সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰচাৰ বিলাস /১

১১ লাখৰো বেছি দৰ্শকে চাইছে!
গালি দি তালি!
 দেশ নিলাম!
-- ইমানেই। আৰু আন কিবা উদ্দেশ্য থকা বুলি নাভাবো। ভবাৰ যুক্তি বিছৰাৰ বাট নিদিয়ে বীৰ দাসৰ দৰে তথাকথিত 'তাৰকা'ই।
         আমাৰ দেশৰ বহুতে নজানিছিল বলীউদত এজন বীৰ দাস নামৰ অভিনেতা আছে। শেহতীয়া 'চৰ্চা'ইহে জনালে নমস্তে লণ্ডন, মুম্বাই কলিং, দিল্লী বেলি, মস্তিদাজে আদি চিনেমাত সৰু-সৰু চৰিত্ৰত অভিনয় কৰা, সৰু পৰ্দাতো কাম কৰা 'চিনাকি মুখ খনৰহে নাম' বীৰ দাস। অৰ্থাত দৰ্শকৰ বাবে 'মুখ' খন অচিনাকী নাছিল, নামটো কিন্তু বহুতেই জনা নাছিল। চৰ্চাই 'হাইলাট'লৈ অনাৰ পিছতহে জানিলে। আৰু আজি যদি over-the-top (OTT) প্লেটফৰ্ম নাথাকিল হেতেন, হয়তো বীৰ দাস ( আৰু বহু কেইগৰাকী বীৰ দাস) নামৰ অভিনেতা গৰাকী হেৰিই থাকিল হেতেন! --হয়, কৰোণা সমস্যাৰ বাবে অ'টিটি প্লেটফৰ্মৰ উত্থান হৈছিল, মুলতঃ চিত্ৰগৃহ বন্ধ হোৱাত। আৰু এই বিনোদনৰ নতুন প্লটফৰ্মে খনে নিজকে তাৰকা বুলি কোৱাৰ সুযোগ দিছিল বীৰ দাসৰ দৰে অভিনেতাক। অৱশ্যে এই কথা স্বীকাৰ কৰিব লিগিব ১৮খন চিনেমাত অভিনয় কৰা বীৰ দাসে প্রায় ৩৫ খন নাটক, ১০০টিৰো বেছি স্ট্যান্ড-আপ কমেডি শ্ব'ত অংশ লৈছিল।-- এনেধৰণৰ শ্ব' এটাত অংশ লৈ ( আমেৰিকাৰ ৱাশ্বিংটনেৰ জন এফ কেনেডি সেন্টাৰত ‘আই কেম ফ্রম টু ইণ্ডিয়াপছ' নামেৰে  নিজেৰ শ্ব'ত) বীৰ দাসে মন্তব্য কৰিছিল, ‘‘আমি সেইখন  ভাৰতৰ বাসিন্দা, যিখানত  দিনত নাৰীক (দেৱী ৰূপে) পুজা কৰা হয় আৰু ৰাতি নাৰীক গণধর্ষণ কৰা হয়।’’ ইমানেই নহয় , কৰোণাৰ বিৰূদ্ধে সংঘৰ্ষ, কৃষি আইনেৰ বিৰূদ্ধে আন্দোলন, ধর্ষণৰ সমস্যা-সহ একাধিক জ্বলন্ত সমস্যাৰ কথাও তুলি ধৰে অভিনেতা গৰকীয়ে সেই শ্ব'ত। আৰু সেই শ্ব'ৰ ভিডিঅ' এতিয়া ইউটিউবত।
         চাওকচোন আমাৰ দেশপ্ৰেম। আমাৰ দেশৰ নাগৰিকৰ দায়িত্ব। ইয়াতকৈয়ো দুখৰ (ভয়ানক) বিষয়-- এটা ৰাজনৈতিক দলৰ 'দেশ উদ্ধাৰ কৰা নেতা'ই বীৰ দাসক সমৰ্থন কৰিছে। কৈছে --"আমি যি কব পৰা নাই, তুমি সাহসেৰে কৈ দিলা।
         বীৰৰ বিৰূদ্ধ ঠিয় দিছে 'বিৰঙ্গনা' কংগনা ৰাণাৱাটে। কংগনাৰ প্ৰশ্ন--"বীৰ তুমি কোনখন দেশত থাকি আজিৰ পৰ্যায় পালা? দ্বিচাৰিতাৰ কথা কৈছা! দৰাচলতে দেশ নে তোমালোক, তুমি? তোমাৰ দৰে লোক সকলৰহে দুটা ৰূপ-- এন্ধাৰ আৰু পোহৰ..."।--প্ৰতিবাদ কৰিছা, ভাল কৰিছা; কিন্তু কংগনা বীৰৰ দৰে তুমিও 'লাইম লাইট'ত থকাৰ আশাতে মহাত্মা গান্ধী কেন্দ্ৰীক মন্তব্য (আপুনি হয় গান্ধীৰ সমর্থক অথবা নেতাজিৰ। আপনি দুয়ো পক্ষকেই সমর্থন কৰিব নোৱাৰে। সিদ্ধান্ত লব লাগিব আপুনি ...) দিয়া নাই জানো।
         --দৰাচলতে কথাটো এনেধৰণৰ বীৰ দাস, কংগনা হতৰ প্ৰচাৰ ভোক বাঢ়িছে। এইবোৰ দেখি ('আদাক দেখি উঠিল গা, কেঁতুৰীয়ে বোলে মোকো খা ') আমাৰ মুলুকৰ 'কেঁতুৰী'ৰো গা উঠিছে! আৰু ভাওনা,ৰাসক বিকৃত কৰি 'তালি' লোৱাৰ প্ৰতিযোগিতাত নামিছে। 
          সংস্কৃতৰ নিলাম।
          লাগে কেৱল প্ৰচাৰ।
          অসমৰ কৃষ্টি-সংস্কৃতি বিকৃত কৰিলে বিশেষ সমস্যাত পৰিব নালাগে। সংবাদ মাধ্যমৰ ওচৰলৈ গৈ দুখ প্ৰকাশ কৰিলেই হ'ল। 'ক্ষমা খোজা'ৰ প্ৰচাৰটো কৰি দিলেই 'সমস্যা'শেষ।
          --এনে 'প্ৰচাৰ বিলাসে' যে দেশ-সমাজৰ ক্ষতি হয়, এই কথাটো বুজিও নুবুজা সকলহে আজি আমাৰ দেশৰ প্ৰধান শত্ৰু ব্যাখ্যাৰ প্ৰয়োজন আছে জানো! --এই 'শত্ৰু' নিধন অস্ত্ৰ হব পাৰে সংবাদ মাধ্যম। 
কেনেকৈ?
'শত্ৰু' সকলক টি আৰ পিৰ আশাত বা অংকত গুৰুত্ব নিদিলেই হ'ল। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...