ব্ৰজেন বৰুৱা ,নিপ বৰুৱাৰ পিছত অসমীয়া চিনেমাৰ ' স্থানীয় বজাৰ ' খনক গতি দিছিল শিৱ প্ৰসাদ ঠাকুৰে । ফাগুনী , বোৱাৰী , ঘৰ সংসাৰ , সোণ মইনা , এই দেশ মোৰ দেশ , অহিৰ ভৈৰৱ , অস্তৰাগ , মন মন্দিৰ , ময়ূৰী , শেৱালি , অশান্ত প্ৰহৰ শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা ( চিনেমা প্ৰযোজনাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল । চিনেমা খনৰ নাম : মমতা । চিনেমা খনত অভিনয়ো কৰিছিল । এই চিনেমা খনেৰে সংগীতৰ দিশত সহায় কৰি মুনিন বৰুৱাই ও চিনে যাত্ৰা কৰিছিল । পৰবৰ্তী সময়ত প্ৰতিটো খোজতে শিৱ প্ৰসাদ ঠাকুৰক সহায় কৰিছিল বা কাম কৰিছিল মুনিন বৰুৱাই । কথা প্ৰসংগত মুনিন বৰুৱাই কৈছিল -- প্ৰথম পৰিচালনা ' ফাগুনী ' সফল হোৱা নাছিল । ' সেই সময়ত আমাক চিত্ৰগৃহ দিবলৈ কেইবাটাও হলৰ মালিক মান্তি হোৱা নাছিল । আৰু ' বোৱাৰী ' সফলতাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছত সেই মালিক কেইগৰাকীয়ে প্ৰিণ্ট বিছাৰি আহি আমাক মান্তি কৰাব পৰা নাছিল । ' শিৱ প্ৰসাদ ঠাকুৰৰ দ্বিতীয় পৰিচালনা ' বোৱাৰী ' সফল হৈছিল । ছুপাৰ হিট হৈছিল । কথা প্ৰসংগত ( স্থান : ' আজি'ৰ কাৰ্যালয় । ২০০৩ । ) -- ' ভাল ছবি নিৰ্মাণ কৰি থাকিবলৈ বজাৰো ভাল হব লাগিব । বজাৰ কেতিয়া ভাল হব ? যেতিয়া ছবিয়ে ভাল ব্যৱসায় কৰিব পাৰিব । 'বোৱাৰি ৰ' সময়ত যি খন বজাৰ গঢ়ি উঠিছিল , সেই বজাৰ খন আমি ধৰি ৰাখিব নোৱাৰিলো । মানে ' বোৱাৰী 'ৰ দৰে চিনেমা দিব নোৱাৰিলো । মোৰ কথা কৈছো , মই দিব নোৱাৰিলো । মোৰ লোকচান হোৱা নাছিল ; কিন্তু ' ঘৰ সংসাৰ ' ( ১৯৮৩ ) , 'সোণ মইনা ' ( ১৯৮৪ )
' মন মন্দিৰ' ( ১৯৮৫ ) ৰ ব্যৱসায় ' বোৱাৰি 'ৰ দৰে নাছিল । এতিয়া মই হাতত লৈছো ' অস্তৰাগ ' । মই ভবা নাই চিনেমা খনে ভাল ব্যৱসায় কৰিব । ভাবিছো -- এনে এখন চিনেমা মই কৰা উচিৎ । ' হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’ চিনেমা খনৰ শিপা । বিসয়বস্তু বাৰ্ধক্যই গ্ৰাস কৰা জীৱন আৰু পিতা -পুত্ৰৰ আৱেগিক সম্পৰ্ক । দৰ্শকৰ আসনৰ পৰা দেখিছো কেইটমান বাস্তৱৰ চৰিত্ৰ । তপন দাস ,পূৰবী শৰ্মা , কপিল বৰা , নিশিতা গোস্বামী , মুনিন বৰুৱা আদিয়ে অভিনয় কৰিছে । মোৰ ধাৰণাত ' অস্তৰাগ ' শিৱ প্ৰসাদ ঠাকুৰৰ শ্ৰেষ্ঠ পৰিচালনাা । কিন্তু বহুতে কব খোজে ' সোণ মইনা 'হে শ্ৰেষ্ঠ পৰিচালনা । কাৰণ ? চিনেমা খনে লাভ কৰিছে বঁটা । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা -- শিৱ প্ৰসাদ ঠাকুৰৰ প্ৰথম প্ৰযোজনা ' মমতা 'ৰ বাবেও পাইছিল । ( শিৱপ্ৰসাদ ঠাকুৰৰ
জন্ম : ২২ ছেপ্টেম্বৰ, ১৯৩৭ নাজিৰাত
মৃত্যু : ৫ জানুৱাৰী, ২০০৮ ,গুৱাহাটীত )
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন