সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৪

সীমান্ত শেখৰ, অসমীয়া চিনেমাএই চৰ্চা আৰু আগ বঢ়োৱাৰ মন নাছিল। যোৱা সংখ্যাত সীমান্তু শেখৰক প্ৰশংসা কৰি লিখিছিলো-- অসমীয়া চিনেমা প্ৰদৰ্শনৰ কাম হাতত লৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতে ভাল কাম কৰিছে। আমি মুকলি মনেৰে প্ৰশংসা কৰিছিলো। কাম প্ৰশংসাৰ যোগ্য। কিন্তু কামৰ পদ্ধতি প্ৰশংসাৰ যোগ্য নহয়, যদি সামাজিক মাধ্যমত  চৰ্চাৰ বিষয় হোৱা পৰিচালক সৌৰভ বৈশ্যৰ "অভিযোগ" সত্য-- পৰিচলক গৰাকীৰ "ক্ষণচৰ" নামৰ অসমীয়া চিনেমা খন ASFFDC য়ে প্ৰদৰ্শনৰ আগ্ৰহ প্ৰকাশ কৰিছে; কিন্তু প্ৰদৰ্শন কৰাৰ বাবে চিনেমা খনৰ নিৰ্মাতাৰ কোনো ধৰণৰ আৰ্থিক লাভ নহব। এই অভিযোগ সত্য বুলি ধৰি লৈ আমাৰ প্ৰশ্ন-- অসমীয়া চিনেমাৰ ভালৰ স্বাৰ্থত, উত্তৰণৰ স্বাৰ্থত যিটো চৰকাৰী বিভাগে কাম কৰে বুলি কোৱা হয়, সেই বিভাগটোৱে আৰ্থিক দিশত বা প্ৰযোজনাত সহায় নকৰা অসমীয়া চিনেমা এখন প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচৰাৰ যুক্তি আছে জানো? বিভাগটো ইমানে আৰ্থিক সমস্যাত ডুবিছে নে--, প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে নতুন অহমীয়া চিনেমা বিচাৰিব লগীয়া হৈছে। আমি ভাবো-- "ক্ষণচৰ" আৰু আন কোনো অসমীয়া চিনেমাৰ যদি ASFFDC য়ে প্ৰদৰ্শনৰ প্ৰয়োজন অনুভৱ কৰিছে নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাবুজি কৰি লওক। এয়া আৰু ভাল কথা হব পাৰে নে-- নিৰ্মাতাই নিজৰ জেপৰ টকা খৰচ কৰি চিনেমা নিৰ্মাণ কৰিব। আৰু ASFFDC য়ে প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচাৰিব!
পৰৰ বিহুৱানেৰে বিহু পতাৰ চিন্তা বাদ দি ASFFDC য়ে নিজৰ প্ৰযোজনাৰ বা আৰ্থিক সহায়ৰ অসমীয়া চিনেমাৰ সংখ্যা বঢ়াওক। আৰু যেতিয়ালৈকে বঢ়াব নোৱাৰে অসমৰ গাৱে ভূঞে ASFFDC য়ে আৰু অন্যান্য চৰকাৰী বিভাগে প্ৰযোজনা বা নিৰ্মাণত সহায় কৰা অসমীয়া চিনেমা কেইখন প্ৰদৰ্শন কৰক।
(আমি নিশ্চয় এনেদৰে ভাবিব পাৰো --ASFFDCৰ চিনেচিন্তা একক নহয়। সীমান্ত শেখৰৰ নেতৃত্বত নিশ্চয় চিনে পণ্ডিতৰ দল এটা আছে। চিনে পণ্ডিত সকলে কিমান চিনেমা বুজে, কথাছবি আৰু চিনেমাৰ মাজত থকা দৃৰত্ব কিমান বুজে --সেয়া অৱশ্যে সন্দেহৰ বিষয়।) আৰু যদি আৰ্থিক সমস্যা নাই বিভাগটোৰ চিনে পণ্ডিতক ভাল অসমীয়া চিনেমাৰ নিৰ্বাচনৰ দায়িত্ব দিব লাগে; আৰু নিৰ্বাচিত চিনেমাৰ নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাপৰাৰ মাজেৰে আগবাঢ়ি অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব লাগে। পূৰ্বেও কৈছিলো, আকৌ কৈছো-- ৰাজনৈতিক চিন্তাৰে নহয়, সুপৰিকল্পিত চিনেচিন্তাৰে আগবাঢ়ক "অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কাম কৰো" বুলি কৈ অহা এই চৰকাৰী বিভাগটো। আৰু এটা কথা-- অসমীয়া চিনেমা নহয়, সাৰ্থক অসমীয়া চিনেমা প্ৰদৰ্শন কৰাতহে গুৰুত্ব দিয়ক। বলীউড শৈলীৰ বা দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰে (কাহিনী, শ্বট আদি নকল কৰি নিৰ্মাণ কৰা) নিৰ্মাণ কৰা অসমীয়া ভাষাৰ চিনেমা প্ৰদৰ্শন কৰাৰ যুক্তি আছে বুলি আমি নাভাবো। আমাৰ ধাৰণাত কোনো চিত্ৰ ৰসিকেই নাভাবে।
এই দিশটোতো মন দিয়াৰ প্ৰয়োজন আছে-- চিনেমা নিৰ্মাণ কৰি ASFFDC য়ে টকা খৰচ কৰিহে আছে। আৰ্থিক লাভৰ চিন্তা কৰা নাই, চৰকাৰী বিভাগ বাবেই হয়তো "বজাৰ চিন্তা"ৰ প্ৰয়োজন অনুভৱ কৰা নাই। আনহাতে চৰকাৰী বিভাগটোৰ প্ৰযোজনাই দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱতো বিশেষ স্থান দখল কৰিব নাই। এই ব্যৰ্থতাৰ কাৰণো বিভাগটোৰ চিনে পণ্ডিত সকলে চৰ্চা কৰক, সফলতাৰ বাট মুকলি কৰক। আৰু যদি সফলতাৰ বাট নেদেখে উৎপল বৰপূজাৰী, জাহ্নু বৰুৱা, ৰীমা দাস আদিৰ সহায় লওক।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...