" শচীন: এ বিলিয়ান ড্রিমছ " -- ২০১৭ চনৰ চিনেমা। ডকুমেন্টাৰি স্পোর্টছ চিনেমা । চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে বিষয় বস্তু । -- হয় , ক্ৰিকেটৰ ভগৱান , ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । এটা ৰূপালী গল্পলৈ ৰূপান্তৰ নকৰি , ৰূপালী (বাস্তবতা) Reality লৈ ৰূপান্তৰ কৰিছে । ক্ৰিকেট অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক অনুভৱ কৰিব পৰা চিনেমা । ২০১৬ চনৰ এখন চিনেমা -- " এম.এছ. ধোনি : দ্য আনটোল্ড স্টোৰি " । -- হয় , চিনেমা খনৰ বিষয় বস্তু মহেন্দ্ৰ সিং ধোনী । বিষয় বস্তু ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে । যি সকলে ক্ৰিকেট নাজানে , মহেন্দ্ৰ সিং ধোনীক নাজানে , সেই সকলেও " উপভোগ " কৰিব পৰা চিনেমা । " চিনেমা " বুলি চাব পৰা চিনেমা । জীবনী মূলক চিনেমা । আৰু ২০১৬ৰ " আজহাৰ " ? এই খনো জীবনী মূলক ক্রীড়াভিত্তিক নাটকীয় চিনেমা । আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন কেন্দ্ৰীক ৰূপালী গল্প । আৰু এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব আন এখন হিন্দী চিনেমা । ক্ৰিকেটাৰ গৰাকীৰ ভাষাত " আমাৰ জীবনচিত্র তৈৰি হওয়া নিয়ে আমি ৰাজি। হিন্দিতে হবে। তবে এখনই পৰিচালকেৰ নাম জানানো সম্ভব নয়। কিছু দিনেৰ মধ্যেই সব জানা যাবে। " বিগ বাজেটৰ ( ২০০ - ২৫০ কোটি টকা ) এই চিনেমা খনত সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে । বৰ্তমান চিনেমা খন " পেপাৰ ৱৰ্ক " পৰ্যায়ত ।
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন