সরাসরি প্রধান সামগ্রীতে চলে যান

এজন 'পাগল' অভিনেতা ( 'চিনেমা চিনেমা'ৰ পৰা)

এজন পাগল অভিনেতা দুগৰাকী সাংবাদিকৰ আলাপৰ কিয়দাংশ—

প্রভু চাওলা : আপোনাৰ নিৰ্বাচনত শ্ৰেষ্ঠ ভাৰতীয় অভিনেতা?

খালিদ মহম্মদ: কমল হাচান।
প্ৰভু চাওলাঃ নাচিৰুদ্দিন শ্বাহ, অমিতাভ বচ্চন বা আমিৰ খান কিয় নহয়?

খালিদ মহম্মদ ঃ কমল হাচানৰ দৰে অভিনয় কৰি দেখুৱাব পৰা নাই বা সুযোগ পোৱা নাই। কমল হাচানে কেইবাবাৰো নিজৰ অভিনয়ক লৈ, অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।

হয় জানো?

ছেটেলাইট চেনেল এটাত বিশেষ আলাপটো চোৱাৰ পিছত মনলৈ প্ৰশ্ন আহিছিল— হয় জানো? প্ৰশ্নটোৰ স্পষ্ট উত্তৰ পোৱাৰ আশাত যোৱা মাহটোৰ বেচি সময় খৰচ কৰিলো কমল হাচানৰ  চিনেমা চোৱাত । মই, সংগ্ৰহ কৰি লোৱা চিনেমাকেইখন আছিল— 'সাগৰ সংগমম', ‘নায়কন', 'পুষ্পক’, ‘মেয়ৰ চাহাব’, ‘সুন্দৰম পিৰাই (সদমা), ‘আপ্পু ৰাজা’, ইণ্ডিয়ান', ‘অভয়’ আৰু ‘হে ৰাম'। চিনেমাকেইখন চালে এটা দিশ স্পষ্ট হৈ পৰে যে কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।কমল হাচান ‘পৰিচালকৰ অভিনেতা’ নহয়, ‘স্বাধীন অভিনেতা’। স্বাধীন অভিনেতাজনক কেমেৰাৰ সন্মুখত ব্যৱহাৰ কৰি পৰিচালকে দায়িত্ব শেষ কৰিছে। চকুত পৰা দ্বিতীয়টো দিশ অভিনয়ৰ দূৰত্ব। চৰিত্ৰবোৰৰ মাজৰ পৰা 'এজন কমল হাচান' বিচাৰি উলিয়াব নোৱাৰি। ভিন্ন চৰিত্ৰত, ভিন্ন কমল হাচান।— এই দুটা কাৰণৰ বাবেই হয়তো চিনেমা আলোচক খালিদ মহম্মদে অভিনেতাগৰাকীৰ প্ৰসংগত কৈছে— ... অভিনয় ক্ষমতাক লৈ পৰীক্ষা কৰিছে। সফলো হৈছে।

‘নায়কন’ৰ মাফিয়া ডন ৰাজন মুদলিয়ান, ‘মেয়ৰ চাহাব’ৰ দুষ্ট নেতা, ‘আপ্লু ৰাজা’ৰ বাওনা, ‘অভয়’ৰ মানসিক ৰোগীৰ চৰিত্ৰকেইটা বিশ্লেষণ কৰি চালে অনুভৱ হয়, কমলে শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিটো চৰিত্ৰৰ বাবে সাজু কৰিছিল। আমিৰ খানে বহু চর্চিত ‘গজিনী’ৰ বাবে যি কষ্ট কৰিছিল, সেই কষ্ট কমল হাচানে ওপৰত উল্লেখ কৰা প্ৰতিখন চিনেমাৰ বাবে কৰিছিল। এয়া অভিনেতা এগৰাকীৰ দায়িত্ব বুলি ধৰি লৈছিল। আৰু সম্ভৱতঃ এই কাৰণেই ‘মন-দেহ চৰ্চা’ক ‘হাইলাইট’ হিচাপে ব্যৱহাৰ কৰা নাছিল।

১৯৮৩ চনত মুক্তি পোৱা ‘সাগৰ সংগমম’ত কমল হাচানে বৃদ্ধৰ চৰিত্ৰত শ্বট দিয়াৰ সময়ত সুখী হ’ব পৰা নাছিল। ক'ৰবাত যেন ভুল হৈ আছে। বৃদ্ধৰ দৰে আচৰণ কৰাত ব্যৰ্থ হৈছে। ৰাছ-প্ৰিণ্টত দুবাৰমান চোৱাৰ পিছতহে ধৰিব পাৰিলে যে সংলাপ প্রক্ষেপণত ভুল হৈ আছে। কণ্ঠস্বৰ বৃদ্ধৰ দৰে হোৱা নাই। সেয়েহে ডাবিঙৰ সময়ত চিঞৰি চিঞৰি কণ্ঠস্বৰ ভাঙি লৈছিল। তাৰ পিছত আৰু আজিলৈকে প্ৰকৃত কণ্ঠস্বৰ ঘূৰাই নাপালে। কোনো চিকিৎসকেই ঘূৰাই দিব নোৱাৰিলে। চৰিত্ৰৰ সৈতে মিলি যোৱাৰ স্বাৰ্থত ‘পাগল অভিনেতা’ (অভিনয়ৰ নামত পাগল)-ইহে এনে কষ্ট বা ত্যাগ কৰিব পাৰে। নিজক শাৰীৰিক যন্ত্রণা দিব পাৰে। সেই শাৰীৰিক যন্ত্ৰণাৰ ফল কিমান মিঠা সেয়া উপলব্ধি কৰিব পাৰি ‘সাগৰ সংগম’ৰ দৰ্শক হোৱাৰ পিছত। এনেদৰে কমলে নিজৰ শৰীৰটোক যন্ত্রণা দিছিল ‘অভয়’ত শ্বট দিয়াৰ সময়ত। শ্বট দিয়াৰ পূৰ্বে প্রায় দুঘণ্টা শৰীৰ চৰ্চা কৰিব লগা হৈছিল। সঘনাই ওজন কম-বেছি কৰিব লগা হৈছিল। চিনেমাখনত কমলে দুটা চৰিত্ৰত অভিনয় কৰিছে। সন্দেহ নাই, শ্বট দিয়াৰ পূৰ্বে কৰা পৰিশ্ৰমৰ বাবেই চৰিত্ৰ দুটাৰ দূৰত্ব বাঢ়িছিল। এই দূৰত্ব বঢ়াব পৰা ক্ষমতাৰ বাবেই হয়তো কমল হাচান অনন্য।

‘ইণ্ডিয়ান’, ‘আপ্পু ৰাজা’তো কমল হাচানে ‘শ্রেষ্ঠ অভিনয়’কৰিছে। সন্দেহ নাই। অভিনয় ক্ষমতা কিন্তু স্পষ্ট হৈছে ‘সুন্দৰম’ পিৰাই’ (সদমা) আৰু ‘পুষ্পক’ত।’ ‘সুন্দৰম পিৰাই’ (‘সদমা’ নোচোৱা চিত্ৰৰসিক হয়তো কম ওলাব।)ৰ ক্লাইমেক্স ছিকুৱেন্সটো নিৰ্মাণ হৈছে কেৱল কমলৰ অভিনয়ৰ ক্ষমতাৰে৷ সংলাপ নাছিল। ‘নায়ক’ৰ যন্ত্ৰণা দৰ্শকক বুজাই দিছিল চেহেৰা আৰু শৰীৰ ভংগিমাৰে ৷ তেনেদৰে ‘পুষ্পক’ (সবাক যুগত নিৰ্মাণ হোৱা নির্বাক চিনেমা) চিনেমাখন হৈছিল কেমেৰাৰ ভাষা আৰু কমালৰ অভিনয়ৰে। কমলৰ অভিনয়ে সংলাপৰ অভাৱ অনুভৱ কৰাৰ অৱকাশ দিয়া নাছিল৷

এতিয়া কমল হাচান চৰ্চাৰ বিষয় হৈ আছে দশঅৱতাৰম’কলৈ। চিনেমাখনত দহটা চৰিত্ৰত অভিনয় কৰিছে। এইখনো হয়তো কমলে ‘অভিনেতা কমল’ক লৈ কৰা আন এটা পৰীক্ষা।
( ২০০৮ চনত লিখা। 'সাতসৰী’ত প্ৰকাশ পাইছিল।)
 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...