সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেচিন্তা

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম । ১৯৮৭ চনত স্থাপিত অসম চৰকাৰৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ । -- এই বিভাগটোৰ কাম ? অসমৰ  সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ  স্বাৰ্থত  কাম কৰা । বৰ্তমান   সাংস্কৃতিক সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চলকালয়, পুৰাতাত্বিক সঞ্চলকালয়, পুথিভঁৰাল সঞ্চালকালয়, জ্যোতি চিত্ৰবন ছোচাইটি,  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু শ্ৰীমন্ত শংকৰদেৱ ছোচাইটিয়  এই বিভাগটোৰ হৈ কাম কৰি আছে । কৰি আছে বুলি কোৱা হয় । আমাৰ প্ৰশ্ন  --  এই বিভাগ কেইটাৰ দ্বাৰা  নৃগোষ্ঠীয় ,  সংগীত, নৃত্য, নাটক,  চিনেমা ইত্যাদিৰ উত্তৰণ - সংৰক্ষনৰ  কাম  যিমান হোৱা উচিৎ , হব লাগে , হয় নে ? -- হৈছে নে? 

আমাৰ প্ৰশ্ন যদি  চিনেমা কেন্দ্ৰিক হয় ! অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে ব্যবসায়িক দিশত অসফল কেইখন মান অসমীয়া চিনেমা নিৰ্মাণ বা নিৰ্মাণত নিশ্চয় সহায় কৰিছে ! ' স্থানীয় বজাৰত অসফল এই চিনেমা কেইখনৰ  দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত গুৰুত্ব বা স্থান কি বুলি প্ৰশ্ন কৰিলেও উৎসাহ অনুভৱ কৰিব নোৱাৰা উত্তৰহে পোৱা যাব । এটা দিশ আমি আনুভৱ কৰি আহিছো --  ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে নিৰ্মাণ কৰা ( নিষিদ্ধ নদী , বান্ধোন , সাত নম্বৰৰ সন্ধানত ) আৰু সহঃ প্ৰযোজকৰ সৈতে নিৰ্মাণ কৰা ( পানী , টি আৰ পি আৰু ... , ৰাগ , দিখৌ বনত পলাশ , শৃংখল , তুমি আহিবা নে , সোণাৰ বৰণ পাখি  ) চিনেমা  কেইখনৰ ' বজাৰ ব্যবস্থা ' ( স্থানীয় বজাৰ , মহোৎসৱ বজাৰ ) সু পৰিকল্পিত নহয় । ফলত স্বভিবিকতে মনলৈ প্ৰশ্ন আহে -- ' ৰাইজৰ টকা'ৰে এই চিনেমা কেইখন নিৰ্মাণ কৰা হ'ল কিয় ? ( ' ৰাইজৰ টকা'ৰে নিৰ্মাণ হোৱা চিনেমা কেইখন 'ৰাইজ 'ৰ ওচৰলৈ নযোৱটো নিঃসন্দেহে পৰিতাপৰ বিষয় । -- ' ৰাইজ 'ৰ ওচৰলৈ নিব কেনেকৈ ! এয়াও এক প্ৰশ্ন । -- এই শিতানত পূৰ্বে লিখিছিলো ' গ্ৰাম্য চলচ্চিত্ৰ উৎসৱ 'ৰে নিব পৰা যায় । )

এই খিনিতে মনলৈ আহিছে ড° ভবেন্দ্ৰ নাথ শইকীয়াই আমাৰ ( নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ , সাংবাদিক অনুপম চক্ৰৱৰ্তী আৰু মোৰ । আজি কায়িক ভাবে ছাৰ নাই , আমাৰ মাজত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰো নাই , কথা খিনিৰ গুৰুত্ব নিশ্চয় আছে । ) প্ৰশ্নৰ উত্তৰত কোৱা মিনি চিত্ৰগৃহ কেন্দ্ৰীক কথা । শইকীয়া ছাৰে কৈছিল -- "  আজি বহু বজৰ ধৰি এটা কথা মই কৈ আছোঁ -- আমাক এশটা চিনেমা হল লাগে । এই সৰু চিনেমা হল কেইটা তিনিশমান মানুহ বহিব পৰা হ'লেই হ'ব ।   আজি ডাঙৰ চিনেমা হল এটাত য'ত বাৰশ মানুহ বহে তাত তিনিশমান মানুহ বহিলে পিছদিনা মালিকে মানুহ নাই বুলি কৈ চিনেমা খন তুলি দিব খোজে । সেই তিনিশ আশন থকা হলটোত যেতিয়া দুশ মানুহো বহি থাকে তেতিয়া দেখাত কিন্তু পূৰ্ণ যেনেই লাগিব । গতিকে বিভিন্ন ঠাইত এশ সৰু সৰু চিনেমা  হল লাগে আৰু এনে এটা বন্দবস্ত হ'ব লাগে   তেওলোকে অসমীয়া ছবি দেখুৱাবই লাগিব । আৰু এই চিনেমা হলবোৰ কমিটিয়ে সকলো ঠাইতে একে আৰ্হিত গঢ়ি তুলিব লাগিব । এই চিনেমা হলবোৰ বজাৰৰ দৰে নহৈ মন্দিৰৰ দৰেওতো হব পাৰে -- তাত লাইব্ৰেৰী এটাও থাকিব পাৰে  ! সাহিত্য সভাৰ  মিটিং হ'ব পাৰে ! টাউন কমিটিৰ মিটিং এখনো হব পাৰে ! মুঠতে এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে এই ছবিঘৰ বোৰ হব লাগে । ... ইয়াৰ পৰা চৰকাৰৰ ৰাজহো আহিব । মই ক'লো নহয় -- তোমালোকে পুৱা সাহিত্য সভাৰ বাবে ছবিঘৰটো ভাৰা দিয়া , আবেলি সময়ত ছবি দেখুওৱা ।...  সমস্যাটো তেনেধৰণে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে । " -- সেই বিশেষ দিনটোত ছাৰে আমাক কৈছিল , ছাৰে কোৱা ধৰণে  সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আগ্ৰহত " ব্লু - প্ৰিণ্ট " এখন সাজু কৰি দিছিল , নিৰ্দিষ্ট বিভাগটোক । হয়তো এতিয়াও সেই " ব্লু - প্ৰিণ্ট " খন নিৰ্দিষ্ট বিভাগটোৰ ফাইলৰ চেপাত পৰি আছে । যদি বৰ্তমানৰ সাংস্কৃতিকমন্ত্রী বিমল বৰাই " ব্লু - প্ৰিণ্ট " খন উদ্ধাৰ কৰি মিনি চিত্ৰগৃহ প্ৰসঙ্গত চিন্তা ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে কৰে নিশ্চয় সু-ফল পোৱা যাব । -- উল্লেখ কৰা 'ৰাইজ'ৰ টকাৰে নিৰ্মাণ কৰা চিনমাও ' ৰাইজ'ৰ মাজলৈ নিয়াত সহজ হব ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে মিনি চিত্ৰগৃহৰ চিন্তা কৰিলে।আহিছো ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমৰ " চিনেমা নিৰ্মিণ " প্ৰসঙ্গলৈ । বিভাগটোই আজিলৈক  শ্ৰীমন্ত শংকৰ দেৱ , জ্যোতি প্ৰসাদ  আগৰৱালা ,  ভূপেন হাজৰিকা কেন্দ্ৰীক চিনেমা নিৰ্মাণৰ কথা কিয় ভবা নাই ?  মাৰাঠী চিনেমা " Harishchandrachi Factory " (২০০৯ ) ৰ দৰে অসমীয়া ( জ্যোতি প্ৰসাদ আগৰৱালা , প্ৰথম খন অসমীয়া চিনেমাৰ জন্ম যন্ত্ৰনা কেন্দ্ৰীক ) চিনেমা এখন নিৰ্মাণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই ! -- এয়া প্ৰথম কথা । দ্বিতীয় কথা , ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমে  ভাল চিনেমা পৰিচালনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অহা এই প্ৰজন্মৰ পৰিচালকক গুৰুত্ব দিয়ক । তৃতীয় কথা , ' ভাল চিনেমা ' নিৰ্মণৰ বাবে সহায় কৰাতকৈ , ভাল চিনেমা নিৰ্মাণ কৰা সকলক আৰ্থিক সহায়েৰে উৎসাহ দিয়ক । 

***********************
সমস্যা -- চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ' পথেৰ পাঁচালী 'ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় -- গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ - পোহৰৰ চলমান চিত্ৰয়ে ' আৰ্ট ফিল্ম '। আৰু গীত - নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে -- '
কমাৰ্চিয়েল ফিল্ম ' ।  
আর্ট ফিল্ম ' নো কি ? -- কোনো কোনোৱে আৰু ক'ব খোজে ,  যি চিনেমাত  সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তাক  প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা শূণ্য , কেৱল শিল্প চিন্তাৰ গুৰুত্ব স্পষ্ট , সেয়াই ' আৰ্ট ফিল্ম ' ।                                  
' আৰ্ট ফিল্ম ' ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল  ১৯২০ - ১৯৩০ ৰ দশকত।  কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ  নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । 'ইণ্ডিয়ান চিনেমা 'ত পঢ়িছিলো । ) -- এজন দৰিদ্ৰ কৃষকৰ মন - মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । -- কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল ।    কৃষিকৰ্ম বাদ দি  কল-শ্রমিক  হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় -- চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক  ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ । -- ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰু এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহ , খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ' বিশ্ব চিনেমা ' পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰিছিল  । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প - উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে । সত্যজিৎ ৰায়ৰ লগতে এই ধাৰাটো মজবুট কৰে শ্যম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জা , আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰত , ছাজি এন. কৰণ , আৰিবাম শ্যাম শৰ্মা আদিয়ে ।
  -- ১৯৬৫ - ১৯৯০ চনৰ সময় ছোৱাত ' আৰ্ট ফিল্ম ' ধাৰণাটো ইমানেই স্পষ্ট হৈছিল যে অভিনেতা - অভিনেত্ৰীকো ছুইছিল । শাবানা আজমী, স্মিতা পাটিল, অমল পালেকাৰ, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাভাল, ফাৰুক শ্বেইখ আদিক কোৱা হৈছিল ' আৰ্ট ফিল্ম 'ৰ অভিনয় শিল্পী । নাছিৰুদ্দিন - শাবানাক কোৱা হৈছিল এই ধাৰাৰ সফল আৰু জনপ্ৰিয় যুটী । -- এই ' আৰ্ট ফিল্ম ' ধাৰণাটোৱে তেতিয়াৰ পৰা এতিয়ালৈ ' স্থানীয় বজাৰ ' ত চিনেমাৰ ক্ষতি কৰি আছে । অসমীয়া চিনেমাৰো ক্ষতি কৰিছে ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...