সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /১

Bhupen Hazarika
খবৰটো প্ৰকাশ পাইছিল-- 'মিড-ডে' কাকতত। এখন চিনেমা নিৰ্মাণ হব। বিষয়-- ভূপেন হাজৰিকা। চিত্ৰনাট্য  লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত 'কায়িক ভূপেন হাজৰিকা' উভতি আহিব নোৱাৰা বাটে আতৰি গৈছিল। কাকত খনত আৰু প্ৰকাশ পাইছিল--, কল্পনা লাজমী এগৰাকী সহ-চিত্ৰনাট্যৰ সন্ধানত আছে। ("I am about to finish work on the screenplay of the biopic, and I am now looking for a co-writer to help me write the film. Mahesh Bhatt will be supervising all creative aspects of the film" --mid-day/24 February,2014) 
--খবৰটোত কোৱা হৈছিল চিনেমা খন নিৰ্মাণ কৰিব পূজা ভাটে। ("...Interestingly, the biopic - that chronicles the life of the legendary musician Bhupen Hazarika - is being produced by Pooja Bhatt, and it may also see the actress-filmmaker essay the role of Lajmi." --mid-day) চিনেমা খন হয়তো আমি দেখিলো হেতেন, যদিহে "কায়িক কল্পনা লাজমী" আমাৰ মাজত আৰু কিছু বছৰ থাকিল হেতেন! 
৭জানুৱাৰী,২০২২। ভৃপেন হাজৰিকা কেন্দ্ৰীক চিনেমা খনৰ 'তথ্য' জানিবলৈ চেষ্টা কৰিছিলো। ভাট পৰিয়ালৰ 'প্ৰডাকচন হাউচ'ৰ পৰা কোনো ধৰণৰ 'তথ্য' নাপালো। এতিয়া, আজিৰ তাৰিখত এই 'খবৰ' আমি নিশ্চয় দিব পাৰো, চিনেমা খন হোৱাৰ এক শতাংশ-ও আশা নাই। 
--মৃত্যুৰ পাছতো বলিউড জালত--, "ভৃপেন হাজৰিকা"!
"কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত ছপোৱা আন এটা খবৰ-- "ভূপেন হাজৰিকা কেন্দ্ৰিক চিনেমা খনৰ কাম আগবঢ়া নাই। তথ্যৰ খেলি-মেলিৰ কাৰণে পুনৰ  চিত্ৰনাট্যৰ কামত ব্যস্ত হৈছে এটা দল, পৰিচালক-চিত্ৰনাট্যকাৰ কল্পনা লাজমিৰ নেতৃত্বত।
সংগীত শিল্পী, চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ বহু কামৰ শুদ্ধ তথ্য নথকাত সমস্যা বাঢ়িছে চিত্ৰনাট্যকাৰৰ।..." (৩০ফেব্ৰুৱাৰী,২০১৪)
--হয়। সত্য। আন কেইবাগৰাকিও "শ্ৰেষ্ঠ অসমীয়া"ৰ সৃষ্টিকৰ্মৰ শুদ্ধ (বিশুদ্ধ!) তথ্য নাই। এই প্ৰসংগত চৰ্চাৰ বাট মুকলি ৰাখি (যথাস্থানত কৰিম) "ভূপেন হাজৰিকাৰ চিনেমা" প্ৰসংগলৈ আহিছো।
--বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি ভূপেন হাজৰিকাই কলকাতালৈ (তেতিয়াৰ কলিকতা) যোৱাৰ সিদ্ধান্তত অলৰ-অচৰ হৈ থকা সময়তে নটসূৰ্য ফনী শৰ্মাৰ প্ৰস্তাৱ-- 'পিয়লী ফুকন' কৰিম। তুমি সংগীত দিবা। আগধনো দিলে নটসূৰ্যই। ("নাটকীয়ভাৱে গঙ্গাপ্রসাদ আগৰৱালা আৰু ফণী শৰ্ম্মা তেজপুৰৰপৰা আহি আমাৰ বাকচটোৰ দৰে ঘৰটোত উপস্থিত হ’লহি। তেওঁলোকে ক'লে—
: তুমি কিয় কাম এৰিবা? ক'লৈ যাবা?
: মই পদত্যাগ পত্ৰখন লিখি থৈছোঁ। দিয়াহে নাই। দিম। অসমৰ বাহিৰৰপৰা তেখেতৰ প্ৰশংসা কৰিব খোজা নাই। মই
: এৰি নিদিবা। সকলো ঠিক হৈ যাব। : এৰিম বুলি মই সিদ্ধান্ত লৈছোঁবেই। মই যথেষ্ট মনোকষ্ট পাইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত ডেৰটা বছৰ চাকৰি কৰাৰ পাচত যিটো মনোকষ্ট পাইছোঁ, তাক সহিব নোৱাৰোঁ। এতিয়া নতুন কিবা এটাহে কৰিবলৈ মন গৈছে। 
: ঠিক আছে, আমি ‘পিয়লি ফুকন'খন কৰিম। তুমি সঙ্গীত-পৰিচালনাৰ দায়িত্বত থাকিবা। তোমাক তোমাৰ প্ৰাপ্যখিনি দিয়া হ'ব। 
এয়া আগধন এশ টকা লোৱাঁ। এই বুলি বলীনদাই দলিল এখন উলিয়ালে। দলিলখন বলীনদাই লগত লৈয়েই আহিছিল। চহী কৰিলোঁ।..." --ভূপেন হাজৰিকা)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...