" অসম দেশৰ বাগিচাৰে ছোৱালী ... " ( ঊষা মংগেশকাৰ) "জিগিজা গিজাও ..." ( ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ ) , "হাৱা নাই বতাচ নাই..." ( ভূপেন হাজৰিকা ঊষা মংগেশকাৰ ) ,
"হায়ৰে প্ৰাণেৰ বাচা মোৰ..." ( ভূপেন হাজৰিকা ঊষা মংগেশকাৰ) , "অ' বিদেশী বন্ধু.," ( ভূপেন হাজৰিকা) -- গীত কেইটা , গীত কেইটাৰ চিত্ৰায়ন আজিও মনত সেউজ হৈ আছে । প্ৰথমবাৰ যেতিয়া চাইছিলো ' চায়াবাজি 'বুলিয়ে চাইছিলো । ১৯৭৮ - ৮০ । সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ 'ছায়াবাজি ' আহিছিল । বিভিন্ন তথ্যচিত্ৰ দেখুৱাইছিল । মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল । এদিন চাইছিলো " অসম দেশৰ বাগিচাৰে ছোৱালী ... " গীতটো আৰু নাটকীয় কিছু অংশ । পিছত , চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত । সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো । পৰৱৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য । ৰূপালী গল্পটো চাহ বাগিছা এখনৰ । আৰু 'নায়ক' ব্ৰিটিছ । ( কাহিনী : পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন । এদিন চিনাকী হয় ব্ৰিটিছ চাহাব বাৰ্কলীৰ সৈতে । আচহুৱা প্ৰকৃতিৰ । সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল ; কিন্তু বাগিছা এৰা নাছিল । চাকৰি তেতিয়া এৰি দিছিল , যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল । সমাজে কয় , চামেলিৰ মাকে ভাবে -- চামেলীয়ে বাৰ্কলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে। -- কোন চামেলী ! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলী । অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলীৰ তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব । চামেলীৰ ঘৰৰ , সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্ৰহণ কৰিছিল। এদিন চামেলী মা হবলৈ ওলাল । গৰ্ভৱতী অৱস্থাত ধৰা পৰে চামেলীৰ দেহত কুষ্ঠৰোগ । এনে বেয়া সময়তে তাই মা হয় । এজনী ছোৱালী সন্তান জন্ম দিয়ে । সন্তানটোক লৈ বাৰ্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে ! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে । বুজিব নোৱাৰিলে মাতৃৰ মমতা ! সন্তানটোক চাবলৈ নাপায় , ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে । আৰু সন্তানটো ! সন্তানটো শাৰীৰিক ভাবে বাধাগ্ৰস্থ । চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে । ) অসমত থকা ব্ৰিটিছ চাহাব এজনে যেনেধৰণৰ 'ভাষা' কব পাৰে , চাহ বাগিছাৰ 'চৰিত্ৰ'বোৰে যেনেধৰণৰ ভাষা কয় , তেনে ধৰণৰ সংলাপ চিনেমা খনত ব্যৱহাৰ কৰিছে । যাৰ বাবে দৰ্শকে প্ৰতিটো চৰিত্ৰক 'বাস্তৱ'ত দেখিছে । -- চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ । ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জৰ্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে ? বাৰ্কলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলী চৰিত্ৰটোও দৰ্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে । সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত ।
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন