সরাসরি প্রধান সামগ্রীতে চলে যান

মলয়া গোস্বামী

'ৰং ' -- ফ্ল'ৰত । মুনিন বৰুৱাৰ ' ৰং '। ভাইমনদাৰ  ( মুনিন বৰুৱাৰ ) ফোন -- কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ  সেইদিনায়ে কথা পাতিছিলো মলয়া গোস্বামীৰ সৈতে । কেইমিনিটমান কথা পাতি অনুভৱ কৰিছিলো 'চৰিত্ৰ 'হৈ কেমেৰাৰ সন্মুখলৈ আহে অভিনেত্ৰী গৰাকী । পৰিচিলকে বুজোৱা চৰিত্ৰটোলৈ নিজকে ৰূপান্তৰ কৰে । আৰু কেমেৰাৰ সন্মুখত আছৰণ কৰে । আৰু সম্ভৱতঃ এয়াই মলয়া গোস্বামীৰ সফলতাৰ ৰহস্য । পৰ্যালোচনা কৰিলে স্পষ্ট হয় 'ৰং' চিনেমা খনৰ বসুন্ধৰা চলিহা ,      ' অগ্নিস্নান’ৰ মেনকা ,' ফিৰিঙতি’ ৰ ঋতু ৰ মাজত দূৰত্ব কম নহয় । চিনেমা তিনি খনত মলয়া গোস্বামীৰ উপস্থিতি -- সূণ্য । অহংকাৰী - কথোৰ বসুন্ধৰা চলিহাৰ মনত আছে আন এক ৰং , ' মমতা ৰং '। সংলাপ প্ৰক্ষেপন আৰু চেহেৰাৰ অভিনয়ৰে ৰচনা কৰা  চৰিত্ৰটোত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা স্পষ্ট । আন এটা চৰিত্ৰ -- মেনকা ( চিনেমা : অগ্নিস্নান । কাহিনী , চিত্ৰনাট্য , পৰিচালনা : ড° ভৱেন্দ্ৰ নাথ শইকীয়া । ৪০ খনৰো অধিক অনাতাঁৰ  নাটকত কণ্ঠ দিয়া মলয়া গোস্বামীয়ে অভিনয় কৰা এই খনেই প্ৰথম চিনেমা । ) । পত্নী মেনকাৰ বৰ্তমানত স্বামী মহীকান্তই দ্বিতীয় পত্নী আনিছে । মেনকাই মদন চোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি স্বামীৰ দ্বিতীয় বিবাহৰ প্ৰতিবাদ কৰে । এক শক্তিশালি চৰিত্ৰ , নিৰ্মাণ সম্ভব হৈছে অভিনয় শক্তিৰ বাবে । আমি জনাত মেনকা চৰিত্ৰটোলৈ ৰূপান্তৰ হবলৈ মলয়া গোস্বামীয়ে প্ৰচুৰ পৰিশ্ৰম কৰিছিল । চিনেমা খনৰ চিত্ৰনাট্যৰ লগতে ' অন্তৰীপ 'উপান্যাস ( উপন্যাস খনৰ এটা অংশৰ আধাৰত ৰচনা কৰিছিল চিনেমা খনৰ চিত্ৰনাট্য । ) খন অধ্যয়ণ কৰিছিল । নিজকে শাৰীৰিক - মানসিক ভাবে মেনকালৈ ৰূপান্তৰ কৰিছিল । তেনেদৰে ঋতুলৈ ৰূপান্তৰ হৈছিল অভিনয় ক্ষমতা - পৰিশ্ৰমেৰে । পৰিচালক জাহ্নু বৰুৱাই ৪-৫ঘণ্টা ' ফিৰিঙতি’ৰ কাহিনী কৈছিল । চৰিত্ৰ বুজাইছিল । --  স্বামীৰ  মৃত্যুৰ পাছত   হতাশা - সামাজিক সমস্যাৰ  পৰা  নিজকে ৰক্ষা কৰিবলৈ ঋতুৱে  চহৰৰ পৰা বহু দুৰৰ স্কুল খনত শিক্ষকতা কৰিবলৈ গৈছিল । স্কুল খন পুনৰ সাজিছিল । শিক্ষাৰ পোহৰ বিলাবলৈ সংঘৰ্ষ কৰিছিল । চুই গৈছিল ঋতুৰ মাজত সোমাই পৰা মলয়া গোস্বামীয়ে । এই চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে মলয়া গোস্বামীয়ে লাভ কৰিছিল  শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৩৯ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । -- এই তিনি খন চিনেমাৰ লগতে মলয়া গোস্বামীয়ে অভিনয় কৰে  আই কিলড হিম ছাৰ ,  আছেনে কোনোবা হিয়াত , পলে পলে উৰে মন , জীৱন বাটৰ লগৰী , শেষ উপহাৰ , ভাল পাব নাজানিলো , শ্ৰীমন্ত শংকৰদেৱ , কনিকাৰ ৰামধেনু , কেলেণ্ডাৰ , মা আদিত ।

সংযোজন : মলয়া ৰাজখোৱা । নাটকৰ অভিনেত্ৰী ।জন্ম ডিব্ৰুগড়ত । অভিনয়ৰ লগতে খেল আছিল প্ৰিয় । মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত অসমৰ প্ৰথম মহিলা হকী দলত স্থান পাইছিল । ক্ৰমে  সোণাৰি মহাবিদ্যালয় , জাগীৰোড মহবিদ্যালয়ত শিক্ষা দান কৰিছিল । ১৯৮১ চনত মলয়া ৰাজখোৱাৰ বিবাহ হয়  প্ৰদীপ গোস্বামীৰ সৈতে । সন্তান : নিশিতা গোস্বামী, নিমিশা গোস্বামী ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...