সরাসরি প্রধান সামগ্রীতে চলে যান

ৰমেন বৰুৱা ...

কোৱা হয় " ডক্তৰ বেজবৰুৱা " --  ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা প্ৰথম খন চিনেমা ! -- নহয় , " আমাৰ ঘৰ "ৰ সংগীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাৰ সৈতে , ১৯৫৯  চনত । " আমাৰ কাম ঘৰুৱাভাবে হৈছিল । হঠাতে এদিন ক'লে ( ব্ৰজেন বৰুৱাই ) মই ' ডক্তৰ বেজবৰুৱা 'ৰ সংগীতৰ কাম কৰিব লাগিব ! অকলে কৰিব লাগিব ! মোক চিনেমাৰ কাহিনী ক'লে , মুড বুজালে । আৰু সংগীতৰ কথা চিন্তা কৰাৰ দায়িত্ব দিলে । তেনেদৰে             দ্বীপেন বৰুৱাই গীত গোৱা সিদ্ধান্তয়ো হঠাতে লৈছিল  ।  দ্বীপেনৰ অভিনয় , সংগীতত ৰাপ নিছিল ।  ক্ৰিকেটত ৰাপ আছিল ।।  কোচবিহাৰ ট্ৰফি, ৰঞ্জি ট্ৰফি  আদি অসমৰ হৈ খেলিছিল । হঠাতে মোক কৈছিল ( ব্ৰজেন বৰুৱাই ) ' গীত ( 'ডক্তৰ বেজবৰুৱা'ৰ গীত )  দ্বীপেনে  গাব । চিন্তা কৰিব নালাগে ! সি গা ধুই থাকোঁতে গীত গোৱা শুনিছো । কণ্ঠ ভাল । আৰু সচাকৈয়ে সি ভাল  গালে । পিছৰ চিনেমাতো গালে । ক্ৰিকেটাৰৰ পৰা গায়ক হ'ল । " -- ৰমেন বৰুৱাই কৈছিল । ৰমেন বৰুৱাই সংগীত পৰিচিলকৰ যাত্ৰা  আৰম্ভ কৰিছিল ঊনৈশ বছৰ বয়সত । আৰু সংগীতেৰে সজাই গৈছিল  "বৰুৱাৰ সংসাৰ " , " মুকুতা " ," যোগ বিয়োগ " ," ললিতা " ," ওপজা সোণৰ মাটি " , " হৃদয়ৰ প্ৰয়োজন " ," উত্তৰণ " , " সোণতৰা " , " পৰিণাম " ," তৰামাই " , "সোণমা " ,   " মৰমী ", " মৰম " ,
" আশ্ৰয় " ," আজলী নবৌ " , " ৰজা হৰিশ্চন্দ্ৰ " ,      " মানসী " ," উত্তৰ শূন্য " , " ৰাজা " " ককাদেউতা নাতি আৰু হাতী " , " শকুন্তলা আৰু শংকৰ জোচেফ আলি " , " এণ্টনী মোৰ নাম " , " দীপজ্যোতি " ,        " অজলা ককাই " , " মনিমা " (বাংলা / 'সোণমা'ৰ বাংলা ৰূপ ) , " দাদু, নাতি-হাতী " ( বাংলা / 'ককাদেউতা, নাতি আৰু হাতী'ৰ বাংলা ৰূপ ) । সংগীত পৰিচালক গৰাকীয়ে চিনেমাৰ গীতত  কণ্ঠদানো কৰিছিল ( চিনেমা :  স্মৃতিৰ পৰশ , মাক আৰু মৰম , আমাৰ ঘৰ ,  ওপজা সোণৰ মাটি ,
অজলা ককাই ,  মানসী। )                                   
 -- গীত আৰু চিনেমাৰ গীতৰ মাজত দূৰত্ব আছে । এই দূৰত্ব স্পষ্ট হৈছিল ৰমেন বৰুৱাই চিনেমাৰ বাবে ৰচনা কৰা সুৰ আৰু লিখোৱা গীতত । " চিনেমাৰ গীত ৰচনা কৰা হয় কাহিনিয়ে বিছৰা ধৰনে । চিনেমাৰ গীতে কাহিনী আগবঢ়াই নিয়ে , কাহিনী কয় , পৰিবেশ গঢ়ে । তেনেদৰে আৱহ সংগীতে চিনেমাৰ কাহিনীৰ পৰিবেশ গঢ়াত সহায় কৰে । আৱহ সংগীত ৰচনাত সংগীত পৰিচালকৰ পৰিশ্ৰম বেছি হয় । আৰু মই ভাবো পৰিশ্ৰম বেছি কৰিব লাগে । গীত ব্যৱহাৰ নকৰাকৈ চিনেমা হব পাৰে ; আৱহ সংগীত ব্যৱহাৰ নকৰাকৈ খুব কম চিনেমাহে হৈছে । আৰু তুমি কোৱা কথাটোও সঁচা -- গীতৰ বাবেও কেতিয়াবা কেতিয়াবা দৰ্শকে চিনেমা এখন আদৰি লয় , মনত ৰাখে । " -- ৰমেন বৰুৱাই কৈছিল । 
সংযোজন : ১৯৪০চনত জন্ম হোৱা ৰমেন বৰুৱাই  কৈশোৰ অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈছিল । পৰৱৰ্তী সময়ত অনাতাঁৰ কেন্দ্ৰৰো নিৰ্বাচিত কণ্ঠশিল্পী , মিউজিক কম্পোজাৰ হিচাবে সংগীত কৰ্ম কৰিছিল । সুৰেৰে সজাইছিল নৱকান্ত বৰুৱা , কেশৱ মহন্ত অজিৎ বৰুৱা আদি গীতিকাৰৰ গীত ।

                        *****
অসমীয়া চিনেমাৰ " ছুপাৰ হিট " গীতৰ তালিকাত ৰাখিব লাগিব ৰমেন - দ্বীপেন যুটীৰ সৰহ সংখ্যক গীতেই । ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে দ্বীপেন বৰুৱাই কণ্ঠদান কৰিছে "ডক্তৰ বেজবৰুৱা ".
" বৰুৱাৰ সংসাৰ " , "মুকুতা " , " যোগ বিয়োগ " , " ললিতা " , " ওপজা সোণৰ মাটি " , " সোণতৰা " ,
" পৰিণাম " , " তৰামাই " , " সোণমা " , " মৰমী " ," মৰম " , " আশ্ৰয় " , " আজলী নবৌ " ,
" ৰজা হৰিশ্চন্দ্ৰ " ,   " মন আৰু মৰম "  " মানসী ' , " উত্তৰ শূন্য ' , " ৰাজা " ,  "উত্তৰণত ".   " হৃদয়ৰ প্ৰয়োজ " ,  " ককাদেউতা নাতি আৰু হাতী " ,  " শকুন্তলা আৰু শংকৰ জোচেফ আলি " ,    " এণ্টনী মোৰ নাম " , " দীপজ্যোতি " আৰু " অজলা ককাই "ত । কণ্ঠদান কৰিছে  ( "মানৱ আৰু দানৱ "  ,  " উপগ্ৰহ "  , " অভিযান "ত ) জীতু-তপন , ( " অৰণ্য " আৰু " উত্তৰ শূন্য "ত ) সুধীন দাশগুপ্ত , ("গণেশ'ত ) অজিত সিংহ , ( "সোণৰ হৰিণ"ত ) তফজ্জুল আলি ,  ( "মেঘমুক্তি"ত ) খগেন মহন্ত , (" ৰজনী গন্ধা"ত) কুমিৰ ৰঞ্জন , ( "ইমান মৰম কিয় লাগে"ত ) মনোজ শৰ্মা , (  "তুমিয়ে মোৰ কল্পনাৰ "ত) নয়নমণি বৰুৱা -  জয়ন্ত , আৰু ( "আই মোৰ জনমে জনম"ত ) অনুপম চৌধুৰীৰ সংগীতেৰেও । 
  
১৯৪৫ চনত লতাশিলৰ বিখ্যাত ঘৰটোতে দ্বিপেন বৰুৱাৰ জন্ম । ১৯৬৮ চনত সংগীত যাত্ৰা কৰিছিল । ২৩ বছৰ বয়সত কৰা সেই সংগীত যাত্ৰাৰ গতি যেন  আজি জুলাই , ২০২১তো যেন স্থৱিৰ হোৱা নাই !

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...