সরাসরি প্রধান সামগ্রীতে চলে যান

মুনিন বৰুৱা /১ Munin Barua / 1

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম।
মুনিন বৰুৱাৰ কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম । ' বাৰুদ - ২ ' আৰু ' পথ - উপপথ ' ৰ কাম । কিছু দিন পূৰ্বে ৰিজুক লগ পিইছিলো , মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাক । জ্যোতি চিত্ৰবনত । -- এই জ্যোতি চিত্ৰবনতে এদিন ভাইমনদাই কৈছিল , " ভবেন শইকীয়া ছাৰৰ কাহিনীৰে পাৰিবাৰিক চিনেমা এখন কৰাৰ ইচ্ছা আছিল । সম্ভৱ নহব । ছাৰে মোৰ চিনেমাত যেনেদৰে গীত ব্যৱহাৰ হয় , তেনেদৰে ব্যৱহাৰ কৰিব নিদিয়ে । আৰু দুটামান পৰিকল্পনা আছে । ' বাৰুদ - ২ ' ৰো পৰিকল্পনা আছে ।... ' সেই পৰিকল্পনা এতিয়া আগবঢ়াই নিছে মানস বৰুৱাই । ' সময় ' ৰ কথা মনত ৰাখি মুনিন বৰুৱাই লিখা চিত্ৰনাট্য খন নতুনকৈ লিখাইছে । লিখিছে ভাস্কৰ হাজৰিকাই ( ' কথানদী ' , ' আমিষ 'ৰ পৰিচালক । চিনেমা দুখনৰ ভেটি -- মজবুট চিত্ৰনাট্য । ) ' বাৰুদ ' চিত্ৰগৃহলৈ আহিছিল ২০০৪ চনত । আমি জনাত চিনেমা খনৰ কাম শেষ হৈছিল ২০০২ চনৰ শেষৰ ফালে । -- সেই সময় চোৱাত পুলিছ কেন্দ্ৰীক চিনেমা নিৰ্মাণৰ ঢৌ তুলিছিল বলিউডৰ চিনে নিৰ্মাতাই । কব পাৰি বলিউডৰ পৰিচালকৰ সৈতে খোজ মিলাইছিল মুনিন বৰুৱাই । ' বাৰুদ 'ৰ সম্পূৰ্ণ হোৱাৰ পিছতহে আৰম্ভ হৈছিল বলিউডৰ ' খাকি 'ৰ ফ্ল'ৰৰ কাম । ৰাজকুমাৰ সন্তোষিৰ পৰিচালনাৰে নিৰ্মিত ' খাকি ' চিত্ৰগৃহলৈ আহিছিল ২৩ জানুৱাৰী , ২০০৪ ত । সময়ত ' বাৰুদ ' চিত্ৰগৃহলৈ আহিলে নিশ্চয় বহুতে ক'লে হেতেন -- ' খাকি ' ' বাৰুদ 'ৰ দৰে ! ' বাৰুদ ' চিত্ৰগৃহলৈ আহিছিল ১৪ এপ্ৰিল , ২০০৪ ত । -- আমাৰ ধাৰণাত মুনিন বৰুৱাই ' চিনেমা 'ৰ সম্পূৰ্ণ আকাৰ দিয়ে চিত্ৰনাট্যতে । দক্ষ পৰিচালক গৰাকীৰ কেইবাখনো চিত্ৰনাট্য মই পঢ়িছো । সম্পূৰ্ণ চিনেমা খনেই লিখা থকে । চিনেমা জ্ঞান থকা পৰিচালক এগৰাকীয়ে মুনিন বৰুৱাৰ চিত্ৰনাট্য হাতত লৈ ' মুনিন বৰুৱাৰ চিনেমা ' সহজতে যে কেমেৰাত বন্দী কৰিব পাৰিব , কৰিব পাৰে সন্দেহ নাই । সেয়েহে ৰাজেশ ভূঞাৰ ' কোঁৱৰ পুৰৰ কোঁৱৰ ' , যতীন বৰাৰ ' অধিনায়ক ' আদিত পৰিচালক মুনিন বৰুৱাৰ উপস্থিতি স্পষ্ট । -- কথা প্ৰসঙ্গত মুনিন বৰুৱাই কৈছিল , " চিত্ৰগ্ৰহনৰ সময়ত কেৱল চিত্ৰগ্ৰহণ কৰিব লাগে । শ্বট কেনেধৰনে লম , ' চৰিত্ৰ 'ক কেনে ধৰণে ধৰি ৰাখিম ইত্যাদি চিন্তা ফ্ল'ৰলৈ আনিব নালাগে । চিত্ৰনাট্যতে শেষ কৰি থব লাগে । -- এয়া মোৰ ধাৰণা । মোৰ ধাৰণা , ' ফ্ল'ৰ ৱৰ্ক 'ত কৈ ' পেপাৰ ৱৰ্ক ' বেছি হব লাগে । মই চিত্ৰনাট্য লিখাৰ কথা কোৱা নাই । কৈছো , চিত্ৰনাট্য খন অধ্যয়ণ কৰি 'পেপাৰ ওৱৰ্ক ' কৰিব লাগে । " -- বুজিছিলো ! ' ফ্ল'ৰ ' চিনেমা পৰিচালক মুনিন বৰুৱাৰ দৃষ্টিত ' পৰীক্ষা গৃহ ! চিত্ৰনাট্য ' বিষয় ' ! ' ফ্ল'ৰ ' লৈ আহে পৰিপাটি ' ছাত্ৰ 'ৰ দৰে ! -- আমি এনেদৰে কব পাৰো নেকি , ' চিত্ৰনাট্য ' খনেই পৰিচিলক মুনিন বৰুৱাৰ বাবে ' গীতা ' ! -- ' ব্লুু প্ৰিণ্ট ' নহয় ! " নহয় , এই ধাৰণা শুদ্ধ নহয় । মই ভাৱো প্ৰাথমিক চিত্ৰনাট্য খন ' ব্লু প্ৰিণ্ট '। শ্বুটিং চিত্ৰনাট্য খনো চূড়ান্ত নহয় । শ্বুটিঙৰ সময়ত ভাল চিন্তা মনলৈ আহিলে যোগ - বিয়োগ কৰো । কিন্তু ' ফ্ল'ৰ 'ত কি কৰিম , কেনেদৰে কৰিম , নতুন কিবা কৰিব পৰা যায় নেকি ইত্যাদি চিন্তা কৰি সময় খৰচ নকৰো । '-- আমাৰ প্ৰশ্নৰ উত্তৰত মুনিন বৰুৱাই কৈছিল । ( ' নায়ক 'ৰ চিত্ৰগ্ৰহণৰ সময়ত । সেই সময়ত মই অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা দৈনিক কাকত ' আজি ' আৰু সাপ্তাহিক কাকত ' নতুন সময় 'ৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো । স্বাভাবিকতে মুনিন বৰুৱাই কোৱা এই ' উত্তৰ ' প্ৰকাশ পাইছিল ' নতুন সময় 'ত । ) -- এই প্ৰসঙ্গ ইমানতে ইতি কৰিছো । এতিয়া আহিছো ' বাৰুদ - ২ ' প্ৰসঙ্গলৈ । আমি আশা কৰিব পাৰো দক্ষ চিনেমা লেখক - পৰিচালক ভাস্কৰ হাজৰিকাই মুনিন বৰুৱাৰ চিত্ৰনাট্যত মুনিন বৰুৱাৰ ' মুড ' অনুভৱ কৰাত ব্যৰ্থ নহব ! পৰিচালক মানস বৰুৱাও মুনিন বৰুৱাৰ চিনেকৰ্মৰ অতি ওচৰৰ । গতিকে আশা কৰিছো ' বহু স্বাভাবিক পৰিবৰ্তন 'ৰ পিছতো ' চিত্ৰৰসিকে ' বৰুদ - ২ 'ত মুনিন বৰুৱাৰ উপস্থিতি অনুভৱ কৰিব ! || মুনিন বৰুৱাৰ চিত্ৰনাট্য || ( তথ্য : মঞ্জুলা বৰুৱা )  ১। বোৱাৰী( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ২। ঘৰ সংসাৰ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৩। এই দেশ মোৰ দেশ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৪। প্ৰতীমা ( পৰিচালক : নিপন গোস্বামী , মুনিন বৰুৱা ) ৫। পিতা পুত্ৰ ( পৰিচালক : মুনিন বৰুৱা ) ৬। প্ৰভাতী পখীৰ গান ( পৰিচালক : মুনিন বৰুৱা ) ৭। সোণ মইনা ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৮। ভাই ভাই ( পৰিচালক : বিজু ফুকন ) ৯। পাহাৰী কন্যা ( পৰিচালক : মুনিন বৰুৱা ) ১০ । শেৱালী ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ১১। হিয়া দিয়া নিয়া ( পৰিচালক : মুনিন বৰুৱা ) ১২। দাগ ( পৰিচালক : মুনিন বৰুৱা ) ১৩ । নায়ক ( পৰিচালক : মুনিন বৰুৱা ) ১৪ । কন্যাদান ( পৰিচালক : মুনিন বৰুৱা ) ১৫ । অগ্নিসাক্ষী ( পৰিচালক : যদুমণি দত্ত ) ১৬ । মায়া ( পৰিচালক : ৰাজেশ ভূঞা , পবিত্ৰ মাৰ্ঘেৰিটা ) ১৭ । অধিনায়ক ( পৰিচালক : যতীন বৰা ) ১৮ । ৰং ( পৰিচালক : মুনিন বৰুৱা ) ১৯ । বিধাতা ( পৰিচালক : মুনিন বৰুৱা ) ২০ । বাৰুদ ( পৰিচালক : মুনিন বৰুৱা ) ২১ । দীনবন্ধু ( পৰিচালক : মুনিন বৰুৱা ) ২২ । ৰিচাং ( পৰিচালক : মানস বৰুৱা ) ২৩ । জেতুকা পাতৰ দৰে ( পৰিচালক : যদুমণি দত্ত ) ২৪। ৰামধেনু ( পৰিচালক : মুনিন বৰুৱা ) ২৪ । অচিন চিনাকী ( পৰিচালক : মুন্না আহমেদ ) ২৫ । কোঁৱৰ পুৰৰ কোঁৱৰ ( পৰিচালক : ৰাজেশ ভূঞা ) ২৬ । নিজানৰ গান ( পৰিচালক : মুন্না আহমেদ ) ২৭। প্ৰিয়াৰ প্ৰিয় ( পৰিচালক : মুনিন বৰুৱা )

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...