ফুটবল খেলুৱৈ আছিল বৰুৱা পৰিয়ালৰ নৃপেন বৰুৱা । " খেলৰ মাজত আন খেলুৱৈয়ে বল পাছ দিয়াৰ সময়ত , পাছ বিছৰাৰ সময়ত চিঞৰে -- ' নিপ ... ' । দৰ্শকেও চিঞৰে ' নিপ ! ' তেনেদৰে খৈলুৱৈ নৃপেন বৰুৱা নিপ নামেৰে জনপ্ৰিয় হৈছিল । আৰু যেতিয়া চিনেমা পৰিচালনা কৰিলে জনপ্ৰিয় ' নিপ 'নামটোৱে ব্যৱহাৰ কৰিলে । " -- কৈছিল ৰমেন বৰুৱাই । বহুতে এনেদৰে কয় , " ধাৰণা কৰা হৈছিল ' নিপ ' জনপ্ৰিয় নামটোৱে চিনেমা খনক ব্যৱসায়িক দিশত সহায় কৰিব ! " ১৯৫৫ চনত চিত্ৰগৃহলৈ অহা " স্মৃতিৰ পৰশ " নিপ বৰুৱাৰ প্ৰথম পৰিচালনা । প্ৰসঙ্গক্ৰমে লেখক - অভিনেতা লক্ষ্যধৰ চৌধুৰীয়ে " তিনিদিনীয়া অগ্ৰদূত "ত লিখিছিল , " জনপ্ৰিয় খেলুৱৈ নিপ বৰুৱা চিনেমা খনৰ ( স্মৃতিৰ পৰশ ) পৰিচালক বুলিয়ে বহুতে চাইছিল । চিনেমা ভাল নপোৱা খেলুৱৈ নিপক ভাল পোৱা বহুতেও ' নিপৰ চিনেমা ' চাবলৈ ভিৰ কৰিছিল । " চিনেমা খনৰ সঠিক বাজেট - ব্যৱসায়ৰ তথ্য ৰমেন বৰুৱাৰ পৰা নাপালো । সম্বৱতঃ স্থানীয় বজাৰত -- আংশিক সফল ! এই " আংশিক সফল "তাই মুকলি কৰিছিল অসমীয়া চিনেমাৰ " বজাৰ " সফলতাৰ দুৱাৰ । " ইন্দ্ৰমালতী " , " চিৰাজ " ৰ বাটেৰে অসমীয়া চিনেমাক বহুদূৰ আগুৱাই নিছিল নিপ বৰুৱাই । -- নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল " মাক আৰু মৰম " (১৯৫৭) ," ৰঙা পুলিচ "( ১৯৫৮ ) ," ভক্ত প্ৰহ্লাদ "(১৯৫৯ ) ," আমাৰ ঘৰ ' ( ১৯৬১ ) ," নৰকাসুৰ " (১৯৬২) ." বৰুৱাৰ সংসাৰ " (১৯৭০ )," সোনেতৰা " ( ১৯৭৭ )" সোণমাই " (১৯৭৮ )" মনিমা " (বাংলা /১৯৮০) ,
" আজলী নবৌ " (১৯৮০ ) ," আই মোৰ জনমে জনমে " ( ১৯৮০ ) ," ককাদেউতা নাতি আৰু হাতী " ( ১৯৮৪ ) ," শকুন্তলা আৰু শংকৰ জোচেফ আলি " (১৯৮৫) ," দাদু নাতি ও হাতী " (বাংলা /১৯৮৬)আৰু " এণ্টনী মোৰ নাম " ( ১৯৮৬ ) । পৰিচালক গৰাকীৰ " মাক আৰু মৰম " আৰু " ৰঙা পুলিচ " চিনেমা দুখনে ক্ৰমে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱাৰ বিপৰীতে " আজলী নবৌ " , " ককাদেউতা নাতি আৰু হাতী " ৰে ব্যৱসায়িক দিশত সফল ( বক্স অ'ফিচত -- ছুপাৰ হিট ) হৈছিল । এই কথা উল্লেখ নকৰিলো হেতেন , যদিহে সেই সময়তো চিনেমাৰ " আৰ্ট - কমাৰ্চিয়েল " বিভাজন নাথাকিল হেতেন । এই বিভিজনৰ বিপৰীতে নিপ বৰুৱাই চিনেকৰ্মৰে স্পষ্ট কৰি দিছিল চিনেমা মানে চিনেমা ! " নিপ বৰুৱাই বিশ্বাস কৰিছিল চিনেমাৰ দুটা ভাগ -- ভাল চিনেমা আৰু বেয়া চিনেমা । " ( পদ্ম বৰকটকীয়ে লিখিছিল " সোঁতৰ বিবৰীতে " শিতানত । সম্ভৱতঃ " তিনিদিনীয়া অগ্ৰদূত "ত প্ৰকাশ হৈছিল । কথাশিল্পী গৰাকীয়ে অৱশ্যে " চিনেমা " শব্দটো লিখা নাছিল , " বোলছবি " শব্দটো লিখিছিল । )
সংযোজন : নিপ বৰুৱাই অভিনয়ো কৰিছিল । সংগীতৰ সৈতেও জৰিত আছিল । কৰ্টুনো আকিছিল । " দ্য আছাম ট্ৰিবিউন "ত কাৰ্টুন আৰু বহু ছবি আঁকিছিল ।
*********
চিত্ৰনাট্য ৰচনাত অসাধাৰণ দখল আছিল দ্বিবন দাৰ ! -- কৈছিল পৰিচালক - লেখক হেমন্ত দত্তই । দ্বিবন দা , মানে দ্বিবন বৰুৱা ।চিনেমা পৰিচালনাৰ লগতে সঙ্গীত , অভিনয়তো দক্ষতা আছিল । পৰিচালনা কৰিছিল : যোগ বিয়োগ (১৯৭১) , তৰামাই (১৯৭৫ ) , মৰম (১৯৭৮) , ৰজা হৰিশ্চন্দ্ৰ (১৯৮০) , মন আৰু মৰম (১৯৮০) , উত্তৰ শূন্য (১৯৮১) আৰু অজলা ককাই(১৯৮৯) । অভিনয় কৰিছিল " মাক আৰু মৰম " (১৯৫৭), " তৰামাই " (১৯৭৫), " মৰম " (১৯৭৮), " মন আৰু মৰম " (১৯৮০) আদি চিনেমাত । পৰিচালক গৰাকীৰ চিনেশৈলি এটা বিশেষ বৃত্তত বন্দী নাছিল । ১৯৫৭ চনত অভিনয়ৰে চিনেযাত্ৰা কৰে । প্ৰমাণ দিব পৰাকৈ কোনো তথ্য হয়তো পোৱা নাজাব ! কিন্তু এই কথা নুই কৰিব নোৱাৰি "বৰুৱা পৰিয়াল"ৰ চিনেমাত চিত্ৰনাট্য আদিৰ কাম যে কৰা নাছিল ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন