সরাসরি প্রধান সামগ্রীতে চলে যান

বলিউড যাত্ৰা /১ Bollywood journey / 1

ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক || by : Utpal Mena
 মুম্বাই , ২০০০। সদায় বহা তাজ হোটেলৰ সন্মুখৰ ' প্ৰিয় ঠাই 'ত সময় খৰচ কৰি আছিলো। সদায় বহাৰ দৰে সাগৰলৈ মুখ কৰি বহিছিলো।
" মই মুম্বাই এৰিম " -- মই কৈছিলো।
মোৰ কথাই হয়তো আৰছদ ৰিয়াজক ছুইছিল! বহু সময় একো কোৱা নাছিল।
 " ৭ বছৰৰ বন্ধুত্ব ইমানতে ইতি ! স্বাভাবিক কথা । হেমচন্দ্ৰ দলেও কেইটা মান বছৰহে আছিল। এটা কথা বুজিলো -- তহতে অসম এৰিব নোৱাৰ।বাৰু সেইবোৰ এতিয়া বাদ।ব'ল , আমি সুৰেশ অ'বেৰয়ৰ ঘৰলৈ যাম। জন্মদিন আজি । " 
-- ১৭ ডিচেম্বৰ , ১৯৪৬ চনত জন্ম হৈছিল বলিউদৰ অভিনেতা সুৰেশ অ'বেৰয়ৰ । ২০০০ চনৰ সেই বিশেষ দিনটোত অভিনেতা গৰাকীয়ে বিশেষ উদ্দেশ্য মনত ৰাখি সাংবাদিকক নিমন্ত্ৰন কৰিছিল। উদ্দেশ্য -- দুই সন্তানক চিনাকি কৰি দিয়া আৰু এক সন্তানক প্ৰচাৰ দিয়া" 
-- দুই সন্তান বিবেকানন্দ অ'বেৰয় আৰু মেঘনা অ'বেৰয়ক চিনাকি কৰি দি সুৰেশ অ'বেৰয়ে কৈছিল, " বিবেকে সিদ্ধান্ত লৈছে মোৰ বাটেৰে আগবাঢ়িব।আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন...।" আৰু জনাইছিল "ছুপাৰ ফিল্মমেকা"ৰ মণি ৰত্নমে বিবেকানন্দ , মানে বিবেকক পচন্দ কৰিছে । 
-- এই যে মণি ৰত্নমে পছন্দ কৰিছে, এয়া আছিল বিবেকৰ বাবে সেউজ সংকেত। সেই সযয়ত ভবা হৈছিল , মণি ৰত্নমে সেই সময়ত হাতত লোৱা "আলাইপায়ুদে"ত বিবেকে অভিনয় কৰিব! অৰ্থাৎ বিবেকৰ প্ৰথম চিনেমা খন হিন্দী নহব! তামিল হব!
-- সময়ত স্পষ্ট হ'ল সাংবাদিকৰ ধাৰণা শুদ্ধ নহয়! তামিল চিনেমা খনৰ হিন্দী সংস্কৰণতহে অভিনয় কৰিব বিবেকে। নাম : সাথিয়া । গুলজাৰ, মণিৰত্নমৰ চিত্ৰনাট্যৰে পৰিচালনা কৰিব শাদ আলীয়ে। (মালায়লম খনৰ পৰিচালক মণি ৰত্নম )
-- সময়ত চিনেমা খন সম্পূৰ্ণ হয়। ২০ ডিচেম্বৰ , ২০০২ ত চিত্ৰগৃহলৈ আহে। "সাথিয়া" চিত্ৰগৃহলৈ আহে মানে বিবেক অভিনিত, চুক্তিবদ্ধ হোৱা দ্বিতীয়, তৃতীয় চিনেমা ক্ৰমে -- "কম্পানী" আৰু "ৰোড" চিত্ৰগৃহলৈ আহিছিল। গতিকে কোৱা হয় তৃতীয় চিনেমা খনেহে বিবেকৰ সফলতাৰ দুৱাৰ মুকলি কৰিছিল।
-- হয় , "সাথিয়া" ৰ বজাৰ সফলতাই বিবেকক তাৰকাৰ তালিকাভুক্ত কৰাইছিল। চিনে পণ্ডিত সকলে কয় -- দুই বিফলতাই "মিডিয়া ষ্টাৰ" হোৱাৰ পৰা বচালে বিবেকক। 
-- বিবেকৰ মুখতো শুনা গৈছিল, "ভাগ্য"! মিডিয়া ষ্টাৰ"হোৱাৰ পৰা বচালে!"
-- "মিডিয়া ষ্টাৰ"!
--হয়, "মিডিয়া ষ্টাৰ"!
 --"মিডিয়া ষ্টাৰ" মানে প্ৰচাৰ মাধ্যমে নিৰ্মাণ কৰা বা প্ৰচাৰ মাধ্যমৰ সহায়ত নিৰ্মাণ হোৱা তাৰকা। উদাহৰণ: ৰিত্বিক ৰৌশন (ঋত্বিক বা হৃত্বিক নহয়)। প্ৰথম খন চিনেমা চিত্ৰগৃহলৈ অহাৰ পূৰ্বে প্ৰচাৰ মাধ্যমৰ সহায়ত তাৰকা ইমেজত নিজকে বন্দী কৰিছিল ৰিত্বিকে। আৰু চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পিছতে প্ৰচাৰ মাধ্যমে মহাতাৰকাৰ স্থানত ৰাখিছিল। এনে ধৰনে হোৱা তাৰকা নিৰ্মাণ প্ৰক্ৰিয়াত সুপৰিকল্পিত প্ৰচাৰ পৰিকল্পনাৰ প্ৰয়োজন।
-- আন দিশো আছে 'মিডিয়া ষ্টাৰ" নিৰ্মাণৰ।বলিউড পৰিয়ালৰ নৱাগতই প্ৰথম খোজতেই বজাৰ সফলতা পালে প্ৰচাৰ মাধ্যমৰ প্ৰচুৰ প্ৰশংসা লাভ কৰে। আৰু সহজতে তাৰকা হৈ প্ৰচাৰ মাধ্যমত জিলিকে। উদাহৰণ : কুমাৰ গৌৰৱ। এনে তাৰকা। মানে "মিডিয়া ষ্টাৰ" জিলিকে কম দিনৰ বাবে । সেয়েহে বিবেকে কৈছিল --"ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বচালে!"।
 বিবেক অ'বেৰয়ৰ প্ৰথম দুখন চিনেমা সফল হোৱা নাছিল। প্ৰচাৰ মাধ্যমত চৰ্চা হৈছিল -- গ্ৰাহক নাই! বিবেকৰ "বলিউড দোকান" বন্ধ ! -- আৰু আজি ? -- বলিউড বজাৰত ৰিত্বিকতকৈ বিবেকৰ গুৰুত্ব বেছি ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...