এতিয়া মাথো অপেক্ষা ! লাভলীনাই টকিঅ’ৰ বক্সিং ৰিঙত নমাৰ পূর্বেই প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে । ২৪ জুলাইৰ পুৱা ৮ বজাত অসমৰ বক্সাৰগৰাকীয়ে প্রথম ৰাউণ্ডৰ মেচত অৱতীর্ণ হোৱাৰ কথা আছিল যদিও তেওঁৰ প্রতিদ্বন্দ্বীগৰাকীয়ে নাম প্রত্যাহাৰ কৰে । আৰু লাভলীনাই ‘বাই’ লাভ কৰি টকিঅ’ অলিম্পিকৰ প্রমথটো ডেওনা অতিক্রম কৰে , সহজতে ৷ এতিয়া লাভলিনাই অহা ২৭ জুলাইত ৰিঙত নামিব । বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ লাভলীনাই পৰবৰ্তী তিনিখন খেল খেলিব লাগিব ক্ৰমে পঞ্চম স্থানৰ জাৰ্মানীৰ নাডিন এপটেজ (প্ৰি-কোৱাৰ্টাৰ), দ্বিতীয় স্থানৰ চাইনিজ টাইপেৰ নিয়েন-চিন চেন(কোৱাৰ্টাৰ) আৰু প্ৰথম স্থানৰ তুৰ্কীৰ বুচেনাজ চুৰমেনেলিৰ বিপক্ষে(ছেমি-ফাইনেল) । প্ৰতিযোগীতিৰ নিয়মত স্পষ্ট -- খেলসমূহ নক-আউট যেতিয়া প্ৰতিখনত জিকিলেহে পৰবৰ্তী গৰাকীৰ লগত খেলিৰ সুযোগ পাব । আমি আশা কৰিম এইকেইগৰাকী খেলুৱৈক হৰুৱাই ' সোণ ' জয় কৰক লাভলিনাই । -- উল্লেখ্য যে এতিয়ালৈকে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছে । গৌৰৱো অর্জন কৰিছে । কিন্তু কোনেও পদক জয়েৰে গৌৰৱো অর্জন কৰিব পৰা নাই । লাভলীনাই ' পদক জয় 'ৰে অলিম্পিকত অসম তথা ভাৰতৰ বিজয়ধ্বজা উৰুৱাব এয়া আমাৰ আশা , ৰাজ্যবাসী আশা !
বহুতে ধাৰণা কৰিছিল -- হিমা দাসৰ সৈতে টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই যাব ! কিন্তু সময় দেখা গ'ল অসমৰ পৰা টকিঅ' অলিম্পিক অকলে লাভলীনাহে গ'ল । নিৰৱে প্ৰচাৰৰ পৰা বহু আতৰত থাকি ক্ৰীড়া চৰ্চা কৰা লাভলীনাৰ আজি পৰিচয় -- ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। খেলুৱৈ গৰাকীয়ে ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল , ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত । আৰু আজি ? আজি অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় খেলুৱৈৰ মাজত থাকি টকিঅ' অলিম্পিকত ভাৰতৰ হৈ খেলাৰ সুযোগ পাইছে । খেলুৱৈ গৰাকীয়ে টকিঅ' অলিম্পিকত অংশ লোৱা অসমৰ প্ৰথম গৰাকী মহিলা হিচাবে গৌৰৱ কঢ়িয়াই আনিছে । এতিয়া অপেক্ষাত আছো আন এক গৌৰৱলৈ । ' বঁটা ' লাভেৰে আৰু গৌৰৱ কৰাৰ সুযোগ দিয়ক । উল্লেখ্য যে শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপেও পৰিচয় পালে লাভলীনাই ।
২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত হোৱা লাভলীনা বৰগোঁহাইৰ জন্ম ১৯৯৭ চনৰ ২ অক্টোবৰত , অসমৰ গোলাঘাট জিলাত । পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামণি বৰগোঁহাই শিক্ষাক গুৰুত্ব দিয়া ব্যক্তি । মধ্যম বৰ্গৰ ব্যৱসায়ী পিতৃয়ে সন্তানক কেৰিয়াৰ গঢ়াৰ স্বাধীনতা দিছিল । পিতৃৰ মতে , স্বাধীনতা যে দিছিল তাৰেই ফল লাভলীনাৰ ক্ৰীড়া উত্তৰণ । -- লাভলীনাই প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছলৈ বক্সিং খেলিবলৈ লয় । লাভলীনাৰ ক্ৰীড়া উত্তৰণ যাত্ৰা হয় ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীৰ পৰা । তাত প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে লাভলীনাৰ ক্ৰীড়া কৌশল । " মোৰ ধাৰণা আছিল ছোৱালী জনীক শিকালে আৰু কিছু কৌশলৰ জ্ঞান দিলে আগুৱাব পাৰিব । মই কলো তোক শিকাম ! তাই শিকিম বুলিলে । আৰু মই ২০১২ চনৰ পৰা প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে । মোৰ শিক্ষাই হয়তো তাইক সহায় কৰিছিল । কিন্তু তাই তাইৰ পৰিশ্ৰমেৰেহে সফলতা পাইছিল । বহুত পৰিশ্ৰম কৰিব পাৰে লাভলীনাই । " -- কৈছিল প্ৰশিক্ষক পদুম বড়োই । সন্দেহ নাই , এয়াই সত্য । পথাৰত কঠিয়া তুলিয়ো ক্ৰীড়াৰ বাবে কচৰৎ কৰা আমি দেখিছো । -- পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে। এই খিনিতে উল্লেখ কৰিব পাৰি যে লাভলীনাৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ । by : Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন