অৰূপ মান্নাৰ প্ৰথম পৰিচালনাই আমাক সন্তুষ্ট কৰিব পৰা নাছিল । অসন্তুষ্টিৰ মুল কাৰণ পৰিচালক গৰাকীৰ চিনেদক্ষতা আমি অনুভৱ কৰিছিলো ! -- সেই সময়ত মোৰ কৰ্মস্থান আছিল ' আজি ' । পুৱা ১০ - ১১ বজাৰ পৰা ৰাতি কাম শেষ নোহোৱালৈকে কাৰ্যালয়তে থাকো । কাৰ্যায়লৈ মাজে সময়ে অৰূপ মান্না আহে , কথা পতো । বিষয় : চিনেমা । কেৱল চিনেমা । কিন্তু অৰূপ মান্নাৰ যি চিনেমা ধাৰণা ( কথা পতাৰ মাজেৰে মই অনুভৱ কৰা ) সেয়া প্ৰথম পৰিচালনা ' জীৱন তৃষ্ণা 'ত দেখা নাছিলো । স্বাভিবিকতে পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল । যাৰ বাবে পৰিচালক গৰাকীৰ ' আইদেউ ' চাইছিলো বহু পলমকৈ । ২০১৬ চনত । ২০০৭ চনৰ চিনেমা খন চাইছিলো ২০১৬ ত । আৰু চাইছিলো অন্য এক কাৰণত । কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ' আইদেউ ' চাইছিলো হেঙুল থিয়েটাৰৰ মঞ্চত । সেই নাটক খনৰ সৈতে চিনেমা খনৰ কিমান মিল , কিমান অমিল -- জনাৰ হেপাহ হৈছিল । কিন্তু চিনেমা খন চাবলৈ বহি মিল - অমিলৰ ৰেখা এদাল টানিবলৈ সাজু হোৱা সময়তে প্ৰবেশ কৰিছিলো মেদহীন , ' গতিমন্ত্ৰ ' ৰে বন্ধা ৰূপালী গল্প এটাৰ আত্মাত । ( বিষয় -- ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! - হয় , আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চিনেমা । প্ৰথম খন অসমীয়া চিনেমা ' জয়মতী 'ৰ নায়িকা আইদেউ সন্দিকৈৰ যন্ত্ৰনা - ত্যাগ , যন্ত্ৰনাৰ মাজত সুখৰ সন্ধান ইত্যাদি পৰিচালকে পৰিপটিকৈ ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে । ) আমাৰ ধাৰণাত চিনেমা খনৰ লেখকে , পৰিচালকে কাহিনীৰ গতি বা অন্য কাৰণত কল্পনাৰ আশ্ৰয় লোৱা নাই । অভিনেত্ৰী গৰাকীৰ ' জীৱন কথা ' গল্পলৈ ৰূপান্তৰ কৰি সাহিত্য - কেমেৰাৰ ভাষাৰে ' বাস্তব ছবি ' আঁকিছে । কোনো মূহুৰ্ততে তথ্যচিত্ৰ পৰ্যায়লৈ যাব দিয়া নাই । অতুক্তি কৰা নহব , যদিহে এনেদৰে কোৱা হয় -- আইদেউৰ সৈতে কেমেৰা এটা ঘূৰিছে । আৰু আমি Live চাই আছো ।
আৰু চৰিত্ৰ নিৰ্মাণ ? -- আইদেউ আৰু জ্যোতি প্ৰসাদ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে চন্দনা শৰ্মা , প্ৰশান্ত কুমাৰ দাসক লৈ । এই চৰিত্ৰ দুটাৰ স্থিৰ চিত্ৰ এখন সামাজিক মাধ্যমত ' জয়মতী ' ৰ চিত্ৰগ্ৰহণৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা - আইদেউ সন্দিকৈ বুলি চৰ্চালৈ আহিছে । এই যে ' ভুল চৰ্চ ' হৈছে , এটা দিশ স্পষ্ট হৈছে -- চৰিত্ৰৰ দুটাৰ বাবে অভিনেতা - অভিনেত্ৰী নিৰ্বাচনত ভুল হোৱা নাই । এই দুটায়ে নহয় , প্ৰতিটো চৰিত্ৰৰ বাবে অভিনেতা - অভিনেত্ৰী নিৰ্বাচনত পৰিচালকে যে পৰিশ্ৰম কৰিছে চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিছো । পৰিশ্ৰম কৰিছে চৰিত্ৰ নিৰ্মাণতো । সাজ - পাৰ , আচৰণ , সংলাপ প্ৰক্ষেপণ আদি প্ৰতিটো দিশতে , প্ৰতিগৰাকী অভিনেতা - অভিনেত্ৰীক পৰিচালকে ' বাস্তৱত বান্ধী ' ৰাখিছে । ' বাস্তৱ অভিনয় 'ৰ লগতে চিনেমা খনৰ সৌন্দৰ্য কেমেৰাৰ ভাষা আৰু সংগীত । কেমেৰাৰ ভাষা ( চিত্ৰগ্ৰহণ ) পৰিচালক অৰূপ মান্নাই নিজে ব্যৱহাৰ কৰিছে । সংগীত মানস হাজৰিকাৰ । নবামিকা বৰঠাকুৰে প্ৰযোজনা কৰা এই চিনেমা খনত অভিনয় কৰিছে আইদেউ সন্দিকৈ, চন্দনা শৰ্মা , নবামিকা বৰঠাকুৰ , সপোনটি বৰদলৈ আদিয়ে ।
সংযোজন : ' আইদেউ 'ৰ চিনেযাত্ৰা আৰম্ভ হয়
মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা , ২০০৭ চনৰ ৮ ফেব্ৰুৱাৰী ত । আৰু প্ৰদৰ্শিত হয় পুনা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট চলচ্চিত্ৰ উৎসৱ , মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ , ব্ৰাজিলত অনুষ্ঠিত ছাউ-পাউলো চলচ্চিত্ৰ উৎসৱত ( "The New Film Makers" প্ৰতিযোগিতা শাখাত ) আদিত । চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৫৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ৮১ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহে ২০০৭ ত ।
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন