" শচীন: এ বিলিয়ান ড্রিমছ " -- ২০১৭ চনৰ চিনেমা। ডকুমেন্টাৰি স্পোর্টছ চিনেমা । চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে বিষয় বস্তু । -- হয় , ক্ৰিকেটৰ ভগৱান , ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । এটা ৰূপালী গল্পলৈ ৰূপান্তৰ নকৰি , ৰূপালী (বাস্তবতা) Reality লৈ ৰূপান্তৰ কৰিছে । ক্ৰিকেট অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক অনুভৱ কৰিব পৰা চিনেমা । ২০১৬ চনৰ এখন চিনেমা -- " এম.এছ. ধোনি : দ্য আনটোল্ড স্টোৰি " । -- হয় , চিনেমা খনৰ বিষয় বস্তু মহেন্দ্ৰ সিং ধোনী । বিষয় বস্তু ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে । যি সকলে ক্ৰিকেট নাজানে , মহেন্দ্ৰ সিং ধোনীক নাজানে , সেই সকলেও " উপভোগ " কৰিব পৰা চিনেমা । " চিনেমা " বুলি চাব পৰা চিনেমা । জীবনী মূলক চিনেমা । আৰু ২০১৬ৰ " আজহাৰ " ? এই খনো জীবনী মূলক ক্রীড়াভিত্তিক নাটকীয় চিনেমা । আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন কেন্দ্ৰীক ৰূপালী গল্প । আৰু এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব আন এখন হিন্দী চিনেমা । ক্ৰিকেটাৰ গৰাকীৰ ভাষাত " আমাৰ জীবনচিত্র তৈৰি হওয়া নিয়ে আমি ৰাজি। হিন্দিতে হবে। তবে এখনই পৰিচালকেৰ নাম জানানো সম্ভব নয়। কিছু দিনেৰ মধ্যেই সব জানা যাবে। " বিগ বাজেটৰ ( ২০০ - ২৫০ কোটি টকা ) এই চিনেমা খনত সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে । বৰ্তমান চিনেমা খন " পেপাৰ ৱৰ্ক " পৰ্যায়ত ।
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন