সরাসরি প্রধান সামগ্রীতে চলে যান

জেৰিফা ৱাহিদ

সম্ভৱতঃ ২০০০ চনৰ কোনো এটা দিনত জেৰিফা ৱাহিদক প্ৰথমবাৰ লগ পাইছিলো ! -- সেই সময়ত মোৰ কৰ্মস্থান আছিল মুম্বাই । কেইদিন মানলৈ গুৱাহাটীলৈ আহিছিলো । " বিস্ময় "ৰ কাৰ্যালয়ত আড্ডা দি আছিলো । চিনেমা কেন্দ্ৰীক আড্ডা । আড্ডাৰ মাজতে লেখক , চিনেকৰ্মী হেমচন্দ্ৰ দলেৰ প্ৰস্তাৱ , জেৰিফা ৱাহিদৰ সাক্ষাৎকাৰ মই যুগুত কৰি দিব লাগে । দলে সেই সময়ত বিস্ময় প্ৰকাশৰ " ৰংঘৰ "ৰ কাৰ্যবাহী সম্পাদক । -- মই না নকৈ নিৰ্দিষ্ট সময়ত জেৰিফাৰ সৈতে বহিছিলো । জেৰিফা ৱাহিদৰ ঘৰত ।" বাৰ্বি ডল "ৰ ঘৰত । মোৰ যিমান দূৰ মনত পৰে জেৰিফাৰ নামৰ আগত "বাৰ্বি ডল’ " শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল মোৰ সাংবাদিক বন্ধু প্ৰৱাল খাউণ্ডে , " বিস্ময় "ত । এই প্ৰসঙ্গৰে আৰম্ভ হৈছিল আমাৰ কথা । " হয় , প্ৰথমে বিস্ময়ত । তাৰ পিছত বহুতে "বাৰ্বি ডল’ " বুলি লিখে মোৰ বিষয়ে লিখিলে । লিখিলে স্বাভাবিকতে ভাল লাগে । " -- জেৰিফাই কৈছিল । সেই প্ৰথম সাক্ষাৎৰ সময়লৈকে জেৰিফাই তিনিখন চিনেমাত অভিনয় কৰিছিল । " অভিমান " ( ১৯৯০ ) , " অগ্নিগড় "   ( ১৯৯৪ ) , আৰু "তুমি মোৰ মাথোঁ মোৰ " ( ২০০০ ) ত । চিনেমাৰ সংখ্য হয়তো বাঢ়িল হেতেন ! যদিহে দিল্লীলৈ অধ্যয়নৰ বাবে নগ'ল হেতেন ! ইতিহাস অধ্যয়ন কৰিছিল । অধ্যয়ন শেষ কৰি ঘৰলৈ অহাৰ কেইদিন মান পিছতে প্ৰস্তাৱ পাইছিল  জুবিন গাৰ্গৰ পৰা " তুমি মোৰ মাথোঁ মোৰ "ৰ চৰিত্ৰটোৰ বাবে । জুবিনৰ প্ৰথম পৰিচালনা । চিনেমা খনৰ নায়কো জুবিন । " স্থানিয় বজাৰ "ত অসফল , চিত্ৰৰসিককো সন্তষ্ট কৰিব নোৱাৰিলে চিনেমা খনে । স্বাভাবিকতে " নায়িকা "    জেৰিফাকো " অভিনয় কেৰিয়াৰ "ত চিনেমাখনে সহায় নকৰিলে । বিপৰীতে  চন্দ্ৰ মুদৈৰ পৰিচালনা " অগ্নিগড় "ত কৰা অভিনয় প্ৰশংসাযোগ্য । -- চিনেমা খনৰ প্ৰসঙ্গত জেৰিফাই কৈছিল , " অভিনয়ৰ প্ৰতি মোৰ  বিশেষ  আকৰ্ষন  নাছিল । শিশু চৰিত্ৰ এটাত অভিনয় কৰিছিলো , বাধ্য হৈ ।  চিনেমা খনৰ নাম -- ' অভিমান  '। তাত বিজু ফুকনক  লগ পাইছিলো ।মোৰ মনত তেতিয়া তেওঁ ছুপাৰষ্টৰ । ছুপাৰষ্টাৰ গৰাকীয়ে মোক উৎসাহ দি কৈছিল -- ' তুমি এটা সময়ত  ডাঙৰ অভিনেত্ৰী হ’বা। '  নাজানো কিয় , তেতিয়াৰে পৰা অভিনয়ৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল । আৰু চন্দ্ৰ মুদৈৰ চিনেমাত আগ্ৰহেৰে আভিনয় কৰিলো । "                                                 সফল  নহলেও " তুমি মোৰ মাথো " ৰে " নায়িকা যাত্ৰা " আৰম্ভ হৈছিল জেৰিফাৰ । অভিনয় কৰিছিল " সেউজী ধৰণী ধুনীয়া " ( পৰিচলক : ৰাজীৱ ভট্টাচাৰ্য্য /২০০১ ) , " অন্য এক যাত্ৰা " ( পৰিচালক : মঞ্জু বৰা /২০০১ ) , " নায়ক " ( পৰিচালক : মুনিন বৰুৱা /২০০১ ) , " গুণ গুণ গানে গানে " ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী /২০০২ ) , " প্ৰেম গীত " ( পৰিচালক : আশিষ শইকীয়া /২০০২ ) ত । -- এই চিনেমা কেইখনত জেৰিফাৰ বিশেষ অভিনয় ক্ষমতা দেখা নাযায় । কিন্তু চিনেমা কেইখনে নিৰ্মাণ কৰিছিল " নায়িকা জেৰিফা "ক । অভিনয় ক্ষমতা দেখুৱাবলৈ জেৰিফাই অপেক্ষা কৰিবলগীয়া হৈছিল ২০০৩ চনলৈ । আজিৰ তাৰিখৰ দক্ষ পৰিচালক যদুমণি দত্তৰ প্ৰথম পৰিচালনা " অগ্নিসাক্ষী "ত জেৰিফাৰ মন ছুই যোৱা অভিনয় চাইছিলো । এই চিনেমা খনত কৰা অভিনয়ৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছিল  , শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ।    
     
জেৰিফাই অভিনয় কৰিছিল -- ২০০৪ ত "কাদম্বৰী" (পৰিচালক : বাণী দাস ) ,
২০০৬ত " দেউতা দিয়া বিদায় " (পৰিচিলক : ৰমেশ মোডী ) , ২০০৮ ত "অহিৰ ভৈৰৱ " ( পৰিচিলক : শিৱপ্ৰসাদ ঠাকুৰ ) , ২০১২ত "বান্ধোন " (পৰিচালক : জাহ্নু বৰুৱা ) , ২০১৩ ত " দুৱাৰ " ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী ) , ২০১৪ ত " ৰাগ - দ্য ৰিদম অৱ লাভ " ( পৰিচালক : ৰজনী বসুমতাৰী ) , ২০১৬ ত " কথানদী " পৰিচালক : ভাস্কৰ হাজৰিকা ) আৰু জাহ্নু বৰুৱাৰ
" ভগা খিৰিকী " ত । "দুৱাৰ " ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত " প্ৰথম ফিল্মফেয়াৰ বঁটা পূব - ২০১৪ "  জয় কৰে ।  " ফিল্মফেয়াৰ " প্ৰাপ্তিৰ পিছত মোৰ অভিনন্দন গ্ৰহণ কৰি জেৰিফাই কৈছিল , " মই যদি সফল , সফলতা সম্ভৱ হৈছে পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী‌ৰ পৰিশ্ৰমৰ বাবে । আন্তৰিকতাৰে শিকাইছিল , চৰিত্ৰটো বুজাইছিল ।আৰু মই সহজতে চৰিত্ৰটোৰ মাজত সোমাব পাৰিছিলো । " আৰু যেতিয়া  " ৰাগ - দ্য ৰিদম অৱ লাভ "  চাই " ভাল লাগিল " বুলিছিলো , জেৰিফাই কৈছিল , " ৰজনী বসুমতাৰীয়ে মোক কৈছিল -- চৰিত্ৰটো তোমাৰ বাবে ৰচনা কৰিছো । মোৰ বিশ্বাস তুমি পাৰিবা ! মোক যে বিশ্বাস কৰিছিল , সেয়া মোৰ প্ৰেৰণা আছিল । এনে প্ৰেৰণাই অভিনয় শিল্পীক চৰিত্ৰ নিৰ্মাণত সহায় কৰে । "                                     -- জেৰিফাই কোৱা কথাতে স্পষ্ট , জেৰিফা পৰিচালকৰ অভিনেত্ৰী । এই কথা মনত ৰাখি নিশ্চয় কব পাৰি , " কথানদী "ৰ পৰিচালক " ৰাগ "ৰ  পৰিচালকৰ দৰে সফল নহয় , জেৰিফাৰ অভিনয় ক্ষমতা ব্যৱহাৰত । আৰু " ভগা খিৰিকী "ৰ জাহ্নু বৰুৱ ? চিনেমা খনৰ প্ৰসঙ্গত কেইবা বাৰো কথা পাতিছো জেৰিফাৰ সৈতে । চোৱাৰ আগ্ৰহ বাঢ়িছিল । চোৱাৰ সুযোগহে পোৱা নাই । 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...