প্ৰথম কথা চিনেমা খনৰ কাহিনী হোমেন বৰগোহাঞিৰ । দ্বিতীয় কথা A চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া চিনেমা । চিত্ৰনাট্য , সংলাপ লিখিছিল চিনেমা খনৰ পৰিচালক গৌৰী বৰ্মনে । মই এই ক’লা-বগা চিনেমা খন অস্পষ্ট প্ৰিণ্ট এটাত সামান্য অংশহে দেখিছিলো । যিমান খিনি চাইছিলো তাৰ পৰা ধাৰণা কৰিব নোৱাৰি কোন পৰ্যায়ৰ চিনেমা -- 'হৃদয়ৰ প্ৰয়োজন' । -- হয় , হৃদয়ৰ প্ৰয়োজন'ৰ কথা কৈছো । ভবা হৈছিল চিনেমা খনে ভাল ব্যৱসায় কৰিব ; কিন্তু সাধাৰণ ব্যৱসায়ো নকৰিলে । ( তথ্য : গৌৰী বৰ্মন )
চিনেমা খনৰ কাহিনী ভাগ : চহকী মাক-দেউতাকৰ একমাত্ৰ সন্তান অজয় । নাৰীক সহ্য কৰিব নোৱাৰা অজয় আংশিকভাবে যৌন অক্ষম ।তাৰ জীৱনে পূৰ্ণতা নাপালে । দোষ পিতৃ বিজয় চৌধুৰীৰ । পিতৃৰ বাবেই সহ্য কৰিব নোৱাৰা হল -- নাৰীক । বিজয় চৌধুৰীৰ চিন্তা , বিশাল সম্পত্তিৰ গৰাকী তেওঁৰ অবৰ্তমানত কোন হব ? মানসিক বিকাৰগ্ৰস্থ ল’ৰাক কোনে ছোৱালী দিব ! ছোৱালী পালে । সুমিতা । দেখাই শুনাই ভাল ছোৱালী । শিক্ষক দেউতাকৰ মৃত্যুৰ পিছত আৰ্থিক সমস্যাৰ মাজেৰ আগবাঢ়ে সুমিতা হতৰ ঘৰখন । ঘৰ খনত আছে মাক, এজনী বিধবা বায়েক আৰু দুজনী গাভৰু ভনীয়েক । এম.এ. পাছ তাই । তাইক এটা চাকৰিৰ প্ৰয়োজন । চুমিতাক পুতেকলৈ আনিলে হয় ,কিন্তু এবাৰলৈয়ো নাভাৱিলে তাইৰ হৃদয়ত যে ধন - সম্পত্তিৰ বাহিৰে আৰু কিবা প্ৰয়োজন থাকিব পাৰে ! ( সংযোজন : চিনেমা খনত এটা বৰগীত ব্যৱহাৰ কৰিছিল ।)
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন