'শকুন্তলা'ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল। থানু বৰাকো কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। পিছত চিত্ৰনাট্য লিখিছিল -- 'শংকৰদেৱ', 'সীমিন্তৰ সৈনিক', 'কুমাৰ হৰণ', 'ধুমুহা', 'বোৱঁতী সুঁতি'ৰ। কিন্তু ছবি কেইখন কাগজতে থাকিল। 'মোক কৈছিল -- হেৰা চণ্ডী ( থানু বৰাই দ্বিতীয় খন অসমীয়া চিনেমা ' ইন্দ্ৰ মালতী 'ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল । ) বোলছবি কৰিম'। তুমিয়ো অভিনয় কৰিব লাগিব।' -- কথা প্ৰসংগত তেজপুৰৰ থানু বৰাই আমাক কৈছিল । থানু বৰাৰ মতে 'সময় নাছিল। বহু কামৰ পিছত দৌৰা মানুহ। ছবিৰ কামত বহু সময় দিব লাগে । ছবি এদল মানুহে কৰা কাম । আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে । মই ভাবো ইচ্ছাহে আছিল , সময় নাছিল।' বহুতে কব খোজে 'চিৰাজ' সম্ভৱ হৈছিল ফনী শৰ্মাৰ বাবে । -- বিষ্ণুপ্ৰসাদ ৰাভাই চিৰাজৰ চিত্ৰনাট্য - পৰিচালনা ফনী শৰ্মাৰ সৈতে কৰিছিল । সংগীতৰো কাম কৰিছিল । অভিনয়ো কৰিছিল । ( 'এৰাবাটৰ সুৰ ', 'প্ৰতিধ্বনি' তো আভিনয় কৰিছিল ।) -- এই যে চিনেমাৰ বাবে 'সময় সমস্যা'ৰ কথা কোৱা হৈছে যুক্তিহীন নহয় । শুনা যায় ( কথা প্ৰসংগত লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাইও কৈছিল ) 'চিৰাজ'ৰ চিত্ৰগ্ৰহণৰ সময়তো হেনো প্ৰায়ে বিছাৰি আনিব লগীয়া হৈছিল ! আন কিবা কামত ব্যস্ত হৈ পৰিছিল , চিনেমাৰ কথা পাহৰি আছিল ।
সংগ্ৰামী , সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা , কবি, সাহিত্যিক, নাট্যকাৰ ইমান কেইটা যদি পৰিচয় নহ'ল হেতেন ! -- বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিচয় যদি চিনেকৰ্মী হ'ল হেতেন নিশ্চয় অসমীয়া চিনেমাৰ বুনিয়াদ আৰু মজবুট হ'ল হেতেন।'সীমান্তৰ সৈনিক' ৰ চিত্ৰনাট্য খন পঢ়িলে অনুভৱ কৰিব পাৰি শিল্পী গৰাকীৰ চিনেদক্ষতা ।
সংযোজন : নৃত্যভাষাত অসাধাৰণ দখল থকা বিষ্ণু প্ৰসাদ ৰাভাক হিন্দু বিশ্ববিদ্যালয়ৰসেই সময়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে (১৯৩৯ চনত) কলাগুৰু উপাধি প্ৰদান কৰিছিল , নটৰাজ' নৃত্যত বিমুগ্ধ হৈ (এই তথ্য ভুল বুলি কব খোজে একাংশ 'গৱেষকে'।) বিশিষ্ট শিল্পী, মুক্তি যুঁজাৰু গৰাকীৰ কায়িক মৃত্যু : ২০ জুন, ১৯৬৯ । জন্ম : ৩১ জানুৱাৰী, ১৯০৯ । শিক্ষা : ঢাকাৰ সেনা বিভাগৰ বিদ্যালয় , তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় , ( ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল ) , চেণ্টপল’ কলেজ (প্ৰথম বিভাগত আই এছ ছি পাছ কৰে ) , কলিকতাৰ ৰিপন কলেজ । by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন