সরাসরি প্রধান সামগ্রীতে চলে যান

আইদেউ সন্দিকৈ (জন্ম: ১৯২০ চনৰ চ'ত মাহত; পানী-দিহিঙীয়া গাঁও, গোলাঘাটমৃত্যু: ১৭ ডিচেম্বৰ, ২০০২; কমাৰগাঁও, গোলাঘাট)

‘ভােগৰাম কাই...ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।... ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী'ৰ নায়িকা। 
সম্পূর্ণ 'জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ' কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ : 
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ 'সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে 'শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ'ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) 'বঙহৰদেউ’ বােলাৰ 'অপৰাধ'ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ 'অপৰাধ'ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।

১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী'ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। 'অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। 'নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত 'বিশেষ নাজানাে’ বুলিছিল। 'অভিনেতা'গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল'বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। 'কিবা' এটা কৰাৰ পৰিৱেশ নাছিল।... তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।... পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ 'ফটো' লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।... অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী'ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- 'বহুত দুখ পালা নেকি ?' উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।' - মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।... কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই 'জয়মতী'ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

'জয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিলজয়মতী'ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই 'ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। 'জয়মতী'ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।' —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী 'নায়িকা' প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন'ত স্থান নিদিয়াৰ বাবে। মই 'পেঞ্চন' ইত্যাদিৰ কথা ক'ব খােজা নাই। ক'ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে ... ? ( 'আজিৰ সংবাদ'/ ২০ জুন (১৯৯৫)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...