সরাসরি প্রধান সামগ্রীতে চলে যান

ৰুণু দেৱী

|| এক অধ্যয় : ৰুণু দেৱী || 


 অসমীয়া চিনেমা -- ' সন্ধ্যাৰাগ ' , ' কোলাহল ' আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক ' ক্লিওপেট্রা ' ৰ অভিনয়ৰে মোৰ মনত আকাৰ লৈছিল ' অভিনেত্ৰী ৰুণু দেৱী ' য়ে । চন - বাৰ - তাৰিখ মনত নাই ,ইমানেই মনত আছে দৈনিক কাকত ' আজি ' ত উপ - সম্পাদকৰ দায়িত্ব পালন কৰি থকা সময়ত ( ২০০২ - ২০০৫ ৰ মাজৰ সময় চোৱাত ) অভিনেত্ৰী গৰাকীক প্ৰথম বাৰ লগ পাইছিলো । মোৰ প্ৰথমটো প্ৰশ্ন আছিল -- ' সন্ধ্যাৰাগ ' কেন্দ্ৰীক । " মোক যেতিয়া চৰিত্ৰটো বুজোৱা হৈছিল , মই ইমান খিনি বুজিছিলো ছাৰে বাস্তৱৰ চৰিত্ৰ এটা বিচাৰিছে । আৰ্থিক অনাতনৰ মাজত থকা ছোৱালী এজনীৰ চেহেৰাৰ আৰু দেহৰ ভাষা কেনে হব পাৰে সেই কথাত মন দিয়াৰ কথা কৈছিল । মই ছাৰে বুজোৱাৰ দৰে অভিনয় কৰিবলৈ চেষ্টা কৰিছিলো । আৰু কেতিয়াবা নিজেও কিবা কিছু কৰিবলৈ চেষ্টা কৰিছিলো । ভাল পালে ছাৰে কৈছিল -- হব ! এনেদৰেও হব পাৰে । এনে ধৰণৰ কথাই মোক উৎসাহ দিছিল । আৰু ছাৰে দিয়া এনে উৎসাহৰ বাবে ছাৰৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গৈছিল । আৰু ছাৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে , যেতিয়াই বিচাৰিছিল সকলো কাম কাটি কৰি থৈ ছাৰৰ চিনেমাত ব্যস্ত হৈছিলো । " আৰু ' কোলাহল 'ৰ প্ৰসংগত কৈছিল -- "মোৰ বাবে চৰিত্ৰটো সহজ নাছিল । ছবি খনত দেখুওৱা সেই সমাজ খনক ভিতৰৰ পৰা মই নাজানিছিলো । বহু পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল । পৰিশ্ৰম কৰিছিলো । মোৰ বাবে ছাৰে ৰচনা কৰা প্ৰতিটো চৰিত্ৰয়ে মোৰ বাবে প্ৰত্যাহ্বান আছিল । মই মোক কৈছিলো -- ছাৰে এনেকৈ বিচাৰিছে , এনেকৈ কৰিমেই ! মই ভাবো , মই যদি সফল হৈছো , এই জেদৰ বাবেই হৈছো । ছাৰৰ সেই মাতষাৰ মোৰ মনত সদায় বাজি থাকিব -- ' এইটো আমি এনেদৰে কৰিম দে ... ! ' ছাৰে কেতিয়াও আদেশ দিয়া নাছিল । বুজাই , মৰমেৰে অভিনয় কৰোৱাইছিল । " আৰু ' ক্লিওপেট্রা ' ? -- " ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় শৈলী সম্পূৰ্ণ বেলেগ । সেই শৈলীক সন্মান জনায় অভিনয় কৰিছিলো । মোৰ প্ৰিয় মাধ্যম মঞ্চ । সেই সময়ত আমি গোৱালপাৰাত থাকো । প্ৰথমবাৰ ‘’সংগ্ৰাম লগ্নে আজি " নামৰ একাংকিকা নাটক এখনত অভিনয় কৰো । পুৰস্কাৰ পাও । তাৰ পিছত স্তব্ধবিহংগ , সেন্দূৰৰ ৰং মাধুৰ্য , আথেল , আহাৰ , মা , আৱৰণ , শিপা আদি নাটকত অভিনয় কৰো । মঞ্চ নাটকৰ সংখ্যা ৫০ মান হব পাৰে ! অনাতাঁৰ নাটকৰ সংখ্যা ৬০ খনৰো বেছি হব । " -- নাটকৰ সংখ্যাটো কৈছিল হেঙুল থিয়েটাৰৰ আখৰা শিৱিৰত । নাট্যদলটোৰ সেই নাট্যবৰ্ষত উৎপল দত্তৰ নাটক ' গডমাডাৰ ' আছিল । নাটক খনৰ প্ৰচাৰ স্বাৰ্থত ' মিট বিস্ময় ' নামৰ শিতান এটা ( ' বিস্ময় ' আলোচনীৰ ) যুগুত কৰাৰ বাবে মৰিয়নিলৈ গৈছিলো । -- সেই নিশা আৰু এবাৰ অনুভৱ কৰিছিলো ৰুণু দেৱীৰ অভিনয় ক্ষমতা । -- ২০১৭ চনৰ ৬ জুলাইত শেষ বাৰৰ বাবে কথা পাতিছিলো কথাশিল্পী অৰুণ শৰ্মাৰ সৈতে । সেই দিনা সন্ধিয়া সংগীত শিল্পী তৰালি শৰ্মাৰ সৈতে গৈছিলো ।সেই দিনা কম সময়তে বহু কথা পাতিছিলো । ৰতন লহকৰ , জাহ্নু বৰুৱা , মৃদুল চুতীয়া , ৰুণু দেৱী ইত্যাদি । ৰুণু দেৱী প্ৰসংগত কৈছিল -- " ' আহাৰ 'ৰ প্ৰতিটো চৰিত্ৰয়ে আছিল কল্পনাৰ । পাঁচটা বিভিন্ন চৰিত্ৰত ৰুণু দেৱীয়ে অভিনয় কৰিছিল । যি পাৰংগতা ,অন্তৰ্দৃষ্টি আৰু স্বাভাৱিকতাৰে নিপুণভাৱে চৰিত্ৰকেইটা ৰূপায়ণ কৰিছিল । সেই অভিনয় চোৱা সকলে জানে ৰুণুৰ অভিনয় দক্ষতা । " -- ৰুণু দেৱীৰ অভিনয় দেখিছো ' অপৰূপা ' , ' ' মেঘমুক্তি ' , ' নিয়তি ' , ' মেঘ ' , ' অণিৰ্বাণ ' , ' বহাগৰ দুপৰীয়া ' , ' কইনা মোৰ ধুনীয়া ' , ' কদম তলে কৃষ্ণ নাচে ', 'কাঞ্চনজংঘা ' , ' অদম্য ', ' অথেলো ' আদিত । কম , অতি কম ফুটেজৰ চৰিত্ৰতো অভিনয় কৰিছে ।' অনিৰ্বাণ ' আৰু ' অথেলো ' তো ' সন্ধ্যাৰাগ ' , ' কোলাহল 'ৰ দৰে ৰুণু দেৱীৰ অভিনয়ৰ সুপৰিকল্পিত ব্যৱহাৰ হৈছে । চৰিত্ৰ চাৰিটাৰ মাজত দূৰত্ব স্পষ্ট । পৰিচালকৰ চিনেচিন্তাৰ দূৰত্ব -- স্বাভাবিক । আৰু অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ দূৰত্ব -- চমক । এই চমক কিন্তু আন কেইখন চিনেমাত অস্পষ্ট । এই কথা মনত ৰাখি কব পাৰি -- ৰুণু দেৱী পৰিচালকৰ আভিনেত্ৰী । এই কথা স্পষ্ট -- ' পৰিচালকৰ অভিনয় শিল্পী'ৰ অৰ্হতা -- অভিনয় ক্ষমতা । অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ অপব্যৱহাৰ হৈছিল ' বহাগৰ দুপৰীয়া 'ত । 

 সংযোজন : ২১ ছেপ্তেম্বৰ , ১৯৫৭ত ৰুণু দেৱীৰ জন্ম , গুৱাহাটীত । পিতৃ : ভোলানাথ শৰ্মা , মাতৃ : কিৰণ বালা দেৱী আৰু স্বামী : অঞ্জন ঠাকুৰ । শিক্ষা : নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ , সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...