সরাসরি প্রধান সামগ্রীতে চলে যান

জলছবি

জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছো অহা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হব।

প্ৰচাৰ মাধ্যমৰ আঁতৰত থাকি নিৰৱে চিনেকৰ্মত ব্যস্ত থকা জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছো অহা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হব। --এটা ভাল খবৰ। এখন 'ভাল চিনেমা'ৰ চিনেযাত্ৰাৰ ভাল লগা খবৰ।
           চিনেমা খনৰ প্ৰযোজক: জয়ছেং জয় দহোতীয়া আৰু ভূপালী মৰাণ ।
           সহ প্ৰযোজক : বাৰ্লিনৰ মগাদৰ ফিল্ম ,  ফ্রেংকফ্কুটৰ ফান দে মেন্টেল ষ্টুডিঅ’ আৰু আৰমান প্ৰডাকচনছ।
           কাহিনী, অভিনয়: 'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ--  মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত তাপসী লাহে লাহে হেৰাই যাবলৈ ধৰে; কিন্তু তাৰ মাজতে সময়ে পুনৰ তাপসীক নতুন ৰূপত প্ৰতিষ্ঠা কৰে। আন এগৰাকী নতুন তাপসীৰ সৃষ্টি হয়, সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ। জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ।
-- তাপসী নামৰ মূল চৰিত্ৰটিত  অভিনয় কৰিছে বৰপেটাৰ দৰথী ভৰদ্বাজে। তাপসীৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে কাকপথাৰৰ পুৰোধা নাট্যকর্মী নোমলচন্দ্ৰ গগৈয়ে, মাকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট বিহুনৃত্য পটীয়সী দুলভা মৰাণে। ইয়াৰ উপৰি ককায়েকৰ চৰিত্ৰত দুলুকান্ত মৰাণ, স্বামীৰ চৰিত্ৰ বিশাল অনুৰাগকে ধৰি অন্যান্য চৰিত্ৰত অখিল গগৈ, কৰবী দুৱৰা, বিপনজিত গগৈ, জিতু মৰাণ আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।
চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে চিদা বৰাই, শব্দগ্রহণ দেৱজিত গায়নৰ, কলা নিৰ্দেশনা পুণ্যজিত মৰাণ আৰু প্ৰকাশদীপ দহোতীয়াৰ, প্রযোজনা নিয়ন্ত্রণ তিলকজ্যোতি মৰাণৰ, আৱহ সংগীত সৌৰভজ্যোতি মহন্তৰ, গীতিকাৰ মৃণাল বৰগোহাঁই আৰু যাদৱ মহন্ত, আনহাতে ৰূপসজ্জাত আছে বিশ্ব কলিতা
            বিষয়বস্তু:  জীৱনৰ সকলো সপোন পূর্ণ হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু হয়তো সকলো সপোন পূৰ হোৱাটোৱে মানৱ জীৱনৰো পৰিপূৰ্ণতা নহয়। এই পূর্ণতা-অপূর্ণতাৰ সমষ্টিয়ে জীৱনটোক কেতিয়াবা দোধোৰ-মোধোৰত পেলায়, সময়ৰ স’তে সংঘাত আৰম্ভ হয়। ইমানৰ পিছতো কিন্তু মানুহৰ জীৱন থমকি নয়, সময়ৰ সোঁতত বোৱতি নদীৰ দৰে প্ৰাপ্তি-অপ্রাপ্তিৰ মাজত বৈ যাবলৈ বাধ্য হয়। জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়।
            শেষত: প্ৰথম পৰিচালনা 'হান্দুক'ৰ চিনেকৰ্মৰ বাবে পৰিচালক জয়ৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। 'সাহিত্য'ৰ মেদ নথকা, কেমেৰাৰ ভাষাৰ সুপৰিকল্পিত গাণিতিক প্ৰয়োগৰ 'হান্দুক'ৰ বুনিয়াদত ঠিয় হৈ আশা কৰিছো 'জলছবি'য়ে চিত্ৰৰসিকক সন্তুষ্ট কৰিব।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...