ভাৰত কেন্দ্ৰীক অস্কাৰ চৰ্চাৰ প্ৰতি আমাৰ আগ্ৰহ নাছিল। নাই। ১৯৫৭ চনত 'অস্কাৰ'ত সংযোজন হয় 'Best Foreign Language Film' শিতান। এই শিতানলৈ ভাৰতে প্ৰেৰণ কৰা প্ৰথম খন চিনেমা 'মাদাৰ ইন্ডিয়া'। তেতিয়াৰে পৰা ভাৰতীয় চিনেমাৰ 'অস্কাৰ চৰ্চা' হৈ আছে। আৰু চৰ্চাতে শেষ হৈছে। এই যে চৰ্চাতে শেষ, আগ্ৰহ নথকাৰ এয়া প্ৰথম কাৰণ।
--চৰ্চতে কিয় শেষ?
--প্ৰথম কাৰণ নিৰ্বাচন প্ৰক্ৰিয়া। উন্নত মানৰ সৰহ সংখ্যক ভাৰতীয় চিনেমাৰ নিৰ্মাতাই আৰ্থিক সমস্যাৰ মাজত থাকি চিনেকৰ্ম কৰে। এই নিৰ্মতা সকলৰ পক্ষে প্ৰায় ৮০,০০০টকা খৰচ কৰি আবেদন কৰা কামটো সহজ নহয়। গতিকে উন্নত মানৰ ভালে মান ভাৰতীয় চিনেমা নিৰ্বাচন প্ৰক্ৰিয়াৰ আতৰতে ৰৈ যায়।
--হেয়েহে আমাৰ ধাৰণাত ভাৰতৰ পৰা 'অস্কাৰ'লৈ প্ৰেৰণ কৰা চিনেমা মানেই শ্ৰেষ্ঠ ভাৰতীয় চিনেমা নহয়।
-- আমি 'অস্কাৰ চৰ্চা'ৰ আতৰতে থাকিলো হেতেন, যদিহে 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ অস্কাৰ ২০১৮ত ভাৰতৰ 'অফিচিয়েল এন্ট্ৰি' নহ'ল হেতেন।
--এইবাৰো এখন অসমীয়া চিনেমাই আবেদন কৰিছে। 'অফিচিয়েল এন্ট্ৰি' হবনে? --জানিব পাৰিম ২৩ অক্তোবৰত। কলকাতাত বিচাৰকমণ্ডলীৰ সদস্যই ১৪ খন চিনেমাৰ পৰা ১ খন চিনেমা নিৰ্বাচন কৰাত ব্যস্ত আছে।
--এই যে এখন অসমীয়া চিনেমা (ব্ৰীজ) আছে, সেই বাবে আগ্ৰহ নথকা স্বত্বেও 'অস্কাৰ'ৰ খবৰ ৰাখিছিলো।
--২১অক্তোবৰত হঠাতে খবৰ পালো 'Oscars 2022: Vidya Balan’s ‘Sherni’ and Vicky Kaushal starrer ‘Sardar Udham’ shortlisted for India's official entry for the 94th Academy' ( মনতে প্ৰশ্ন-- হয় জানো?) আৰু কিছু সময় পিছতে সামাজিক মাধ্যমত লেখক-সম্পাদক এগৰাকীয়ে 'খবৰ' দিলে--'...'শ্বেৰনি' আৰু ' ছৰ্দাৰ উধম' এইবাৰ অস্কাৰ 2022ত ভাৰতৰ অফিচিয়েল এন্ট্ৰি। কলকাতাত মুঠ ১৪ খন ছবিৰ পৰা বিদ্যা বালন আৰু ভিকি কৌশল অভিনীত এই দুখন ছবি বাচনি কৰা হল।' ( এইবাৰ ভাবিলো --হয়। সচেতন সম্পাদক। মিছা খবৰ নিদিয়ে! সামাজিক মাধ্যমত আমিয়ো খবৰটো এৰি দিলো। অৱশ্যে পিছত 'প্ৰচাৰৰ বাবে প্ৰচাৰ কৰা' খবৰটো 'only me' কৰি ৰাখিলো।)
--আমি মন কৰিলো কলকাতাৰ কেইবখনো দৈনিক কাকতত 'শ্বেৰনি' আৰু ' ছৰ্দাৰ উধম' কেন্দ্ৰীক চৰ্চ প্ৰকাশ পাইছে। দুখন মানত প্ৰকাশ পাইছে 'নয়াট্টু’ আৰু ‘মন্দেলা' কেন্দ্ৰীক চৰ্চা। দুখন মানত আকৌ 'ব্ৰীজ', 'চেলো' কেন্দ্ৰীক চৰ্চা। এই চৰ্চাৰ মাজত অনুভৱ কৰিলো --এই চৰ্চা, 'অস্কাৰ' দৌৰত অংশ লোৱাৰ বাবে প্ৰযোজক-পৰিচালকে কৰিব লগীয়া কচৰৎ।
--কেইখন মান কাকতে 'বিশুদ্ধ খবৰ'টো প্ৰকাশ কৰিছে যদিও 'শ্বেৰনি' আৰু 'ছৰ্দাৰ উধম'ক গুৰুত্ব দিছে। এয়াও প্ৰচাৰ কৌশলৰ বাহিৰে আন একো নহয়। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন