কেমেৰাৰে সপোন ৰচিছিল! কেমেৰাৰে যেন কথা কৈছিল! কেমেৰাৰ কাম দেখি দেশ - বিদেশৰ পৰিচালকে তেওঁক কামৰ প্ৰস্তাৱ দিছিল। তেওঁ কিন্তু অসমীয়া চিনেমাত কাম কৰিহে ভাল পাইছিল। -- কথা প্ৰসংগত মাণিকদাই কৈছিল । মাণিকদা , মাণিক বড়া । ঔপন্যাসিক মাণিক বড়াৰ আঁৰত থকা 'চিনেপণ্ডিত' গৰাকী আছিল মোৰ অতি প্ৰিয়। আলোচনী 'বিস্ময়' আৰু আন ঠাইত যেতিয়া মাণিকদাক লগ পাইছিলো চিনেমাৰ, কেৱল চিনেমাৰ কথা পাতিছিলো। (মাণিকদা আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ 'সন্ধাৰাগ' চিনেকৰ্মৰ আঁৰৰ এগৰাকী চিনেকৰ্মী। 'ছবিৰ জোখ মাখৰ বহু কথা বুজি লৈছিলো মাণিক বড়াৰ পৰা' ---ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৈছিল ।) মাণিকদাই আৰু কৈছিল -- 'তেওঁৰ পৰিচালকক নিয়ন্ত্ৰন কৰিব পৰাৰ ক্ষমতা আছিল।' মাণিকদাই কৈছিল মৃণাল কান্তি দাসৰ কথা। মৃণাল কান্তি দাস ( জন্ম : ৩০ অক্তোবৰ ১৯৬৫ , মৃত্যু : ৩ ছেপ্টেম্বৰ ২০০৪)মৃণাল কান্তি দাসৰ কথা। মৃণাল কান্তি দাস ( জন্ম : ৩০ অক্তোবৰ ১৯৬৫ , মৃত্যু : ৩ ছেপ্টেম্বৰ ২০০৪) পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক (ফিল্ম এণ্ড টিভি ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চলচ্চিত্ৰগ্ৰহণৰ পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাত প্ৰথম হয় আৰু ১৯৮৯ চনত তিনি বছৰীয়া পাঠ্যক্ৰমৰ সুযোগ পায়)। কেইবাখনো অসমীয়া চিত্ৰগ্ৰহণকাৰী। দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক। যেতিয়া 'বৈভৱ' চাইছিলো , অবাক হৈছিলো । কেইবাটাও ছিকুৱেন্সত কেমেৰাই ,কেৱল কেমেৰাই কথা কৈছিল । হিয়া দিয়া নিয়া, গুণ গুণ গানে গানে , 'ৰাগ-বিৰাগ' , 'অদাহ্য' , মিমাংশা আদি মৃণাল কান্তীয়ে চিত্ৰগ্ৰহণ কৰা চিনেমা । ইয়াৰে ৰাগ-বিৰাগ' , 'অদাহ্য'ৰ বাবে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ।
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন