এজন পাগল অভিনেতা দুগৰাকী সাংবাদিকৰ আলাপৰ কিয়দাংশ—
প্রভু চাওলা : আপোনাৰ নিৰ্বাচনত শ্ৰেষ্ঠ ভাৰতীয় অভিনেতা?
খালিদ মহম্মদ: কমল হাচান।
প্ৰভু চাওলাঃ নাচিৰুদ্দিন শ্বাহ, অমিতাভ বচ্চন বা আমিৰ খান কিয় নহয়?
খালিদ মহম্মদ ঃ কমল হাচানৰ দৰে অভিনয় কৰি দেখুৱাব পৰা নাই বা সুযোগ পোৱা নাই। কমল হাচানে কেইবাবাৰো নিজৰ অভিনয়ক লৈ, অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।
হয় জানো?
ছেটেলাইট চেনেল এটাত বিশেষ আলাপটো চোৱাৰ পিছত মনলৈ প্ৰশ্ন আহিছিল— হয় জানো? প্ৰশ্নটোৰ স্পষ্ট উত্তৰ পোৱাৰ আশাত যোৱা মাহটোৰ বেচি সময় খৰচ কৰিলো কমল হাচানৰ চিনেমা চোৱাত । মই, সংগ্ৰহ কৰি লোৱা চিনেমাকেইখন আছিল— 'সাগৰ সংগমম', ‘নায়কন', 'পুষ্পক’, ‘মেয়ৰ চাহাব’, ‘সুন্দৰম পিৰাই (সদমা), ‘আপ্পু ৰাজা’, ইণ্ডিয়ান', ‘অভয়’ আৰু ‘হে ৰাম'। চিনেমাকেইখন চালে এটা দিশ স্পষ্ট হৈ পৰে যে কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।— এই দুটা কাৰণৰ বাবেই হয়তো চিনেমা আলোচক খালিদ মহম্মদে অভিনেতাগৰাকীৰ প্ৰসংগত কৈছে— ... অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।
‘নায়কন’ৰ মাফিয়া ডন ৰাজন মুদলিয়ান, ‘মেয়ৰ চাহাব’ৰ দুষ্ট নেতা, ‘আপ্লু ৰাজা’ৰ বাওনা, ‘অভয়’ৰ মানসিক ৰোগীৰ চৰিত্ৰকেইটা বিশ্লেষণ কৰি চালে অনুভৱ হয়, কমলে শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিটো চৰিত্ৰৰ বাবে সাজু কৰিছিল। আমিৰ খানে বহু চর্চিত ‘গজিনী’ৰ বাবে যি কষ্ট কৰিছিল, সেই কষ্ট কমল হাচানে ওপৰত উল্লেখ কৰা প্ৰতিখন চিনেমাৰ বাবে কৰিছিল। এয়া অভিনেতা এগৰাকীৰ দায়িত্ব বুলি ধৰি লৈছিল। আৰু সম্ভৱতঃ এই কাৰণেই ‘মন-দেহ চৰ্চা’ক ‘হাইলাইট’ হিচাপে ব্যৱহাৰ কৰা নাছিল।
১৯৮৩ চনত মুক্তি পোৱা ‘সাগৰ সংগমম’ত কমল হাচানে বৃদ্ধৰ চৰিত্ৰত শ্বট দিয়াৰ সময়ত সুখী হ’ব পৰা নাছিল। ক'ৰবাত যেন ভুল হৈ আছে। বৃদ্ধৰ দৰে আচৰণ কৰাত ব্যৰ্থ হৈছে। ৰাছ-প্ৰিণ্টত দুবাৰমান চোৱাৰ পিছতহে ধৰিব পাৰিলে যে সংলাপ প্রক্ষেপণত ভুল হৈ আছে। কণ্ঠস্বৰ বৃদ্ধৰ দৰে হোৱা নাই। সেয়েহে ডাবিঙৰ সময়ত চিঞৰি চিঞৰি কণ্ঠস্বৰ ভাঙি লৈছিল। তাৰ পিছত আৰু আজিলৈকে প্ৰকৃত কণ্ঠস্বৰ ঘূৰাই নাপালে। কোনো চিকিৎসকেই ঘূৰাই দিব নোৱাৰিলে। চৰিত্ৰৰ সৈতে মিলি যোৱাৰ স্বাৰ্থত ‘পাগল অভিনেতা’ (অভিনয়ৰ নামত পাগল)-ইহে এনে কষ্ট বা ত্যাগ কৰিব পাৰে। নিজক শাৰীৰিক যন্ত্রণা দিব পাৰে। সেই শাৰীৰিক যন্ত্ৰণাৰ ফল কিমান মিঠা সেয়া উপলব্ধি কৰিব পাৰি ‘সাগৰ সংগম’ৰ দৰ্শক হোৱাৰ পিছত। এনেদৰে কমলে নিজৰ শৰীৰটোক যন্ত্রণা দিছিল ‘অভয়’ত শ্বট দিয়াৰ সময়ত। শ্বট দিয়াৰ পূৰ্বে প্রায় দুঘণ্টা শৰীৰ চৰ্চা কৰিব লগা হৈছিল। সঘনাই ওজন কম-বেছি কৰিব লগা হৈছিল। চিনেমাখনত কমলে দুটা চৰিত্ৰত অভিনয় কৰিছে। সন্দেহ নাই, শ্বট দিয়াৰ পূৰ্বে কৰা পৰিশ্ৰমৰ বাবেই চৰিত্ৰ দুটাৰ দূৰত্ব বাঢ়িছিল। এই দূৰত্ব বঢ়াব পৰা ক্ষমতাৰ বাবেই হয়তো কমল হাচান অনন্য।
‘ইণ্ডিয়ান’, ‘আপ্পু ৰাজা’তো কমল হাচানে ‘শ্রেষ্ঠ অভিনয়’কৰিছে। সন্দেহ নাই। অভিনয় ক্ষমতা কিন্তু স্পষ্ট হৈছে ‘সুন্দৰম’ পিৰাই’ (সদমা) আৰু ‘পুষ্পক’ত।’ ‘সুন্দৰম পিৰাই’ (‘সদমা’ নোচোৱা চিত্ৰৰসিক হয়তো কম ওলাব।)ৰ ক্লাইমেক্স ছিকুৱেন্সটো নিৰ্মাণ হৈছে কেৱল কমলৰ অভিনয়ৰ ক্ষমতাৰে৷ সংলাপ নাছিল। ‘নায়ক’ৰ যন্ত্ৰণা দৰ্শকক বুজাই দিছিল চেহেৰা আৰু শৰীৰ ভংগিমাৰে ৷ তেনেদৰে ‘পুষ্পক’ (সবাক যুগত নিৰ্মাণ হোৱা নির্বাক চিনেমা) চিনেমাখন হৈছিল কেমেৰাৰ ভাষা আৰু কমালৰ অভিনয়ৰে। কমলৰ অভিনয়ে সংলাপৰ অভাৱ অনুভৱ কৰাৰ অৱকাশ দিয়া নাছিল৷
এতিয়া কমল হাচান চৰ্চাৰ বিষয় হৈ আছে দশঅৱতাৰম’কলৈ। চিনেমাখনত দহটা চৰিত্ৰত অভিনয় কৰিছে। এইখনো হয়তো কমলে ‘অভিনেতা কমল’ক লৈ কৰা আন এটা পৰীক্ষা।
( ২০০৮ চনত লিখা। 'সাতসৰী’ত প্ৰকাশ পাইছিল।)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন