কোৱা হয় " ডক্তৰ বেজবৰুৱা " -- ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা প্ৰথম খন চিনেমা ! -- নহয় , " আমাৰ ঘৰ "ৰ সংগীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাৰ সৈতে , ১৯৫৯ চনত । " আমাৰ কাম ঘৰুৱাভাবে হৈছিল । হঠাতে এদিন ক'লে ( ব্ৰজেন বৰুৱাই ) মই ' ডক্তৰ বেজবৰুৱা 'ৰ সংগীতৰ কাম কৰিব লাগিব ! অকলে কৰিব লাগিব ! মোক চিনেমাৰ কাহিনী ক'লে , মুড বুজালে । আৰু সংগীতৰ কথা চিন্তা কৰাৰ দায়িত্ব দিলে । তেনেদৰে দ্বীপেন বৰুৱাই গীত গোৱা সিদ্ধান্তয়ো হঠাতে লৈছিল । দ্বীপেনৰ অভিনয় , সংগীতত ৰাপ নিছিল । ক্ৰিকেটত ৰাপ আছিল ।। কোচবিহাৰ ট্ৰফি, ৰঞ্জি ট্ৰফি আদি অসমৰ হৈ খেলিছিল । হঠাতে মোক কৈছিল ( ব্ৰজেন বৰুৱাই ) ' গীত ( 'ডক্তৰ বেজবৰুৱা'ৰ গীত ) দ্বীপেনে গাব । চিন্তা কৰিব নালাগে ! সি গা ধুই থাকোঁতে গীত গোৱা শুনিছো । কণ্ঠ ভাল । আৰু সচাকৈয়ে সি ভাল গালে । পিছৰ চিনেমাতো গালে । ক্ৰিকেটাৰৰ পৰা গায়ক হ'ল । " -- ৰমেন বৰুৱাই কৈছিল । ৰমেন বৰুৱাই সংগীত পৰিচিলকৰ যাত্ৰা আৰম্ভ কৰিছিল ঊনৈশ বছৰ বয়সত । আৰু সংগীতেৰে সজাই গৈছিল "বৰুৱাৰ সংসাৰ " , " মুকুতা " ," যোগ বিয়োগ " ," ললিতা " ," ওপজা সোণৰ মাটি " , " হৃদয়ৰ প্ৰয়োজন " ," উত্তৰণ " , " সোণতৰা " , " পৰিণাম " ," তৰামাই " , "সোণমা " , " মৰমী ", " মৰম " ,
" আশ্ৰয় " ," আজলী নবৌ " , " ৰজা হৰিশ্চন্দ্ৰ " , " মানসী " ," উত্তৰ শূন্য " , " ৰাজা " " ককাদেউতা নাতি আৰু হাতী " , " শকুন্তলা আৰু শংকৰ জোচেফ আলি " , " এণ্টনী মোৰ নাম " , " দীপজ্যোতি " , " অজলা ককাই " , " মনিমা " (বাংলা / 'সোণমা'ৰ বাংলা ৰূপ ) , " দাদু, নাতি-হাতী " ( বাংলা / 'ককাদেউতা, নাতি আৰু হাতী'ৰ বাংলা ৰূপ ) । সংগীত পৰিচালক গৰাকীয়ে চিনেমাৰ গীতত কণ্ঠদানো কৰিছিল ( চিনেমা : স্মৃতিৰ পৰশ , মাক আৰু মৰম , আমাৰ ঘৰ , ওপজা সোণৰ মাটি ,
অজলা ককাই , মানসী। )
-- গীত আৰু চিনেমাৰ গীতৰ মাজত দূৰত্ব আছে । এই দূৰত্ব স্পষ্ট হৈছিল ৰমেন বৰুৱাই চিনেমাৰ বাবে ৰচনা কৰা সুৰ আৰু লিখোৱা গীতত । " চিনেমাৰ গীত ৰচনা কৰা হয় কাহিনিয়ে বিছৰা ধৰনে । চিনেমাৰ গীতে কাহিনী আগবঢ়াই নিয়ে , কাহিনী কয় , পৰিবেশ গঢ়ে । তেনেদৰে আৱহ সংগীতে চিনেমাৰ কাহিনীৰ পৰিবেশ গঢ়াত সহায় কৰে । আৱহ সংগীত ৰচনাত সংগীত পৰিচালকৰ পৰিশ্ৰম বেছি হয় । আৰু মই ভাবো পৰিশ্ৰম বেছি কৰিব লাগে । গীত ব্যৱহাৰ নকৰাকৈ চিনেমা হব পাৰে ; আৱহ সংগীত ব্যৱহাৰ নকৰাকৈ খুব কম চিনেমাহে হৈছে । আৰু তুমি কোৱা কথাটোও সঁচা -- গীতৰ বাবেও কেতিয়াবা কেতিয়াবা দৰ্শকে চিনেমা এখন আদৰি লয় , মনত ৰাখে । " -- ৰমেন বৰুৱাই কৈছিল ।
সংযোজন : ১৯৪০চনত জন্ম হোৱা ৰমেন বৰুৱাই কৈশোৰ অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈছিল । পৰৱৰ্তী সময়ত অনাতাঁৰ কেন্দ্ৰৰো নিৰ্বাচিত কণ্ঠশিল্পী , মিউজিক কম্পোজাৰ হিচাবে সংগীত কৰ্ম কৰিছিল । সুৰেৰে সজাইছিল নৱকান্ত বৰুৱা , কেশৱ মহন্ত অজিৎ বৰুৱা আদি গীতিকাৰৰ গীত ।
*****
অসমীয়া চিনেমাৰ " ছুপাৰ হিট " গীতৰ তালিকাত ৰাখিব লাগিব ৰমেন - দ্বীপেন যুটীৰ সৰহ সংখ্যক গীতেই । ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে দ্বীপেন বৰুৱাই কণ্ঠদান কৰিছে "ডক্তৰ বেজবৰুৱা ".
" বৰুৱাৰ সংসাৰ " , "মুকুতা " , " যোগ বিয়োগ " , " ললিতা " , " ওপজা সোণৰ মাটি " , " সোণতৰা " ,
" পৰিণাম " , " তৰামাই " , " সোণমা " , " মৰমী " ," মৰম " , " আশ্ৰয় " , " আজলী নবৌ " ,
" ৰজা হৰিশ্চন্দ্ৰ " , " মন আৰু মৰম " " মানসী ' , " উত্তৰ শূন্য ' , " ৰাজা " , "উত্তৰণত ". " হৃদয়ৰ প্ৰয়োজ " , " ককাদেউতা নাতি আৰু হাতী " , " শকুন্তলা আৰু শংকৰ জোচেফ আলি " , " এণ্টনী মোৰ নাম " , " দীপজ্যোতি " আৰু " অজলা ককাই "ত । কণ্ঠদান কৰিছে ( "মানৱ আৰু দানৱ " , " উপগ্ৰহ " , " অভিযান "ত ) জীতু-তপন , ( " অৰণ্য " আৰু " উত্তৰ শূন্য "ত ) সুধীন দাশগুপ্ত , ("গণেশ'ত ) অজিত সিংহ , ( "সোণৰ হৰিণ"ত ) তফজ্জুল আলি , ( "মেঘমুক্তি"ত ) খগেন মহন্ত , (" ৰজনী গন্ধা"ত) কুমিৰ ৰঞ্জন , ( "ইমান মৰম কিয় লাগে"ত ) মনোজ শৰ্মা , ( "তুমিয়ে মোৰ কল্পনাৰ "ত) নয়নমণি বৰুৱা - জয়ন্ত , আৰু ( "আই মোৰ জনমে জনম"ত ) অনুপম চৌধুৰীৰ সংগীতেৰেও ।
১৯৪৫ চনত লতাশিলৰ বিখ্যাত ঘৰটোতে দ্বিপেন বৰুৱাৰ জন্ম । ১৯৬৮ চনত সংগীত যাত্ৰা কৰিছিল । ২৩ বছৰ বয়সত কৰা সেই সংগীত যাত্ৰাৰ গতি যেন আজি জুলাই , ২০২১তো যেন স্থৱিৰ হোৱা নাই !
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন