কেবল 'চিনেবোদ্ধা'ৰ বাবে চিনেমা নহয়, সকলোৰে বাবে। কলকাতাত আৰম্ভ হৈছিল এই চিনেচিন্তা। কলকাতাৰ মহোৎসৱৰ এই শ্লোগান এতিয়া বহুতৰে মুখে মুখে-- ‘চিনেমাৰ সবাই, সবাৰ চিনেমা’৷
-----------------------------------------
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়, কাৰ বাবে ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই। অসমীয়া চিনেমাৰ উন্নয়নৰ বাবে, অসমীয়া চিনেমাৰ প্ৰসাৰৰ বাবে কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে মুকলি কৰিছিল। তেতিয়াৰ পৰা এই বিভাগটোৱে কি কৰিছে, অসমীয়া চিনেমাৰ কিমান উন্নয়ন কৰিছে সেয়া অসমৰ চিত্ৰৰসিকে দেখি আহিছে।
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ণ) নিগমে 'নিষিদ্ধ নদী'ৰে (২০০০) অসমীয়া চিনেমা নিৰ্মণৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত প্ৰযোজনা কৰে 'বন্ধন' (২০১২) আৰু 'সাত নম্বৰৰ সন্ধানত' (২০১৬)। আৰু কেইখন মান চিনেমা প্ৰযোজনা কৰিছিল, যি কেইখনৰ সহঃ প্ৰযোজক আছিল (২০১২ চনৰ পৰা)। নিগমৰ ৬০ শতাংশ- ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ,মুঠ বাজেটৰ।
নিগমৰ ফালৰ পৰা কোৱা হৈছে-- '...এজন স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত এক বৃহত প্ৰত্যাহবান হৈছে আৰ্থিক সীমাবদ্ধতা। সকলো স্বাধীন ছবি নিৰ্মাতাই নিজৰ ছবি এখন নিৰ্মাণৰ বাবে আৰ্থিক ৰূপত সক্ষম নহয় আৰু সেইকাৰণে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই নতুন আৰু নিজৰ নাগৰিকৰ দ্বাৰা প্ৰস্তুত কৰা নতুন আৰু মূল প্ৰকল্পক আৰ্থিক ভাৱে সমৰ্থন দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এইক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই ছবি প্ৰযোজনাৰ বাবে চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যত এই নিগমে ছবি নিৰ্মাণৰ বাবে ৬০ শতাংশ আৰু ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ কৰে।' [অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ website ৰ পৰা।] 'আৰ্থিক সাহাৰ্য্য প্ৰদান'বুলি উল্লেখ আছে যেতিয়া 'অৰ্থ উন্নয়ন' প্ৰসংগ অবান্তৰ বিষয়। কিন্তু 'আৰ্থিক সাহাৰ্য্য'ৰে নিৰ্মাণ হোৱা কেইখন চিনেমাই 'অসমীয়া চিনেমাৰ উন্নয়ন' কৰিলে? --এই প্ৰশ্ন অবান্তৰ নহয়। এই প্ৰসংগত বাৰে বাৰে আৰু কিমান চৰ্চা কৰিম? মথো কম-- চৰকাৰী টকাৰে বা 'আৰ্থিক সাহাৰ্য্য'ৰে আজিলৈকে 'গঙা চিলনীৰ পাখি', 'সাগৰলৈ বহুদূৰ', 'সাৰথি', 'ভিলেজ ৰকষ্টাৰ্ছ' , 'বৰনদী ভটিয়ায়'ৰ দৰে চিনেমা নিৰ্মাণ হোৱা নাই।
আমাৰ ধাৰণাত কথাটো এনে ধৰণৰ-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ চিনেমা নিৰ্মাণ ব্যবস্থাটোৱে পৰিপাটি নহয়। সম্ভৱতঃ বিভাগটোৰ নিৰ্দিষ্ট বাজেট থাকে, নিৰ্দিষ্ট সময়ত বাজেট খৰচ কৰটোৱে শেষ কথা!
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়,
------------------------------

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন