অপেক্ষাত আৰু এখন অসমীয়া চিনেমাৰ , ৰীমা দাসৰ নতুন অসমীয়া চিনেমাৰ । হয়তো চিনেমা খনৰ নাম হব ' পূৰ্ণ চন্দ্ৰা ' । হয়তো বুলি কোৱাৰ কাৰণ , অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ণ ) নিগমৰ ৫০ লাখ টকা বাজেটৰ এই চিনেমা খনৰ শেহতীয়া স্থিতি জনোৱা নাই । -- হয়তো ক'ৰোণা সমস্যাৰ বাবে কামবোৰ সময় মতে আগবঢ়া নাই ! আৰু এটা কথা ' হঠাৎ চিত্ৰৰসিকৰ বাবে চৰ্চা 'ৰ বিষয় হোৱা ( ২০১৭ চনত ) ৰীমা দাসে চিনেকৰ্ম কৰি আহিছে প্ৰচাৰ মাধ্যমৰ আতৰত থাকি , নিৰৱে । চিনেকৰ্মী গৰাকী চৰ্চালৈ আহিছিল ২০১৭ চনত , তৃতীয় পৰিচালনা ' ভিলেজ ৰকষ্টাৰ্ছ ' ৰে , দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ জয় কৰাৰ পিছত । ২০১৭ চনত টৰোণ্টো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা চিনেযাত্ৰা আৰম্ভ কৰিছিল ' ভিলেজ ৰকষ্টাৰ্ছ '-এ । মুলতঃ পৰিচালনাশৈলী যান্ত্ৰীকতা মুক্ত বাবে , ৰূপালী গল্পটো নিৰ্মল গাওঁ এখনলৈ ৰূপান্তৰ হোৱা বাবে 'চিনেমা বিশ্ব 'ত চৰ্চাৰ বিষয় হৈছিল , চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল চিনেমা খনে । বিশেষকৈ আকৰ্ষণ কৰিছিল Visual appeal -এ । এগৰাকী সমালোচকে লিখিছিল -- ' Rim Das' Film Is Not A Masterpiece, It's A Miracle ' আন এগৰাকীয়ে লিখিছিল -- ' Village Rockstars’ film review: This unsentimental underdog story is a visual poem about Assam . ' -- এনে ধৰণৰ আৰু কেইবাটাও লেখা পঢ়াৰ পিছত চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল । আৰু যেতিয়া চিনেমা খনৰ দৰ্শক হৈছিলো , অনুভৱ কৰিছিলো -- সচাকৈয়ে চিনেমেটিক চমক । কাৰিকৰী ত্ৰুটি অৱশ্যেই আছিল ; কিন্তু গল্গ কোৱাৰ বিশুদ্ধতাৰ ওচৰত নিস্প্ৰভ কাৰিকৰী ত্ৰুটি । চিনেমা খন দেশ - বিদেশৰ প্ৰায় ৮০ খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় । চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ লগতে ৪৪টা বঁটা লাভ কৰিবলৈ সক্ষম হয় , ভিন্ন চলচ্চিত্ৰ মমোৎসৱৰ ভিন্ন শিতানত । আৰু এটা উল্লেখ্য দিশ হ'ল চিনেমা খনে লাভ কৰে ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা , শ্ৰেষ্ঠ চিনেমাৰ শিতানত । ১৯৮৭ চনত জাহ্নু বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ' হালধীয়া চৰায়ে বাওধান খায়'ৰ পিছত শ্ৰেষ্ঠ চিনেমাৰ স্বৰ্ণ কমল পোৱা দ্বিতীয় খন অসমীয়া চিনেমা ' ভিলেজ ৰকষ্টাৰ্ছ ' । ৰীমা দাসে শ্ৰেষ্ঠ সম্পাদনা, ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পী আৰু মল্লিকা দাসে শব্দ গ্ৰহণৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । আৰু আন এক বিশেষ সফলতা -- অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা ( প্ৰথম অসমীয়া ) চিনেমাৰ তালিকাভুক্ত হয় । আৰু এটা কথা অৱশ্যেই উল্লেখ কৰিব লাগিব -- 'ভিলেজ ৰকষ্টাৰ্ছ ' ৰীমা দাসৰ , কেবল ৰীমা দাসৰ চিনেমা । কেমেৰা চলোৱাৰ পৰা সম্পাদনালৈ -- চিনেমা খনৰ প্ৰতিটো দিশ চম্ভালিছে ৰীমাই । আনকি কোনো পেশাদাৰী অভিনেতা নোহোৱাকৈ , কেৱল গাঁৱৰ ল'ৰা ছোৱালীক কেমেৰাৰ সন্মুখত অভিনয় কৰাই চিকুৱেন্স নিৰ্মাণ কৰিছিল । নিৰ্দিষ্ট বাজেট নাছিল । কম বাজেটত , দীৰ্ঘ সময় লৈ সম্পূৰ্ণ কৰিছিল ৮০ মিনিট দৈৰ্ঘৰ চিনেমা খন ।
' ভিলেজ ৰকষ্টাৰ্ছ'ৰ দৰ্শক হোৱাৰ পিছত স্বাভাবিকতে জানিবলৈ চেষ্টা কৰিছিলো ৰীমা দাসক । অভিনেত্ৰী হোৱাৰ মন আছিল । অভিনেত্ৰী হোৱাৰ মন লৈ মুম্বই পাইছিল । অভিনয়ৰ পাঠ লৈছিল । নাটকত অভিনয় কৰিছিল । পৃথ্বি থিয়েটাৰত মুন্সী প্ৰেমচন্দৰ "গোদান" অভিনয় কৰিছিল । কেইখন মান নাটকত অভিনয় কৰাৰ পিছত অনুভৱ কৰিছিল -- ' নহব , মোৰ পেছা অভিনয় ! -- অসম্ভব ! ' কছু দিন পিছত অনুভৱ কৰিলে -- 'মোৰ দ্বাৰা চিনেমা সম্ভব হব পাৰে ! ' সেই সময়ত ৰীমাক সত্যজিৎ ৰায়, শ্যাম বেনেগাল , মাজিদ মাজিদি আদিৰ চিনেকৰ্মই আকৰ্ষণ কৰিছিল , প্ৰেৰণা দিছিল । সেই সময় চোৱাত নিৰ্বাচিত চিনেমা ( চাইছিল ) অধ্যয়ণ কৰিছিল আৰু ' মেকিং ' বুজিবলৈ চেষ্টা কৰিছিল । আৰু সেই সময়ত কেইবাগৰাকীও দক্ষ ভাৰতীয় চিনেকৰ্মীৰ সৈতে চিনেচৰ্চাৰ সুযোগ পোৱা বুলি জনা যায় । আৰু এদিন অভিজ্ঞতাৰে 'চিনেমা ' শিকি মুম্বইৰ পৰা অসমলৈ উভতি আহে । লগত লৈ আহে এটা কেমেৰা , চিনেমা বিষয়ৰ কেইখন মান গ্ৰন্থ । আৰু এদিন নিজৰ জন্ম গাওঁ ছয়গাৱত চিনেমাৰ কাম আৰম্ভ কৰে । একমাত্ৰ সহযোগী ভগ্নী মল্লিকা দাস ।
ভিলেজ ৰকষ্টাৰ্ছৰ পূৰ্বে ৰীমা দাসে চুটি চিনেমা 'প্ৰথা ' আৰু ' অন্তৰ্দৃষ্টি ' (২০১৬) নামৰ অসমীয়া চিনেমা এখন পৰিচালনা কৰিছিল । কব পাৰি এই দুই চিনেকৰ্মৰে ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ বুনিয়াদ নিৰ্মাণ কৰিছিল । আৰু ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ বুনিয়াদত ঠিয় হৈ কলম - কেমেৰাৰে ৰচনা কৰিছিল ' বুলবুল কেন ছিং ' (২০১৮) । চিনেযাত্ৰা আৰম্ভ হয় টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত । ৬৬সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ( শ্ৰেষ্ঠ অসমীয়া চিনেমা শিতানত ) ৰ লগতে স্বভাবিকতে দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁটা লাভ কৰিছে , প্ৰদৰ্শন হৈছে । কিন্তু চিত্ৰৰসিকে ' ভিলেজ ৰকষ্টাৰ্ছ'ৰ দৰে প্ৰশংসা কৰাৰ বাট বিছাৰি নাপালে ।
সংযোজন : ৰীমা দাসৰ জন্ম ১৯৮২ চনত , কামৰূপ জিলাৰ ছয়গাঁৱত । মধ্যবিত্ত পৰিয়ালৰ শিক্ষক পিতৃৰ সন্তান ৰীমাই প্ৰাথমিক শিক্ষা ছয়গাঁৱত শেষ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী , পুণে বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (National Eligibility Test, NET)-ত উত্তীৰ্ণ হয় । কিন্তু ' অভিনয় '-এ মুম্বাইলৈ টানি নিয়ে । -- ৰীমা দাসক চলচ্চিত্ৰ কৰ্মৰ বাবে ২০১৮ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰে । কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱতো ৰীমা দাসক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । ইয়াৰোপৰি ২০১৮ চনত জিকিউ (GQ) আলোচনীয়ে ৰীমা দাসক আন এক সন্মান দিয়ে ৫০ গৰাকী প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত ৰাখি ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন