সরাসরি প্রধান সামগ্রীতে চলে যান

কপৌ পাহি তোৰে খোপাত.../২

সেইদিনা, দ্বিতীয় 'সাক্ষাৎ'ত আৰু বহুকথা কৈছিল অপূৰ্ব বেজবৰুৱাই। অমৰজ্যোতি আৰু শুনি গৈছিলো। কথাৰ মাজলৈ 'গীতত ছবি' প্ৰসংগ আহিছিল।
--শব্দৰে ছবি আঁকিছিল। 'ছবি'ক প্ৰাণ দিছিল থলুৱা মিঠা সুৰেৰে।
এই মূহুৰ্ততো ভালে মান গীত মনলৈ আহি আছে। (প্ৰায় তিনি হাজাৰ গীত ৰচনা কৰিছিল।)--
"চিলমিল টোপনিতে
মিঠা মিঠা সপোনতে
তূমি আছিলা
মোৰেই নিচেই কাষতে...!
চঁকামকাকৈ সাৰ পায়
কাষতে দেখোঁ কোনো নাই..." ( কণ্ঠ : সন্ধ্যা মেনন, কথা-সংগীত : অপূৰ্ব বেজবৰুৱা।)

"চাহ গছৰ কোমল পাতত/ লছমী জনীৰ হাতৰে পৰশ..." (কথা-সংগীত-কণ্ঠ : অপূৰ্ব বেজবৰুৱা)

"লগ দিয়াৰ কথা আাছিল..
নৈৰে ঘাটত
এ,নোৱাৰোঁ যাব চেনাই ঐ
আই আছে বহি
অ, পিৰালি মুখত
আই আছে বহি
অ, পিৰালি মুখত..."(কণ্ঠ: অনিমা চৌধুৰী / সংগীত: বিজয় ভূঞা/ কথা: অপূৰ্ব বেজবৰুৱা।)
-- (আমাৰ মনত "চাহ গছৰ আঁৰত লুকাই..." দৰে আৰু ভালেমান গীত সেউজ হৈ আছে।) এই গীত তিনিটা উল্লেখ কৰিলো এটা দিশ স্পষ্ট কৰিবলৈ। কণ্ঠশিল্পী, সুৰশিল্পী যিয়েই নহওক কিয়--, অপূৰ্ব বেজবৰুৱাৰ "গীত" এডাল বিশেষ সুতাৰে বন্ধা, এটা বিশেষ বৃত্তৰ মাজৰ। আৰু সেই "বিশেষ"ৰ নাম বিহুসুৰীয়া। (অলপতে সামাজিক মাধ্যমত মঞ্জুলা হাজৰিকাৰ লেখাত পঢ়িলো-- "১৯৮৩ চন । অসমৰ কেইবাগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পীক এখন মঞ্চ দিবলৈ ড° ভূপেন হাজৰিকা দেৱক উপদেষ্টাৰূপে লৈ আৰু প্ৰখ্যাত শব্দযন্ত্ৰী পিয়ুষকান্তি ৰয়ৰ সহযোগিতাত তেওঁৰ পত্নী স্মিতা ৰয় আৰু মই 'নৰ্থ ইষ্টান ৰেকৰ্ড কোম্পানী' (নৰেৰেকো) প্ৰতিষ্ঠা কৰিছিলো। আমাৰ উদ্দেশ্য আছিল সংগীতৰ জগতখনত কিবা অলপ ইতিবাচক কাম কৰা আৰু পৃষ্ঠপোষকতাহীন শিল্পীসকলক সহায় কৰা। কেইগৰাকীমান শিল্পীৰ গীত বাণীবন্ধন কৰি ই পি ৰেকৰ্ডেৰে সেই গীতসমূহ প্ৰচাৰ কৰাৰ দিহা কৰিছিলো। অনুষ্ঠানটিৰ জন্মলগ্নতে ক্ষীণকৈ এটি ডেকাল'ৰা আহি মোক কৈছিল --- 'বৌ মই গীত গাওঁ। মোৰ কেইটিমান গীত মঞ্চত পৰিৱেশন কৰোতে ৰাইজে খুব ভাল পাইছে। গীতকেইটি মই ৰেকৰ্ড আকাৰে উলিয়াব খুজিছো। আপোনালোকে গীতকেইটি উলিয়ালে ভাল পাম।' সেই ক্ষীণ ডেকাল'ৰাজনেই আছিল অপূৰ্ব বেজবৰুৱা । তেৱেই আছিল নৰেৰেকোৰ প্ৰথমগৰাকী কণ্ঠশিল্পী -- যাৰ কণ্ঠত নিগৰিছিল 'কপৌপাহি তোৰে খোপাত কিমান ধুনীয়া দেখি...'। এইগীতটিৰে আৰম্ভ কৰি অপূৰ্ব বেজবৰুৱাই সংগীতৰ জগতখন সমৃদ্ধ কৰি গ'ল। আজি বহু কথাই মনত পৰিছে। আমি একেলগে ঘৰে ঘৰে গৈ ৰেকৰ্ড বিক্ৰী কৰাৰ কথা মনত পৰিছে। বহু তিতা-মিঠা অভিজ্ঞতাৰে অপূৰ্ব বেজবৰুৱাই সংগীতৰ জগতত এক বিশেষ স্থান দখল কৰি গ'লগৈ।") ভালদৰে মনত নাই, সম্ভৱতঃ ''কপৌপাহি তোৰে খোপাত কিমান ধুনীয়া দেখি...' আৰু কেইটামান গীতৰ 'খবৰ'টোত, অপূৰ্ব বেজবৰুৱাই প্ৰথম 'সাক্ষাৎ'ত দিয়া 'খবৰ'টোত। এই বিশেষ গীতটোৰে অপূৰ্ব বেজবৰুৱাৰ বিহুসুৰীয়া গীতে গতি লৈছিল, জনপ্ৰিয় হৈছিল।
--আহিছো উল্লেখ কৰা গীত তিনিটালৈ। ( ক্ৰমশ:)Apurba bezbaruah

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...