সরাসরি প্রধান সামগ্রীতে চলে যান

মঞ্জুল বৰুৱা

আমাৰ প্ৰশ্ন : 
প্ৰথমে জানিব বিছাৰিম আপোনাৰ 'সফলতা'ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব? -- হয় ,'কানীন' আৰু 'অন্তৰীণ'ৰ  কথা কৈছো।
মঞ্জুলঃ বিস্ময়, মোৰ বাবে এটা অতি আপোন শব্দ। উৎপল মেনা দা আপোনাৰ উত্তৰ দিয়াৰ আগতে মই কিছু কথা কৈ লব বিচাৰিছো। সৰুৰে পৰা মই বিস্ময় খন পঢ়ি খুউৱ ভাল পাইছিলো। যতেই গৈছিলো বিস্ময় দেখিলে লগে লগে পঢ়িবলৈ মেলি লৈছিলো। অকপতে, এটা কথা স্বীকাৰ কৰো যে তেতিয়াৰ পৰা এতিয়ালৈকে জীৱনত সদায়ে শেষৰ পৰাহে বিস্ময় পঢ়িছো। কাৰণ চিনেমাৰ খৱৰবোৰ শেষৰ পৃষ্ঠাকেইটাইহে থাকে। সৰুৰে পৰা অসমীয়া চিনেমা কি কি নিৰ্মান হৈ আছে। কোনে কোনে অভিনয় কৰিছে, কোনে পৰিচালনা কৰিব ইত্যাদি নানা খৱৰ আঙুলিৰ মুৰত ৰাখিছিলো আৰু ইয়াৰ তথ্য সংগ্ৰহ কৰিছিলো বিস্ময়ৰ পাতৰ পৰা। তেতিয়াৰ পৰা চিনাকী নাম হৈ পৰিছিল অৰুনলোচন দাস দা, প্ৰমোদ কলিতা দা আৰু উৎপল মেনা দা। আৰু আজি সেই উৎপল মেনা দাইয়ে যেতিয়া ফোন কৰি মোক বিস্ময়ৰ বাবে প্ৰশ্নৰ উত্তৰৰ বিচৰাত মোৰ নিজকে সপোনত থকা যেন অনুভৱ হৈছে, নিজকে বিশ্বাস কৰিবলৈ যেন টান লাগিছে। তেখেতৰ পৰা এই প্ৰস্তাৱ পোৱা টোৱেই মোৰ বাবে সৌভাগ্য। এইবাৰ পৰিচালকৰ শিতানত মোক নিৰ্বাচন কৰা বাবে ইয়াতে আপোনাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। চিনেমা কৰো যদিও আজিলৈকে মই কিবা সফল হৈছো বুলি ভৱা নাই। বহুতো শিকিব লগীয়া আছে। হয়, দুখন চিনেমা পৰিচালনা কৰিব সুযোগ পাইছো কানীন আৰু অন্তৰীণ। ৰাইজে ইতিমধ্য দুয়োখন চাইছে। গতিকে ৰাইজে জানে কিমান কি মই কৰিব পাৰিলো। চেষ্টা কৰি আছো, যাতে অসমৰ ৰাইজক আগলৈ আৰু উন্নত চিনেমা দিব পাৰো।

২। আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমা নিৰ্মাণৰ এটি সুন্দৰ পৰিবেশ গঢ়ি উঠা বুলি প্ৰসংগক্ৰমে কেইবা গৰাকীও চিনেকৰ্মীয়ে আমাক কৈছে। এই প্ৰসংগত আপুনি কি ক'ব? বিশেষকৈ বঁটাৰ প্ৰসংগত।
মঞ্জুলঃ হয় মইও একমত, অসমীয়া চিনেমাই এতিয়া এক ন ৰূপ পোৱা যেন লাগিছে। শেহতীয়াকৈ যোৱা তিনি চাৰিবছৰ একে লেঠাৰিয়ে বহুতো উন্নত অসমীয়া চিনেমা নিৰ্মান হৈ আছে। আৰু বহুতো চলচ্চিত্ৰ মহোৎসৱত জিলিকিও আছে। তাতে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰে কি কৰিলে আমি সকলোৱে জানো। মই বহুত যোগাত্মক ভাৱে ভাৱো আৰু কাম কৰি গৈ আছো। ভাল কাম হলে নিশ্চয় এদিন নহয় এদিন স্বীকৃতি পাবই বুলি বিশ্বাস কৰো।

৩।আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! -- এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ 'প্ৰচাৰ মাধ্যম'ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে -- অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব  দেশ - বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?
মঞ্জুলঃ অসমীয়া চিনেমাৰ বুৰঞ্জী ১৯৩৫ চনৰ পৰাই চহকী। পূৰ্বে কৰি অহা মহান কামসমুহে আমাক এই পৰিবেশ দিছে। গতিকে মই ভাৱো আমি যি কৰিব পাৰিছো আমাৰ অগ্ৰজ সকলৰ অক্লান্ত কৰ্মৰ বাবে। তেওঁলোকে দেখুৱাই দিয়া বাট যদি আমি নাপালো হেঁতেন তেতিয়া হয়তো আমাৰ অসমীয়া চিনেমাৰ স্থান আজিৰ দৰে নহল হেঁতেন। মোৰ মতে এয়া চাগে কাৰোবাৰ অহংকাৰ মিশ্ৰিত অভিব্যক্তি আছিল। মই সেইসকল মহান নমস্য ব্যক্তি সকলক সদায়ে শ্ৰদ্ধা কৰো। তুলনা কৰাৰ পৰিবৰ্তে তেওঁলোকৰ সৃষ্টিক লৈ মই গৌৰৱহে কৰো।

৪। আপুনি মুকলি মনেৰে কব পাৰিব নে -- আজিৰ তাৰিখত অসমীয়া চিনেমাৰ মান  আন ভাষাৰ চিনেমাতকৈ কোনো গুণে কম নহয়।
মঞ্জুলঃ হয় মই মুকলি মনেৰে কব পাৰিম ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ চলচ্চিত্ৰ উদ্যেগ্যৰ মানৰ তুলনাত হয়তো আমাৰ অসমীয়াৰ চলচ্চিত্ৰ মানৰ স্থান ৫ বা ৬ নম্বৰ পাব। যিসকলে আজি তাৰিখলৈ প্ৰতিখন অসমীয়া চিনেমাই যদি চাইছে তেওঁহে এই কথা কব পাৰিব। সকলো অসমীয়া চিনেমা নোচোৱা সকলক যদি এই প্ৰশ্ন কৰা হয় তেওঁলোকে অসমীয়া চিনেমাৰ মানৰ বিষয়ে সঠিককৈ কব নোৱাৰিব বুলি ভাৱো।

৫।আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ 'বিকল্প বজাৰ' কেনেদৰে চিন্তা কৰিব পাৰি ? 
মঞ্জুলঃ চিনেমা হ’লৰ বিকল্প OTT প্লেটফ্ৰমে দিব। ইতিমধ্য বিশ্বৰ বজাৰত ই এক নতুন আলোৰন সৃষ্টি কৰিছে। গতিকে আমি সকলোৰে লগত তিস্তি থাকিবলৈ ভাল চিনেমা নিৰ্মান কৰিবই লাগিব অন্যাথা ইয়াৰ বিকল্প নাই।

৬।  আমাৰ প্ৰশ্ন : আপোনাৰ ধাৰণাত চিনেমা দৰ্শকৰ বাবে নে বঁটাৰ বাবে ? 
মঞ্জুলঃ মোৰ বাবে সদায় চিনেমা দৰ্শকৰ বাবেহে। কিন্তু চিনেমা মানেই নাচ, গান আৰু যৌনতা নহয়। যদি ইয়াৰ প্ৰয়োগ কাহিনীৰ স্বাৰ্থত হয় তেতিয়াহে উচিত বুলি ভাৱো। বঁটাই সদায় আমাক চিনেমাৰ মান নিৰূপন কৰাত সহায় কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বঁটা নোপোৱা চিনেমাবোৰৰ মান ভাল নহয়। আমি যদি বিশ্বৰ ভাল ভাল চিনেমা সমুহ স্কুলৰ পৰাই দেখুৱাৰ পৰিবেশ এটা দিব পাৰো তেতিয়া হয়তো ভাল চিনেমাৰ ৰস লবলৈ বেছি দৰ্শক ওলাব। আৰু মোৰ মনত পৰিছে আমাৰ সকলোৰে চিনাকী মনোৰজ্ঞ বিশেষজ্ঞ জয়ন্ত দাস দায়ে প্ৰায়ে এটা কথা কয় ভাল চিনেমাই হেনো দৰ্শকৰ আয়ুস বৃদ্ধি কৰে।
৭। আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?
মঞ্জুলঃ হয়, সকলো পৰিচালকৰে নিজৰ নিজৰ এটা নিজস্ব শৈলী আছে। তেনেকৈয়ে দৰ্শকে ৰুচি অনুযায়ী পৰিচালকৰ সেই শৈলীক তেওঁলোকে স্বীকৃতি দিয়ে। এদিন শ্ৰদ্ধাৰ জাহ্নু বৰুৱা চাৰে এটা কথা কৈছিল, যিকোনো এটা কাহিনী, ঘটনা বা সমস্যাকলৈ যেতিয়া চিনেমা নিৰ্মানৰ কাম আৰম্ভ কৰিবি। সেই কাহিনীটোক তই কেনেকৈ চিনেমা আকাৰে চাবলৈ ভাল পাবি। তেনেকৈয়ে লিখি যাবি আৰু যেতিয়াই কাহিনীৰ কথনটো তোৰ ভাল লাগিব তেতিয়াই তই তেনেকৈয়ে চিনেমা নিৰ্মান কৰিবলৈ চাবি। সেইকেইটা মহান বানীৰ অৱলম্বন কৰিয়ে মই আজিলৈকে চিনেমা নিৰ্মান কৰি আহিছো। সেইয়াই মোৰ শৈলী। মোৰ নিজা।

৯।আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো 'চিনেমা'ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত 'অসমীয়া চিনেমা'ৰ ক্ষতি হোৱা নাই নে?
মঞ্জুলঃ হয় কথাটো মইও উপলদ্ধি কৰো। অসমীয়া চিনেমাৰ সুষ্ঠ আলোচনা হোৱা পৰিলক্ষিত হোৱা দেখা নাই।  যদিও দুই এক হয় সেইবিলাকত কেৱল দোষাৰূপ কৰাহে দেখা যায়। ফলত বহুতো চলচ্চিত্ৰ কৰ্মী নিৰোৎসাহ হে হৈছে। সমালোচকৰ সমালোচনাই আমাক সজাগ কৰে, নতুন দৃষ্টি দিয়ে। আমি ৰৈ থাকো তেওঁলোকৰ তুলা-চালনী খনলৈ। কিন্তু ভালেই হওক বা বেয়াই হওক তুলা-চালনীৰ নিৰবতাক কোনেও ভাল নেপায়। অসমীয়া চলচ্চিত্ৰৰ বিশুদ্ধ চৰ্চা সদায়ে কাম্য কৰো। আৰু ইয়াৰ যোগেদি নতুন প্ৰজন্মই এক নতুন বাট দেখিব।
১০। আপুনি জাহ্নু বৰুৱাৰ চিনেমাৰে চিনেকৰ্ম আৰম্ভ কৰিছিল। এতিয়া আপুনি স্বাধীন পৰিচালক। তেতিয়াৰ পৰা এতিয়ালৈ 'চিনেমা'ৰ নিশ্চয় পৰিবৰ্তন হৈছে। এই পৰিবৰ্তনক কেনেদৰে ব্যাখ্যা কৰিব?
মঞ্জুলঃ হ়য়, মোৰ মতে জাহ্নু বৰুৱা চাৰ এজন ব্যক্তি নহয় এক অনুষ্ঠান। তেখেতৰ ছত্ৰছায়াত কাম শিকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আজিলৈ যি অলপ কৰিব পাৰিছো তেখেতৰ বাবেহে কৰিব পাৰিছো। একেৰাহে তেখেতৰ প্ৰায় সাত খন চিনেমাত সহকাৰী পৰিচালক হিচাপে কাম কৰিবলৈ সুযোগ পাইছিলো। সেইখিনি সময় মোৰ বাবে স্বৰ্ণময় সময় আছিল। তেখেতৰ লগত ছাঁৰ দৰে থাকি কাম শিকিব পাৰিছিলো। নিৰ্মান প্ৰক্ৰিয়াৰ পৰিবৰ্তন হোৱা নাই যদিও কাৰিকৰী দিশ (যেনে- কেমেৰা,চাউন্ড, এডিটিং) বিলাকহে পৰিবৰ্তন হৈছে। চিনেমাৰ ভাষাৰ ব্যাকৰণ সেই একেই আছে। চিনেমা নিৰ্মানৰ প্ৰস্তুতি যেনেকৈ জাহ্নু চাৰে কৰে সেয়া ছাগে আজিৰ ন-প্ৰজন্মই প্ৰায় সকলে তেখেতৰ পৰাহে অনুকৰনহে কৰিবলৈ লৈছে। মইও আজিলৈকে তেখেতে শিকোৱা পদ্ধতিৰে নিৰ্মান কৰি আছো। পৰিবৰ্তন কেৱল কাৰীকৰি ভাৱেহে হৈছে বুলি ভাৱো। আৰু সেয়া হবই। আমি নিজকে পৰিবৰ্তনৰ লগত চলিব লাগিব। নতুন পৰীক্ষামুলক চিন্তা তেতিয়াও আছিল আৰু আজিও আছে।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...