ।
(গুৱাহাটী, ২০জুন, ২০২১ rupaliparda.com)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন