প্ৰথম কথা চিনেমা খনৰ কাহিনী হোমেন বৰগোহাঞিৰ । দ্বিতীয় কথা A চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া চিনেমা । চিত্ৰনাট্য , সংলাপ লিখিছিল চিনেমা খনৰ পৰিচালক গৌৰী বৰ্মনে । মই এই ক’লা-বগা চিনেমা খন অস্পষ্ট প্ৰিণ্ট এটাত সামান্য অংশহে দেখিছিলো । যিমান খিনি চাইছিলো তাৰ পৰা ধাৰণা কৰিব নোৱাৰি কোন পৰ্যায়ৰ চিনেমা -- 'হৃদয়ৰ প্ৰয়োজন' । -- হয় , হৃদয়ৰ প্ৰয়োজন'ৰ কথা কৈছো । ভবা হৈছিল চিনেমা খনে ভাল ব্যৱসায় কৰিব ; কিন্তু সাধাৰণ ব্যৱসায়ো নকৰিলে । ( তথ্য : গৌৰী বৰ্মন )
চিনেমা খনৰ কাহিনী ভাগ : চহকী মাক-দেউতাকৰ একমাত্ৰ সন্তান অজয় । নাৰীক সহ্য কৰিব নোৱাৰা অজয় আংশিকভাবে যৌন অক্ষম ।তাৰ জীৱনে পূৰ্ণতা নাপালে । দোষ পিতৃ বিজয় চৌধুৰীৰ । পিতৃৰ বাবেই সহ্য কৰিব নোৱাৰা হল -- নাৰীক । বিজয় চৌধুৰীৰ চিন্তা , বিশাল সম্পত্তিৰ গৰাকী তেওঁৰ অবৰ্তমানত কোন হব ? মানসিক বিকাৰগ্ৰস্থ ল’ৰাক কোনে ছোৱালী দিব ! ছোৱালী পালে । সুমিতা । দেখাই শুনাই ভাল ছোৱালী । শিক্ষক দেউতাকৰ মৃত্যুৰ পিছত আৰ্থিক সমস্যাৰ মাজেৰ আগবাঢ়ে সুমিতা হতৰ ঘৰখন । ঘৰ খনত আছে মাক, এজনী বিধবা বায়েক আৰু দুজনী গাভৰু ভনীয়েক । এম.এ. পাছ তাই । তাইক এটা চাকৰিৰ প্ৰয়োজন । চুমিতাক পুতেকলৈ আনিলে হয় ,কিন্তু এবাৰলৈয়ো নাভাৱিলে তাইৰ হৃদয়ত যে ধন - সম্পত্তিৰ বাহিৰে আৰু কিবা প্ৰয়োজন থাকিব পাৰে ! ( সংযোজন : চিনেমা খনত এটা বৰগীত ব্যৱহাৰ কৰিছিল ।)
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন