দুৰ্গা-- The Warrior" এখন অসমীয়া চিনেমা। নাট্যকৰ্মীৰ চিনেমা। নাট্যকৰ্মী কিশোৰ তহবিলদাৰে লিখিছে, পৰিচালনা কৰিছে।
তিনি বছৰ পূৰ্বে 'ফোন'ত কিশোৰ তহবিলদাৰক লগ পাইছিলো। কৈছিল, "আপোনাৰ সৈতে চিনেমাৰ কথা পাতিব লাগিছিল!" আমি 'আহিব পাৰে' বুলিছিলো। কিশোৰ তহবিলদাৰ আহিছিল। আমাৰ চিনেমাৰ আলোচনা আগবাঢ়িছিল। সেই দিনায়ে বুজিছিলো নাট্যকৰ্মী গৰাকীয়ে কেমেৰৰ পিছত কাম কৰিবলৈ নিজকে সাজু কৰিছে। আমাৰ লগত যে চিনেমা চৰ্চা কৰিছিল সেয়াও আছিল চিনে কচৰৎ। ২০১৮ চনৰ শেষৰ ফালে নাট্যকৰ্মী গৰাকীয়ে কৈছিল-- "চিনেমাৰ কাম আতি সোনকালে আৰম্ভ কৰিম।" কৰিছিলো। কিন্তু চিনেমাৰ কাম আগবঢ়োৱাৰ সুযোগ পোৱা নাছিল। 'লকডাউন'ৰ বাবে আন বহুতৰে দৰে কিশোৰ তহবিলদাৰৰো চিনেমা খনৰ কাম স্থবিৰ হৈছিল। চিনেমা খনৰ কামহে ৰৈ গৈছিল, চিনে কচৰৎ কিন্তু দ্ৰুত হৈছিল। পৰিচালনা কৰিছিল দুখন চুটি চিনেমা। এখন ভাল চিনেমা আশা কৰিব পৰা চুটি চিনেমা। আৰু আমি আশাৰে অপেক্ষা কৰি আছিলো চিনেমা "দুৰ্গা-- The Warrior"লৈ।
যোৱা মাহৰ শেষৰ ফালে কিশোৰ তহবিলদাৰৰ প্ৰস্তাৱ --চিনেমা খনৰ সম্পাদনা, সংগীত আদিৰ কাম চলি আছে। "আপুনি এবাৰ চালে উৎসাহ পালো হেতেন!" কলো, এতিয়া নহয়, পম্পূৰ্ণ হ'লেহে চাম। এতিয়া শুনো, আপোনাৰ পৰা। কিশোৰ তহবিলদাৰে ক'লে -- "চিনেমা খনৰ প্ৰযোজনা ডা: উৎপল তহবিলদাৰৰ। দুৰ্গাৰ(নাম ভূমিকাত) চৰিত্ৰত অভিনয় কৰিছে অপেচাদাৰী মঞ্চৰ প্ৰতিষ্ঠিত অভিনেত্ৰী বৰপেটাৰ দীপা দাসে। অপেচাদাৰী মঞ্চৰ বলিষ্ঠ অভিনেতা অক্ষেণ ৰয়, কে.কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, জয়ন্ত দাস, মহেন্দ্ৰ দাস, ঈশান হাজৰিকা,অসীমকৃষ্ণ বৰুৱা, কবিন দাস, ৰুমী ভূঞা আদিকৰি বহুত কেইজন টিভি ধাৰাবাহিক আৰু ৰুপালী পৰ্দাৰ প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীৰ লগতে নবগঠিত বজালী জিলাৰ প্ৰায় চাৰিশ ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।
আৱহ সঙ্গীত কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সঙ্গীত শিল্পী তৰালী শৰ্মাই, চাউণ্ড ডিজাইন-মিক্সিঙ কৰিছে ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত চাউণ্ড ইঞ্জিনীয়াৰ দেবজিৎ গায়নে। ডি.আই কৰিছে 'মিচন চাইনা', 'কাঞ্চনজঙ্ঘা', 'ৰত্নাকৰ ', 'ব্ৰীজ'ৰ কালাৰিষ্ট ৰাজেশ যাদৱে।"
আৰু কাহিনী, বিষয় বস্তু?
" ২০২০ চনত বিশ্ব স্বাস্হ্য সন্থাই প্ৰকাশ কৰা মতে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মদ্যপান কৰাৰ বাবে বছৰি একৈশ লাখ নব্বৈ হেজাৰ মানুহ মৃত্যু মুখত পৰে। বিশ্বজুৰি মদ্যপান মাৰাত্মক ব্যাধি হিচাপে চিহ্নিত হোৱাৰ পিছতো কিন্তু চৰকাৰে ৰাজহ অৰ্জনৰ উদ্দেশ্যে গাৱে-ভূঞে মদৰ দোকান খুলিবলৈ লাইচেঞ্চ দিয়েই আছে। আৱকাৰী বিভাগ এটা থকাৰ পিছতো চুলাই মদৰ ঘাটিত চুলাই মদ উৎপাদন হৈয়েই আছে। ফলত চুলাই মদৰ ঘাটি থকা অঞ্চলত বেছি সংখ্যক পুৰুষে মদ্যপান কৰে আৰু তেওঁলোকৰ গঢ় আয়ুস ৫০-৫৫। আৰু দেখা গৈছে ঠায়ে ঠায়ে চুলাই মদৰ বিষক্ৰীয়া হৈ মানুহ মৰিয়েই আছে। এনে এক পটভূমিতে 'দুৰ্গা-The Warrior' চিনেমাখন নিৰ্মাণ কৰা হৈছে। মোৰ উদ্দেশ্য কাহিনীৰে মদপীবোৰৰ পৰিয়াল, সমাজৰ কথা আঙুলিয়াই দি সমাজখনক সজাগ কৰা।" --কিশোৰ তহবিলদাৰে ক'লে।
আমাৰ ধাৰণাত কিশোৰ তহবিলদাৰে "দুৰ্গা-The Warriorদুৰ্গা-The Warrior" পৰিচালনা কৰিছে দৰ্শকৰ কথা বা "স্থানীয় বজাৰ"ৰ কথা মনত ৰাখি। যদি মহোৎসৱ যাত্ৰাৰ সুযোগ পায়, বঁটা ইত্যাদি লাভ কৰে --সেয়া হব পৰিচালক গৰাকীৰ বাবে বোনাচ। আমি আাশা কৰিম নাট্যকৰ্মী গৰাকীয়ে বোনাচ লাভ কৰক, "স্থানীয় বজাৰ"তো সফল হওক।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন