অকণ' । গৌৰী বৰ্মনৰ পৰিচালনা । কাহিনী - চিতনাট্য নিৰোদ চৌধুৰীয়ে লিখিছিল ,গৌৰী বৰ্মণৰ কাহিনীৰে । কোৱা হয় 'অকণ' প্ৰথম অসমীয়া শিশু চিনেমা । কিন্তু সেই সময়ত শিশু চিনেমাৰ বেলেগ চাৰ্টিফিকত দিয়াৰ নিয়ম নাছিল । কিন্তু সেই সময়ত 'কিশোৰ মনে'ৰে চিনেমা খন উপভোগ কৰিছিলো । মনত ৰৈ গৈছিল অকন । -- অকনৰ দেউতাক নাই । দেউতাকে জীয়াই থাকোঁতে চৌধুৰীৰ বাংলোত কাম কৰিছিল । আইতাকৰ সৈতে দেউতাকৰ অবৰ্তমানতো চৌধুৰীৰ চৌহদতে থাকে । আৰ্থিক সমস্যাই অকনৰ মন স্পৰ্শ নকৰ , কেতিয়াও । তাক সকলোৱে ভাল পায় । তাক সকলোৱে কিয় ভাল পায় , এই কথা সহজ ভাবে লব নোৱাৰে আবিৰে ।আবিৰে অকনক হিংসা কৰে । অকনে হাঁহিমুখে সহজ ভাবে লয় । আৰু এদিন আবিৰক দুৰ্ঘটনাৰ পৰা বচাবলৈ গৈ অকনৰ মৃত্যু হয় । -- চিনেমা খনৰ কাহিনীক গতি দিয়ে এক শিক্ষামূলক ভ্ৰমণেৰে । স্কুল বন্ধ । সিদ্ধান্ত লোৱা হয় শিক্ষাৰ্থী সকলক ভূগোল, ইতিহাস, সংস্কৃতি ইত্যাদিৰ জ্ঞান বঢ়াবলৈ কাজিৰঙা, শিৱসাগৰ , হাজো, গুৱাহাটী,বৰপেটা আদিলৈ ফুৰাব নিব । অকনৰ টকা নাই । কেনেকৈ যাব ! ঠিক হ'ল পইচা বৰঙণি তুলি অকণৰ ভাগৰ টকা খিনি দিয়া হব ।আৰু ভ্ৰমণত গ'ল অকনহত । আৰু দৰ্শক সকলেও ভ্ৰমণৰ আনন্দ উপভোগ কৰে । -- চিনেমা খনত 'উদ্ধৱ বন্ধু মধুপুৰ ৰহল মুৰাৰী, কাহে নাহেৰি ৰহব অব জীৱন ... ' বৰগীতটোৰ লগতে 'ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ... ' ,
'আমি ভাইটি ভণ্টি নাই দেখোন...' আৰু
'কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াৱহ নহয়, নহয় অভয়াৰণ্য ...' গীত তিনিতা ব্যৱহাৰ কৰা হৈছে । -- কব পাৰি চিনেমা খনৰ মাজেৰে পৰিচালক গৌৰী বৰ্মনে কিশোৰ সকলক অসম কেন্দ্ৰীক জ্ঞান দিছে । মঠ , মন্দিৰ , অৰণ্য ,বৰগীত ইত্যাদিৰ ।
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন