শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত
'সোণ মইনা' । কাহিনী বা বিষয়বস্তু মৌলিক নহয় । কোৱা হয় ৰঞ্জন ৰয়ৰ বাংলা অঁনাতাৰ নাট ' ছাহেব'ৰ আধাৰত ৰচনা কৰিছ চিনেমা খনৰ চিত্ৰনাট্য ( চিত্ৰনাট্য : মুনিন বৰুৱা ) । কাহিনীৰ প্ৰায় মিল থকা হিন্দী , বাংলা চিনেমাও সেই সময়ত চিত্ৰগৃহলৈ আহিছিল । সেই সময়ত চৰ্চা হৈছিল -- চিনেমা খনৰ শিপা দক্ষিণ ভাৰতৰ নহয়তো ! সেয়া যি নহওক , কব পাৰি ' সোণ মইনা ' মন চুই যোৱা , সুপৰিকল্পিত ৰূপালী গল্প । মুল চৰিত্ৰটো ৰচনা কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ । মধ্যমবৰ্গীয় পৰিয়ালৰ আটাইতকৈ সৰু । ক্ৰিকেট খেলে ।ভাল ক্ৰিকেট খেলুৱৈ হোৱাৰ মন । নিবনুৱা । প্ৰতিটো মূহুৰ্ততে আনক সহায় কৰিবলৈ সাজু থাকে ! ওচৰ-চুবুৰীয়াৰ মাজত বেচ জনপ্ৰিয়। ভৰা ঘৰ । আৰু মৰমৰ ভনীয়েক । -- কাহিনী আগবাঢ়ে । দেউতাকে ভনীয়েকৰ বিয়া ঠিক কৰে । উপাৰ্জনৰ বাট বিছাৰি পোৱা পুতেক কেইজনৰ পৰা দেউতাকে আৰ্থিক সহায় বিচাৰে । কিন্ত বিচৰা ধৰনে সহায় নাপালে । দেউতাকে ক'লে প্ৰয়োজনত ঘৰটো বেছি হ’লেও বিয়াৰ টকাৰ যোগাৰ কৰিব । বিপৰীতে ক্ৰিকেটাৰ 'নায়ক' ? ভনীয়েকৰ বিয়াত দেউতাকক সহায় কৰাৰ বাবে টকাৰ বিনিময়ত কিডনী দিবলৈ সাজু হয় , দুয়োটা কিডনীয়ে নষ্ট হোৱা ছোৱিলী এজনীক । এই কথা জানিয়ো কিডনী দিয়াৰ পিছত কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰিব । অৰ্থাৎ ক্ৰিকেটাৰ হোৱাৰ বাট বন্ধ । শেষত ক্ৰিকেটাৰ হোৱাৰ সপোন বাদ দি ঘৰখনৰ অ়জ্ঞাতেই নিজৰ কিডনী এটা দান কৰে । -- দৰ্শকৰ চকুপানী উলিয়াব পৰা কাহিনীতো পৰিচালকে পৰিপাটিকৈ কৈ ' সাহিত্য 'ৰ ভাষাক গুৰুত্ব দি কৈছে । নাটক বেছি , ' চিনেমেটিক ড্ৰামা 'লৈ ৰূপান্তৰ কৰাত পৰিচালক ব্যৰ্থ । অভিনয়ত মঞ্চৰ সুৰেণ মহন্ত জনকে দেখিলো । অভিনেতা গৰাকীক লৈ দৰ্শকক চুই যাব পৰি কৈইবাটাও ছিকুৱেন্স ৰচনা কৰিছে । ( অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৩২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । )
পৰিচালক : শিৱ প্ৰসাদ ঠাকুৰ
প্ৰযোজক : আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰ
চিত্ৰনাট্য : মুনিন বৰুৱা
অভিনয়ত : প্ৰাঞ্জল শইকীয়া , মঞ্জুলা বৰুৱা ,সুৰেণ মহন্ত ,পূৰৱী শৰ্মা , জৱা ভূঞা ,অঞ্জলি ভূঞা , অপূৰ্বা দত্ত . বিজু ভঁড়ালী , মৰমী বৈশ্য
শিৱ ঠাকুৰ ,মিৰেল কুদ্দুচ ,সমুদ্ৰগুপ্ত দত্ত (শিশুশিল্পী ) ,ৰাণা তামুলী ।
সংগীত পৰিচালক : বসন্ত-মাণিক
চিত্ৰগ্ৰহণকাৰী : ইন্দুকল্প হাজৰিকা
সম্পাদনা : ৰাস বিহাৰী সিনহা
দৈৰ্ঘ্য : ১৩৫ মিনিট
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন