সরাসরি প্রধান সামগ্রীতে চলে যান

'ভাষিক ৰূপান্তৰে সংগীতৰ দিগন্ত প্ৰসাৰিত কৰে, সংস্কৃতত এই গতি ফলপ্ৰসূ আৰু তৰান্বিত হয়'

(প্ৰেছ বিজ্ঞপ্তি)
যোৱা ২২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অধীনত নগাওঁ ছোৱালী মহাবিদ্যালয়ত 
'অনৌপচাৰিক সংস্কৃত শিক্ষণ পাঠ্যক্ৰম- ২০২১-২২'ৰ উদ্ঘাটন সমাৰোহ সফলভাৱে অনুষ্ঠিত হয়। এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা দহদিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰো সামৰণি পৰে। সংকল্প মন্ত্ৰ আৰু স্বাগত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মীৰা বৰুৱাই। পাঠ্যক্ৰমটিৰ সংযোজিকা অধ্যাপিকা ৰশ্মি ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু উপাধ্যক্ষা কল্পনা ভট্টাচাৰ্যই  সংস্কৃত শিক্ষণ পাঠ্যক্ৰম কেন্দ্ৰটিৰ আনুষ্ঠানিক উদ্ঘাটন কৰে। সভাত ''আধুনিক ভাৰতীয় গীতি-সাহিত্যৰ সংস্কৃত অনুবাদ: সংস্কৃতিৰ নতুন দিগন্তৰ সন্ধানত'' সন্দৰ্ভত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মানপ্ৰাপক শিল্পী, সংগীত-আলোচক ৰঞ্জন বেজবৰুৱাই। সংস্কৃত বিভাগৰ অধ্যাপিকা ডঃ সঞ্জিতা সিংহই  শিল্পীগৰাকীৰ বৰ্ণিল সাংস্কৃতিক পৰিক্ৰমাৰ এক খতিয়ান দাঙি ধৰে। আধুনিক ভাৰতীয় গীতিসাহিত্যৰ অনুবাদ তথা ৰচনাৰ ক্ষেত্ৰখনত নিজৰ বিচিত্র অনুভৱ-অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।লগতে বহুখিনি মৌলিক আৰু সংস্কৃতলৈ অনূদিত গীত পৰিৱেশন কৰি শিল্পী বেজবৰুৱাই সকলোকে মুগ্ধ কৰে।

 সভাত সংস্কৃত সম্ভাষণ শিবিৰৰ প্ৰশিক্ষক তপন ৰাজবংশীয়ে বক্তব্য আগবঢ়োৱাৰ অন্তত  অধ্যাপিকা ডঃ মিতালী গোস্বামীৰ তত্বাৱধানত ছাত্ৰীসকলক শিবিৰত অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আৰু ছাত্ৰীসকলৰ নীতিবচন, গীত আৰু শান্তিমন্ত্ৰেৰে সভাখনৰ সামৰণি পেলোৱা হয়।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...