সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৩

✔️ 'পথেৰ পাঁচালী'।
ভাৰতীয় চিনেমাৰ নতুন চিনেযাত্ৰাৰ বাট মুকলি কৰা 'পথেৰ পাঁচালি' পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজনা।

   ✔️  'ভিলেজ ৰকষ্টাৰ্ছ' অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] ৰ প্ৰযোজনা নহয়।
------------------------------------------

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ চিনেযাত্ৰাৰ সময়ত 'দৈনিক জনমভূমি'ত লিখিছিলো-- চিনেমা খনৰ নিৰ্মাণত হোৱা 'খৰচ' অসম চৰকাৰে দিব লাগে। আমাৰ ধাৰণাত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অসমীয়া চিনেমাৰ 'উন্নয়ণ'ৰ বাবে 'বিত্ত' বিনিয়োগ কাম এনেদৰে হব লাগে। অৰ্থাৎ 'ভাল চিনেমা'ক আৰ্থিক সহায় কৰিব লাগে, 'ভাল চিনেমা' নিৰ্মাণৰ (আশাত!) বাবে আৰ্থিক সহায় কৰাৰ যুক্তি আছে বুলি আমি নাভাবো।
           কিয়?
           উদাহৰণ: জাহ্নু বৰুৱাৰ 'কুশল' (অসম সাংস্কৃতিক সঞ্চালকালয় আৰু জাহ্নু বৰুৱাৰ প্ৰযোজনা)  আমি আগ্ৰহেৰে চাইছিলো। হতাশ হৈছিলো। তেনেদৰে 'বান্ধোন' [অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনা] ৰ পৰিচালনা শৈলী বা গল্প কোৱাৰ কৌশল 'হালধীয়া চৰায়ে বাওধান খায়', 'সাগৰলৈ বহুদূৰ'ৰ পৰ্যায়ৰ নহয়। আজিৰ তাৰিখত আমি এনেদৰে নকম কিয়-- পৰিচলকৰ 'নাম' মনত ৰাখি অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে টকা খৰচ কৰিছিল চিনেমা দুখনত।
           জাহ্নু বৰুৱাৰ দৰে দক্ষ পৰিচালক এগৰাকীৰ 'চৰকাৰী প্ৰযোজনা'ৰে এই দূৰত্ব, আন পৰিচালকৰ কথা কি কম? ('অচিন চিনাকি', 'অজানিতে মনে মনে' আদিৰ প্ৰসংগত চৰ্চাৰ প্ৰয়োজন আছে। বাট মুকলি ৰাখিলো।)
           আমি এনে ধৰণৰ কথাও শুনো-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত মুকলি মনেৰে কাম কৰিব নোৱাৰে পৰিচালকে, পৰিচালক-সহঃ প্ৰযোজকে। বিভাগটোৰ কামৰ মেৰপাক অনুভৱ কৰি এগৰাকি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালকে 'এই বিভাগটোৰ সহায় মোক নালাগে'বুলি আতৰি যোৱাৰ খবৰো পাইছিলো ২০১৩ চনত। মেৰপাকৰ 'টেঙা' খায়ে আগলৈ আৰু 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত'ৰ প্ৰযোজনাত বা সহায়ত কাম নকৰো বুলি কোৱা পৰিচালকো আমি লগ পাইছো। গতিকে কথা এটা এনেদৰে কব পাৰি-- বিভাগটোৰ মেৰপাক বোৰ সৰল কৰিব নোৱাৰাৰ কাৰণ কি?
           এই কথা ঠিক-- আৰম্ভনীতে বহু কাম বা ব্যবস্থাৰ মেৰপাক থাকিব পাৰে। পৰৱৰ্তী সময়ত সৰল কৰিব নোৱাৰাৰ নিশ্চয় কাৰণ বা বাধা নাই। অৱশ্যেই বাধা হব পাৰে, সেয়া বিভাগটোৰ অধ্যক্ষ গৰাকীৰ দক্ষতা(বিশেষকৈ চিনেমা প্ৰযোজনাৰ দক্ষতা)। চিনেমা বিষয়ত দক্ষতা নথকা 'অধ্যক্ষ'ৰ পৰা 'চিনেমা প্ৰযোজনা'ৰ 'সৰল বাট' আশা কৰিম জানো!
           অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চিনেমা কেইখনৰ যে পৰিপাটি প্ৰদৰ্শন ব্যৱস্থা নাই, কাৰণ বিভাগীয় মেৰপাকৰ বাহিৰে আন একো নহয়। এনে ধৰণৰ মেৰপাক 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰেও কৰিব নোৱাৰৰ কাৰণ নাই। কেইবাখনো চিনেমা দৰ্শকৰ ওচৰেই নাপালে। সহঃ প্ৰযোজক কেইগৰাকীৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ ইচ্ছা আছে। সমস্যা বিভাগীয় মেৰপাক আৰু 'বজাৰ'ৰ বাবে কৰিবলগীয়া প্ৰচাৰ ইত্যাদি।
           মনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলেমনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলে। চিনেমা খনৰ পৰিচলক আব্দুল মজিদক হেনো বিভাগটোৰ পৰা কৈছিল-- 'বাজেট'ৰ টকা শেষ!
          

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...