সরাসরি প্রধান সামগ্রীতে চলে যান

আইদেউ সন্দিকৈ (জন্ম: ১৯২০ চনৰ চ'ত মাহত; পানী-দিহিঙীয়া গাঁও, গোলাঘাটমৃত্যু: ১৭ ডিচেম্বৰ, ২০০২; কমাৰগাঁও, গোলাঘাট)

‘ভােগৰাম কাই...ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।... ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী'ৰ নায়িকা। 
সম্পূর্ণ 'জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ' কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ : 
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ 'সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে 'শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ'ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) 'বঙহৰদেউ’ বােলাৰ 'অপৰাধ'ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ 'অপৰাধ'ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।

১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী'ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। 'অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। 'নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত 'বিশেষ নাজানাে’ বুলিছিল। 'অভিনেতা'গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল'বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। 'কিবা' এটা কৰাৰ পৰিৱেশ নাছিল।... তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।... পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ 'ফটো' লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।... অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী'ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- 'বহুত দুখ পালা নেকি ?' উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।' - মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।... কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই 'জয়মতী'ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

'জয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিলজয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই 'ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। 'জয়মতী'ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।' —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী 'নায়িকা' প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন'ত স্থান নিদিয়াৰ বাবে। মই 'পেঞ্চন' ইত্যাদিৰ কথা ক'ব খােজা নাই। ক'ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে ... ? ( 'আজিৰ সংবাদ'/ ২০ জুন (১৯৯৫)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...