সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৩

✔️ 'পথেৰ পাঁচালী'।
ভাৰতীয় চিনেমাৰ নতুন চিনেযাত্ৰাৰ বাট মুকলি কৰা 'পথেৰ পাঁচালি' পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজনা।

   ✔️  'ভিলেজ ৰকষ্টাৰ্ছ' অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত [ Assam State Film (Finance and Development) Corporation Ltd. ] ৰ প্ৰযোজনা নহয়।
------------------------------------------

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ চিনেযাত্ৰাৰ সময়ত 'দৈনিক জনমভূমি'ত লিখিছিলো-- চিনেমা খনৰ নিৰ্মাণত হোৱা 'খৰচ' অসম চৰকাৰে দিব লাগে। আমাৰ ধাৰণাত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অসমীয়া চিনেমাৰ 'উন্নয়ণ'ৰ বাবে 'বিত্ত' বিনিয়োগ কাম এনেদৰে হব লাগে। অৰ্থাৎ 'ভাল চিনেমা'ক আৰ্থিক সহায় কৰিব লাগে, 'ভাল চিনেমা' নিৰ্মাণৰ (আশাত!) বাবে আৰ্থিক সহায় কৰাৰ যুক্তি আছে বুলি আমি নাভাবো।
           কিয়?
           উদাহৰণ: জাহ্নু বৰুৱাৰ 'কুশল' (অসম সাংস্কৃতিক সঞ্চালকালয় আৰু জাহ্নু বৰুৱাৰ প্ৰযোজনা)  আমি আগ্ৰহেৰে চাইছিলো। হতাশ হৈছিলো। তেনেদৰে 'বান্ধোন' [অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনা] ৰ পৰিচালনা শৈলী বা গল্প কোৱাৰ কৌশল 'হালধীয়া চৰায়ে বাওধান খায়', 'সাগৰলৈ বহুদূৰ'ৰ পৰ্যায়ৰ নহয়। আজিৰ তাৰিখত আমি এনেদৰে নকম কিয়-- পৰিচলকৰ 'নাম' মনত ৰাখি অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে টকা খৰচ কৰিছিল চিনেমা দুখনত।
           জাহ্নু বৰুৱাৰ দৰে দক্ষ পৰিচালক এগৰাকীৰ 'চৰকাৰী প্ৰযোজনা'ৰে এই দূৰত্ব, আন পৰিচালকৰ কথা কি কম? ('অচিন চিনাকি', 'অজানিতে মনে মনে' আদিৰ প্ৰসংগত চৰ্চাৰ প্ৰয়োজন আছে। বাট মুকলি ৰাখিলো।)
           আমি এনে ধৰণৰ কথাও শুনো-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত মুকলি মনেৰে কাম কৰিব নোৱাৰে পৰিচালকে, পৰিচালক-সহঃ প্ৰযোজকে। বিভাগটোৰ কামৰ মেৰপাক অনুভৱ কৰি এগৰাকি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালকে 'এই বিভাগটোৰ সহায় মোক নালাগে'বুলি আতৰি যোৱাৰ খবৰো পাইছিলো ২০১৩ চনত। মেৰপাকৰ 'টেঙা' খায়ে আগলৈ আৰু 'অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত'ৰ প্ৰযোজনাত বা সহায়ত কাম নকৰো বুলি কোৱা পৰিচালকো আমি লগ পাইছো। গতিকে কথা এটা এনেদৰে কব পাৰি-- বিভাগটোৰ মেৰপাক বোৰ সৰল কৰিব নোৱাৰাৰ কাৰণ কি?
           এই কথা ঠিক-- আৰম্ভনীতে বহু কাম বা ব্যবস্থাৰ মেৰপাক থাকিব পাৰে। পৰৱৰ্তী সময়ত সৰল কৰিব নোৱাৰাৰ নিশ্চয় কাৰণ বা বাধা নাই। অৱশ্যেই বাধা হব পাৰে, সেয়া বিভাগটোৰ অধ্যক্ষ গৰাকীৰ দক্ষতা(বিশেষকৈ চিনেমা প্ৰযোজনাৰ দক্ষতা)। চিনেমা বিষয়ত দক্ষতা নথকা 'অধ্যক্ষ'ৰ পৰা 'চিনেমা প্ৰযোজনা'ৰ 'সৰল বাট' আশা কৰিম জানো!
           অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চিনেমা কেইখনৰ যে পৰিপাটি প্ৰদৰ্শন ব্যৱস্থা নাই, কাৰণ বিভাগীয় মেৰপাকৰ বাহিৰে আন একো নহয়। এনে ধৰণৰ মেৰপাক 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰেও কৰিব নোৱাৰৰ কাৰণ নাই। কেইবাখনো চিনেমা দৰ্শকৰ ওচৰেই নাপালে। সহঃ প্ৰযোজক কেইগৰাকীৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ ইচ্ছা আছে। সমস্যা বিভাগীয় মেৰপাক আৰু 'বজাৰ'ৰ বাবে কৰিবলগীয়া প্ৰচাৰ ইত্যাদি।
           মনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলেমনলৈ আহিছে 'সাত নম্বৰৰ সন্ধানত' চিনেমা খন। চিনেমা খন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণহে কৰিলে। প্ৰচাৰ নকৰিলে, 'বজাৰ'লৈ নিবলৈ পৰিপাটিকৈ সাজু নকৰিলে। চিনেমা খনৰ পৰিচলক আব্দুল মজিদক হেনো বিভাগটোৰ পৰা কৈছিল-- 'বাজেট'ৰ টকা শেষ!
          

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...