সরাসরি প্রধান সামগ্রীতে চলে যান

কৃপাল কলিতা

আমাৰ প্ৰশ্ন : প্ৰথমে জানিব বিছাৰিম আপোনাৰ 'সফলতা'ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? - হয় ,'ব্ৰীজ'ৰ কথা কৈছো। কৃপাল কলিতা : আমাৰ মনৰ কথা খিনি জানিব বিচৰা বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰত ক'ব বিছাৰিম, মোৰ দৃষ্টিত প্ৰতি টো সৃষ্টি কৰ্মৰ স্বীকৃতি হ'ল কৰ্মটোৱে পোৱা এক বিশেষ মাত্ৰা,যি মাত্ৰাই অনাগত দিনত কোনো এজন সৃষ্টি শিল ব্যক্তিক কৰ্মক্ষম হৈ থাকিব অধিক প্ৰেৰণা যোগাই।১৯৯৩/৯৪ চনৰ পৰাই কেৱল মাত্ৰ নাটক চিনেমা ৰ লগতেই লাগি আছোঁ। অন্য চিন্তা কোনো দিনেই কৰা নাই।এই যাত্ৰাত বহু ভাল কাম কৰাৰ সুযোগ পাইছোঁ, কিন্তু স্বীকৃতি ?? হয় যি কোনো কাম এটা মানুহৰ ওচৰলৈ লৈ যোৱা টো একে বাৰে ই সহজ কাম নহয়।দীৰ্ঘ সময় ৰ সংঘৰ্ষ ৰ অন্তত ব্ৰীজ চিনেমা খনে ঈশ্বৰৰ আশীৰ্বাদ ত মানুহৰ অন্তৰ চুব সক্ষম হ'ল।দেশে -বিদেশে ব্ৰীজ ক আদৰি ল'লে।এই আদৰণিৰেই অহিবলগা দিন বোৰত কাম কৰি যাবলৈ অধিক কৰ্ম প্ৰেৰণা পাম। কিন্তু এয়া মোৰ প্ৰথমটো খোজ ,সন্মুখত অনন্ত পথ এতিয়াও বাকী। আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে আপুনিয়ে কৈছিল -- 'ব্ৰীজ'ক 'পথেৰ পাঁচালী'ৰ সৈতে তুলনা কৰিছিল কোনো মহোৎসৱৰ সৈতে জড়িত চিত্ৰৰসিকে। বিতংকৈ ক'লে আামাৰ ভাল লাগিব ! কৃপাল কলিতা : এইটো মোৰ বাবে এক অমূল্য পুৰাস্কাৰ।যিখন চিনেমা ৰ নাম ল'লেই শ্ৰদ্ধাত মুৰ দোষ খাই যায় তেনে এখন মহান চিনেমা ৰ লগত ব্ৰীজ ৰ তুলনা নিশ্চয় এক অনন্য স্বীকৃতি। প্ৰতিজন ব্যক্তিৰে এক নিজস্ব দৃষ্টি ভংগী আছে হয়টো তেনে দৃষ্টি ভংগীৰেই চাগে South Asian Film festival of Montreal ৰ ফেষ্টিভেল ডিৰেক্টৰ Dushyant Yajnik ক মহোডয়ে ২০২০ চনৰ ২০ নবেম্বৰ ত হোৱা zoom meeting এই তুলনা কৰিছিল। উল্লেখযোগ্য যে চলচিত্ৰ মহোৎসৱখনৰ লগত সংগতি ৰাখি হোৱা সিদিনাৰ আলোচনা চক্ৰ খনৰ মূল বিষয় আছিল Courageous ordinary Lives in flood prone Assam.আমাৰ চিনেমা ব্ৰীজ ৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক গুৰুত্বপূৰ্ণ বিষয় এটাই স্হান পোৱা টো নিশ্চয় এক ভাল লগা কথা। গোৱা ত অনুষ্ঠিত 51 International film festival of India (IFFI-2020) ত আমাৰ চিনেমা প্ৰদৰ্শন হোৱাৰ পিছত press information bureau (PIB)ৰ প্ৰেছ মিতটোত অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে বুলি মই সযোৰে দাবি কৰিছিলোঁ। Google বা YouTube ত বিছাৰিলে (IFFI 2020 PIB Bridge ) প্ৰেছ মিতটোত চাব পাৰিব। আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ? কৃপাল কলিতা : এই কথাটোৰ সত্যতা একেবাৰেই নুই কৰিব নোৱাৰি। কোনো এটা আঞ্চলিক ভাষাৰ চিনেমা ৰ মান বঢ়াই সেই অঞ্চলৰ নিৰ্মাতা সকলে। যাৰ ফলত সেই অঞ্চলৰ চিনেমা ই বিশেষ গুৰুত্ব পাই। আমাৰ মনতএক সহজাত ধাৰণা গঢ় লৈ উঠিছে যে দক্ষিণ ভাৰতত ভাল চিনেমা নিৰ্মাণ হয় বা বেংগলি চিনেমা ৰ এক বিশেষ মৰ্য্যদা আছে।এই ধৰণা প্ৰতিষ্ঠিত হৈছে সেই অঞ্চলৰ অগ্ৰজ মহান চলচ্চিত্ৰ নিৰ্মাতা কেইজনমান ৰ কিছুমান বিশেষ কাম ৰ বাবে। আমাৰ অসম টো শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা,মঞ্জু বৰা, সান্ত্বনা বৰদলৈ, ৰীমা দাস আদি মহান চলচ্চিত্ৰ নিৰ্মাতাই অসমীয়া চিনেমা ক এক সন্মানজনক স্হানত ঠিয় কৰাইছে। যাৰ বাবে দেশ-বিদেশত অসমীয়া চিনেমা ই গুৰুত্ব পাব লৈছে। অসমীয়া চিনেমা ৰ মান সম্পৰ্কে এইটো ক'ব পাৰি যে অসমত বহু মান সম্পন্ন চিনেমা পূৰ্বৰ পৰাই নিৰ্মাণ হৈ আহিছে। অগ্নিস্নান ,সাগৰলৈ বহু দুৰ ,গঙা চিলনীৰ পাখি, অদাহ্য আদি নিসন্দেহে বৰ উন্নত মানৰ চিনেমা।সম্ৰতি কাৰিকৰী দিশত অসমীয়া চিনেমা ই আনভাষাৰ চিনেমা ৰ লগত ফেৰ মাৰিব গৈ থকা পৰিলক্ষিত হৈছে।আন এটা কথা ক'ব পাৰি যে ইন্টাৰনেটৰ সহজ ব্যৱহাৰৰ বাবে দেশী- বিদেশী চলচ্চিত্ৰ মহোৎসৱবোৰ ঢুকি পোৱা টো এতিয়া সম্ভৱ যিটো আগতে বৰ কঠিন কাম আছিল।সেই বাবে হয়টো পূৰ্বৰ তুলনাত এতিয়া দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা ই অংশগ্ৰহণ কৰাৰ অধিক সুযোগ পাইছে। অন্যহাতে এখন চলচ্চিত্ৰ মহোৎসৱত যেতিয়া যিকোনো চিনেমা এখনে স্হান পাব নিশ্চয় সেই চিনেমা খন ভাল চিনেমা ই হ'ব লাগিব। কিয়নো বৰ্তমান সময়ত চলচ্চিত্ৰ মহোৎসৱ বোৰত সমগ্ৰ বিশ্বৰ হাজাৰ ৰ হিচাপত অংশ গ্ৰহণ কৰে কিন্তু মহোৎসৱখনত ৬০/৭০ খন চিনেমা হে নিৰ্বাচিত কৰা হয়।ইমান বোৰ চিনেমা ৰ মাজৰ পৰা স্থান লাভ কৰাটো সহজ কথা নহয়। আমাৰ প্ৰশ্ন : আপুনি মুকলি মনেৰে কব পাৰিব নে -- আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়। কৃপাল কলিতা : কোনো গুণে কম নহয় বুলি নকৈ আমাৰ চিনেমাৰো মান আছে বুলি কোৱা ভাল হ'ব।সেই বাবেই অসমীয়া চিনেমাই আন ভাষাৰ চিনেমা ৰ লগত সমানে গুৰুত্ব পাব লৈছে। বাজেটৰ সিমাবদ্ধতাৰ বাবে কিছু ক্ষেত্ৰত আমাৰ হাত ভৰি বন্ধা থাকে।অসমৰ বাহিৰলৈ গ'লে যেতিয়া আমাৰ চিনেমা ৰ প্ৰশংসা ওলাই তেতিয়া তেওঁ লোকে সন্মান সহকাৰে আমাৰ চিনেমা ৰ কথা কয়। তেতিয়া অনুভব হয় আমাৰ চিনেমা ৰ মান ভাৰতৰ আন চিনেমাৰ তুলনাত কম নহয়। কিন্তু এই পৰ্য্যয়ৰ পৰা আমি আৰু উন্নতি কৰিব লাগিব। আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? কৃপাল কলিতা : ৰাজ্যত ১০০ টা যি মিনি চিত্ৰ গৃহৰ কথা দশক দশক ধৰি কৈ অহা হৈছে সেয়া বজাৰৰ ক্ষেত্ৰত বাস্তৱ সন্মত প্ৰস্তাৱ। চিনেমা ৰ মৰ্য্যদা ছবি গৃহতহে মোবাইল ফোন ত নিশ্চয় নহয় । আনহাতে বহু উন্নত মানৰ চিনেমা কৰিলে বজাৰ খন নিজৰ ৰাজ্য খনতে সিমিত হৈ নাথাকে, বিশ্বব্যাপী হ'ব পাৰে।এই ক্ষেত্ৰত আমি চৰকাৰৰ মুখলৈ চাই থকাৰ বাহিৰে গত্যন্তৰ নাই। আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ? কৃপাল কলিতা : চিনেমা নিশ্চয় দৰ্শকৰ বাবেই।যি কোনো মাধ্যমেৰে ই দৰ্শকৰ ওচৰ চাপেই। চলচ্চিত্ৰ মহোৎসৱবোৰটো দৰ্শকে চিনেমা চাই। আমাৰ ব্ৰীজ এতিয়া লৈ ৩৫ টা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। প্ৰতিটো মহোৎসৱত অতি কমেও ২০০০ কৈ দৰ্শক হ'লেও পৃথিৱীৰ প্ৰায় ৭০ হাজাৰ দৰ্শকে চিনেমা খন চালে। কম বাজেটৰ চিনেমা ৰ ক্ষেত্ৰত বঁটাই চিনেমা এখনক আৰু অধিক দৰ্শকৰ মনোযোগ আকৰ্ষণৰ সহায়ক হয় আৰু এক মৰ্য্যদা প্ৰদান কৰে। আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ? কৃপাল কলিতা : মোৰ পৰিচালনা শৈলী দৰ্শকে বিশ্লেষণ কৰিব , মই মোৰ বিচাৰকৰ কেনেদৰে হ'ম? নিজৰ নিৰ্মাণ শৈলী ৰ ক্ষেত্ৰত এটা কথাই ক'ব বিছাৰিম যিহেতু মই কোনো পঢ়াশালি ৰ পৰা চিনেমা নিৰ্মাণ কৌশল আয়ত্ব কৰা নাই গতিকে যি কৰো আনক দেখি শুনি পঢ়ি নিজৰ অনুভবেৰে কৰোঁ।প্ৰতিটো কামৰ নিৰ্মাণ শৈলী চিত্ৰনাট্য খনৰ ওপৰত নিৰ্ভৰ কৰে।Red to Black নামৰ চুটি চিনেমা খনত এটাও সংলাপ ব্যৱহাৰ কৰা নাছিলোঁ।আন কাম বোৰত সংলাপ ৰ ব্যৱহাৰ বা কেমেৰাৰ ব্যৱহাৰ আদি বেলেগ হয় বা হৈছে। মই বিশ্বাস কৰো সৃষ্টিশীল ব্যক্তি কোনো এটা বদ্ধমূল ধাৰণা ত বন্দী হৈ থকাটো উচিত নহয়। আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে? কৃপাল কলিতা : মোৰ দৃষ্টিৰে সৃষ্টিশিল কৰ্ম কোনো ফৰমুলাত বন্দী নহয় । চিনেমা এনেকুৱাই হ'ব লাগিব বুলি কোনো নিৰ্দিষ্ট সূত্ৰ মই ভাবো নাই ।কিয়নো বিশ্বৰ বাৰণ্য নিৰ্মাতা সকলে এই কথাটো প্ৰতিয়মান কৰি গৈছে। কোনোবাই এটা শ্বটেৰেই চিনেমা ৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ফুটেজ ব্যৱহাৰ কৰিছে।গদফাদাৰৰ দৰে চিনেমাত অনৰ্গল সংলাপ ব্যৱহাৰ কৰিও ক্লাচিক হৈ পৰিছে এনেকুৱা উদাহৰণ অলেখ ওলাব। মূল কথাটো হ'ল বিশ্বাস যোগ্যতা।যিটো কামে মানুহৰ মনত বিশ্বাস জন্মাব পাৰিছে সেইটোৱেই সফল কাম । চিনেমা ত মানুহৰ মুখৰ ভাষাত কৈ কেমেৰাৰ ভাষাৰ গুৰুত্ব বহুত বেছি। আমি আনক দেখি শিকোঁ বা ভুল কৰি কৰি শিকোঁ । আমাৰ শিকনি নিশ্চয় এদিন পুৰঠ হ'ব তেতিয়া আমাৰ অসমীয়া চিনেমা ও বিশুদ্ধ চৰ্চা হোৱা বুলি চৰ্চিত হ'ব।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...