(প্ৰেছ বিজ্ঞপ্তি)
যোৱা ২২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অধীনত নগাওঁ ছোৱালী মহাবিদ্যালয়ত
'অনৌপচাৰিক সংস্কৃত শিক্ষণ পাঠ্যক্ৰম- ২০২১-২২'ৰ উদ্ঘাটন সমাৰোহ সফলভাৱে অনুষ্ঠিত হয়। এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা দহদিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰো সামৰণি পৰে। সংকল্প মন্ত্ৰ আৰু স্বাগত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মীৰা বৰুৱাই। পাঠ্যক্ৰমটিৰ সংযোজিকা অধ্যাপিকা ৰশ্মি ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু উপাধ্যক্ষা কল্পনা ভট্টাচাৰ্যই সংস্কৃত শিক্ষণ পাঠ্যক্ৰম কেন্দ্ৰটিৰ আনুষ্ঠানিক উদ্ঘাটন কৰে। সভাত ''আধুনিক ভাৰতীয় গীতি-সাহিত্যৰ সংস্কৃত অনুবাদ: সংস্কৃতিৰ নতুন দিগন্তৰ সন্ধানত'' সন্দৰ্ভত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মানপ্ৰাপক শিল্পী, সংগীত-আলোচক ৰঞ্জন বেজবৰুৱাই। সংস্কৃত বিভাগৰ অধ্যাপিকা ডঃ সঞ্জিতা সিংহই শিল্পীগৰাকীৰ বৰ্ণিল সাংস্কৃতিক পৰিক্ৰমাৰ এক খতিয়ান দাঙি ধৰে। আধুনিক ভাৰতীয় গীতিসাহিত্যৰ অনুবাদ তথা ৰচনাৰ ক্ষেত্ৰখনত নিজৰ বিচিত্র অনুভৱ-অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।
সভাত সংস্কৃত সম্ভাষণ শিবিৰৰ প্ৰশিক্ষক তপন ৰাজবংশীয়ে বক্তব্য আগবঢ়োৱাৰ অন্তত অধ্যাপিকা ডঃ মিতালী গোস্বামীৰ তত্বাৱধানত ছাত্ৰীসকলক শিবিৰত অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আৰু ছাত্ৰীসকলৰ নীতিবচন, গীত আৰু শান্তিমন্ত্ৰেৰে সভাখনৰ সামৰণি পেলোৱা হয়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন