সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /১

কেবল 'চিনেবোদ্ধা'ৰ বাবে চিনেমা নহয়, সকলোৰে বাবে। কলকাতাত আৰম্ভ হৈছিল এই চিনেচিন্তা। কলকাতাৰ মহোৎসৱৰ এই শ্লোগান এতিয়া বহুতৰে মুখে মুখে-- ‘চিনেমাৰ সবাই, সবাৰ চিনেমা’৷
-----------------------------------------
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC  কিয়, কাৰ বাবে ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই। অসমীয়া চিনেমাৰ উন্নয়নৰ বাবে, অসমীয়া চিনেমাৰ প্ৰসাৰৰ বাবে কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে  মুকলি কৰিছিল। তেতিয়াৰ পৰা এই বিভাগটোৱে কি কৰিছে, অসমীয়া চিনেমাৰ কিমান উন্নয়ন কৰিছে সেয়া অসমৰ চিত্ৰৰসিকে দেখি আহিছে।
          অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ণ)  নিগমে 'নিষিদ্ধ নদী'ৰে (২০০০) অসমীয়া চিনেমা নিৰ্মণৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত প্ৰযোজনা কৰে 'বন্ধন' (২০১২) আৰু 'সাত নম্বৰৰ সন্ধানত' (২০১৬)। আৰু কেইখন মান চিনেমা প্ৰযোজনা কৰিছিল, যি কেইখনৰ সহঃ প্ৰযোজক আছিল (২০১২ চনৰ পৰা)। নিগমৰ  ৬০ শতাংশ- ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ,মুঠ বাজেটৰ।
          নিগমৰ ফালৰ পৰা কোৱা হৈছে-- '...এজন স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত এক বৃহত প্ৰত্যাহবান হৈছে আৰ্থিক সীমাবদ্ধতা। সকলো স্বাধীন ছবি নিৰ্মাতাই নিজৰ ছবি এখন নিৰ্মাণৰ বাবে আৰ্থিক ৰূপত সক্ষম নহয় আৰু সেইকাৰণে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই নতুন আৰু নিজৰ নাগৰিকৰ দ্বাৰা প্ৰস্তুত কৰা নতুন আৰু মূল প্ৰকল্পক আৰ্থিক ভাৱে সমৰ্থন দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এইক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিতই ছবি প্ৰযোজনাৰ বাবে চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে যত এই নিগমে ছবি নিৰ্মাণৰ বাবে ৬০ শতাংশ আৰু ব্যক্তিগত প্ৰযোজকে ৪০ শতাংশ বিনিয়োগ কৰে।' [অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ website ৰ পৰা।] 'আৰ্থিক সাহাৰ্য্য প্ৰদান'বুলি উল্লেখ আছে যেতিয়া 'অৰ্থ উন্নয়ন' প্ৰসংগ অবান্তৰ বিষয়। কিন্তু 'আৰ্থিক সাহাৰ্য্য'ৰে নিৰ্মাণ হোৱা কেইখন চিনেমাই 'অসমীয়া চিনেমাৰ উন্নয়ন' কৰিলে? --এই প্ৰশ্ন অবান্তৰ নহয়। এই প্ৰসংগত বাৰে বাৰে আৰু কিমান চৰ্চা কৰিম? মথো কম-- চৰকাৰী টকাৰে বা  'আৰ্থিক সাহাৰ্য্য'ৰে আজিলৈকে 'গঙা চিলনীৰ পাখি', 'সাগৰলৈ বহুদূৰ', 'সাৰথি', 'ভিলেজ ৰকষ্টাৰ্ছ' , 'বৰনদী ভটিয়ায়'ৰ দৰে চিনেমা নিৰ্মাণ হোৱা নাই।
          আমাৰ ধাৰণাত কথাটো এনে ধৰণৰ-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ চিনেমা নিৰ্মাণ ব্যবস্থাটোৱে পৰিপাটি নহয়। সম্ভৱতঃ বিভাগটোৰ নিৰ্দিষ্ট বাজেট থাকে, নিৰ্দিষ্ট সময়ত বাজেট খৰচ কৰটোৱে শেষ কথা!
         অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] চমুকৈ ASFFDC কিয়,

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...