নিপন গোস্বামীয়ে অভিনয় কৰা প্ৰথম খন চিনেমা -- 'সংগ্ৰাম' । পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটত অভিনয়ৰ পাঠ শেষ কৰি' কি কৰা যায়' চিন্তা মনলৈ অহাৰ আগতে পৰিচালক অমৰ পাঠকে প্ৰস্তাৱ আগ বঢ়াইছিল -- 'মোৰ চিনেমা খনৰ নায়কৰ চৰিত্ৰটোৰ বাবে তোমাক ভাবিছো । তুমি কি কোৱা ?' নিপন গোস্বামীয়ে কি কৱ ! নিৰ্দিষ্ট দিনত কলিকতা পালে । আৰু যেতিয়া চিনেমা খন চিত্ৰগৃহলৈ আহিল দৰ্শকে বলিউদৰ দৰে 'স্মাৰ্ট' ৰোমাণ্টিক নায়ক এজন পালে । সেই সময়ৰ সৰহ ভাগ চিনেমাৰ বিষয়বস্তু আছিল ভাল - বেয়াৰ সংঘাত । ব্যতিক্ৰম নাছিল সংগ্ৰামো । অন্যায়ৰ বিৰূদ্ধে নায়কৰ সংগ্ৰাম । আৰ্থিক সমস্যৰ চেপাত পঢ়া শুনা কৰিব নোৱাৰিলে ৰঞ্জিতে । চাহ বাগিছাৰ মালিকৰ জিয়ৰী নিৰুপমা বৰুৱাই ৰঞ্জিতৰ প্ৰতি আকৰ্ষণ অনভৱ কৰে । আৰু স্বাভাবিকতে দেউতাৰ পইচাৰে উচ্চশিক্ষাৰ বাবে সহায় কৰিব খোজে । ৰঞ্জিত মান্তি নহয় । সি মাক-ভনীয়েকৰ ভৰণ-পোষণৰ বাবে উপাৰ্জনৰ বাট বিছাৰিলে । পালে । নিৰুপমা বৰুৱাৰ দেউতাকৰ চাহ বাগিছাতে । ৰঞ্জিতৰ সততা আৰু কৰ্মপটুতাই নিৰুপমাৰ দেউতাক সন্তুষ্ট কৰিলে । আৰু তাক জোৱাইৰ ৰূপত ভাবিলে । আনহাতে অনৈতিক ভাবে ধন ঘটিবলৈ মান্তি নহোৱাত ৰঞ্জিতৰ শত্ৰু বাঢ়ে আৰু সমস্যাত পৰে । -- কব পাৰি আধুনিকতাৰ মিছা সভ্যতাৰ ধুমুহাই সমাজখনৰ নৈতিকতা, স্বভাৱ-চৰিত্ৰ সলনি কৰি পেলোৱাৰ বিপৰীতে নায়কৰ সংগ্ৰামেই অমৰ পাঠকৰ 'সংগ্ৰাম' ।
সংগীত : চিনেমা খনত শঙ্কৰদেৱ বিৰচিত এটা বৰগীত আৰু এটা হিন্দী গীত ব্যৱহাৰ কৰিছে । 'মধুৰ মুৰাৰী ...' বৰগীতটোত কণ্ঠ দিছিল কলিকতাৰ
পিণ্টু ভট্টাচাৰ্যই । খোল বজাইছিল প্ৰভাত শৰ্মাই । 'জীৱনটো যদি তুমি ভাল পোৱা, যৌৱনটো তুমি যদি ভাল পোৱা ...' জনপ্ৰিয় হৈছিল । আন কেইটা গীত : 'আজি মোৰ শেষ গান, নহয় অভিমান...' , 'মন মোৰ উতলা হিয়া চুৰ কৰিলা...' , 'সোণ মোৰ শোৱা টোপনি নাভাঙো...' , 'যা যাৰে ছলিয়া তুঝে নহী বলুঁ ...' ।
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন