সরাসরি প্রধান সামগ্রীতে চলে যান

আইমী বৰুৱা

চেহেৰাত আভিজাত্য !                            --সৰলতাৰ প্ৰলেপ !                                                 -- জপনা খুলি আমাৰ ঘৰলৈ সোমাই আহিছিল আইমী বৰুৱা ।                                                       -- হাতত টোপলা । কাগজৰ পেকেটৰ । টোপলাটো মোৰ মাৰ হাতত দিলে , মোৰ মাৰ ভৰি ছুই সেৱা কৰিলে , আৰু আইমীয়ে কলে , " খুৰি জিলাপি খাম ! "                                                                             -- সেয়া শাৰদীয় বতৰৰ কোনো এটা দিন । পূজাৰ বতৰ । দূৰ্গা পূজা । পূজাৰ এই সময় চোৱাত আমাৰ বেলশৰ অঞ্চলত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যযুদ্ধ হয় ! অঘোষিত নাট মহোৎসৱ হয় । আনহাতে বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজাৰ সেউজ ইতিহাস আছে । মুলতঃ এই দুটা কাৰনতেই শাৰদীয় আলহীৰ ভিৰ হয় বেলশৰৰ ঘৰে ঘৰে । স্বাভাবিকতে আমাৰ ঘৰলৈয়ো আলহী আহিছিল -- পবিত্ৰ মাৰ্ঘেৰিটা , গায়ত্ৰী মহন্ত , আকাশদ্বীপ , আঙুৰলতা ডেকা আৰু বহুজন । আমাৰ আড্ডা চলি আছে । তেনেতে হাতত জিলাপিৰ টোপলা লৈ আইমীৰ প্ৰৱেশ । সেই দিনটোৰ আগতে আইমীক মাত্ৰ এদিনহে লগ পাইছিলো । "সৰু বোৱাৰী " (২০০৩) প্ৰিমিয়াৰত । আইমীয়ে অভিনয় কৰা দ্বিতীয় খন চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ত । কথা প্ৰসঙ্গত সেইদিনা আইমীয়ে কৈছিল , " চিনেমাৰ নায়িকা হম বুলি ভবা নছিলো ! অভিনয়ৰ প্ৰতি কিন্তু দুৰ্বলতা আছিল ! ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে " অসমৰ সাধুকথা " নামৰ এখন তথ্যচিত্ৰত   আভিনয় কৰিছিলো । তেজীমলাৰ চৰিত্ৰত । সেই সময়ত অৱশ্যে মনলৈ আহিছিল -- মই মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! চন - তাৰিখ মনত নাই ! সেই যে মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰাৰ কথা মনলৈ আহিছিল , সেই দিনটোৰ পৰা  চিনেমাৰ নায়িকা হোৱাৰ সপোন মাজে মাজে নেদেখা নহয় !  'তুমি মোৰ মাথোঁ মোৰ ' চিনেমা খনত মোৰ মাজে মাজে দেখা সপোনে বাস্তৱ ৰূপ পাব বুলি আশা কৰিছিলো । বয়স কম হোৱাৰ বাবে আশা আশা হৈয়ে থাকিল । আশা পুৰন হ'ল  ' প্ৰেম আৰু প্ৰেম 'ত  (২০০২) । তেতিয়া মই নৱম শ্ৰেণীত পঢ়ি আছিলো । আৰু এবছৰো নহোৱাৰ আগতে আজি মই অভিনয় কৰা দ্বিতীয় খন চিনেমা আপোনালোকে চালে । মই সুখী ! " ( আইমীয়ে কোৱা এই কথা  প্ৰকাশ পাইছিল দৈনিক কাকত " আজি " আৰু rupaliparda.com  ত । ) আৰু দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত আইয়ীয়ে কৈছিল  -- " চিনেমাত যিমান শিকিছো , তাতকৈ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় বেছি শিকিলো । " -- হয় , ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় শিকিছে আইমী বৰুৱাই ! তেতিয়ালৈকে চিনেমাত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা দেখা নাছিলো , কিছু দেখিছিলো ভ্ৰাম্যমাণ থিয়েটাৰ " হেঙুল "ৰ মঞ্চত মৃদুল চুতীয়াৰ " প্ৰজন্ম " নাটক খনতহে । আৰু থিয়েটাৰত অভিনয় কৰাৰ পিছত চিনেমা " জেতুকা পাতৰ দৰে "ত (২০১১) আইমীৰ অভিনয় ক্ষমতা অনুভৱ কৰিছিলো । -- আইমীয়ে অভিনয় কৰা আন কেইখন চিনেমা : প্ৰেম ভৰা চকুলো (২০০৩) , কদমতলে কৃষ্ণ নাচে ( ২০০৫ )  মনে মোৰ কইনা বিচাৰে (২০১৩) , বীৰ চিলাৰায় (২০১৩) , মহাসমৰ (২০১৪), পানী (২০১৪) , নিজানৰ গান (২০১৮)  প্ৰতিঘাত (২০১৯ ) ,   ছেমখৰ ( ডিমাচা ভাষাৰ চিনেমা ) আদি । " জেতুকা পাতৰ দৰে "ৰ পিছত " পানী "ত আকৌ এবাৰ দক্ষ পৰিচালক যদুমণি দত্তই আইমীৰ " অভিনয় ক্ষমতা " ব্যৱহাৰ কৰিছে । -- হয় , চিনেমা দুখনৰ পৰিচালক যদুমণি দত্ত । আশা কৰিব পাৰো , " ছেমখৰ "তো আইমিৰ অভিনয় ক্ষমতা অনুভৱৰ সুযোগ পাম ! -- নহয় , " ছেমখৰ " পৰিচিলক যদুমণি দত্ত নহয় । -- কোন ? -- আইমী বৰুৱা । কেমেৰাৰ সন্মুখত অভিনয়  কৰিছে আৰু কেমেৰাৰ পাছৰ কামো চম্ভালিছে । গতিকে কব পাৰি  " ছেমখৰ "ত স্পষ্ট হব আইমীৰ চিনেক্ষমতা !
   আৰম্ভনিতে " আভিজাত্য " শব্দটো ব্যৱহাৰ কৰিছো । আৰু " সৰলতা " শব্দটোও ব্যৱহাৰ কৰিছো । কোৱা হয় -- বলিউডৰ নায়িকাৰ ট্ৰেকত টিকি থকাৰ বাবে এই " গুণ " দুটাৰ প্ৰয়োজন । কাৰণ ভাৰতীয় চিনেমাৰ সৰহ সংখ্যক চৰিত্ৰ নিৰ্মাণ হয় এই  দুই " গুন "-এৰেই । আৰু অভিনয় ক্ষমতা অৱশ্যেই থাকিব লাগিব । অসমীয়া চিনেমাৰ " নায়িকা " হবলৈ এই " গুণ " থাকিব নালাগে বুলি কোনো কথা নাই !

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...