সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু 'অসমীয়া চিনেমা নোচোৱা' সীমান্ত শেখৰ /৪

সীমান্ত শেখৰ, অসমীয়া চিনেমাএই চৰ্চা আৰু আগ বঢ়োৱাৰ মন নাছিল। যোৱা সংখ্যাত সীমান্তু শেখৰক প্ৰশংসা কৰি লিখিছিলো-- অসমীয়া চিনেমা প্ৰদৰ্শনৰ কাম হাতত লৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতে ভাল কাম কৰিছে। আমি মুকলি মনেৰে প্ৰশংসা কৰিছিলো। কাম প্ৰশংসাৰ যোগ্য। কিন্তু কামৰ পদ্ধতি প্ৰশংসাৰ যোগ্য নহয়, যদি সামাজিক মাধ্যমত  চৰ্চাৰ বিষয় হোৱা পৰিচালক সৌৰভ বৈশ্যৰ "অভিযোগ" সত্য-- পৰিচলক গৰাকীৰ "ক্ষণচৰ" নামৰ অসমীয়া চিনেমা খন ASFFDC য়ে প্ৰদৰ্শনৰ আগ্ৰহ প্ৰকাশ কৰিছে; কিন্তু প্ৰদৰ্শন কৰাৰ বাবে চিনেমা খনৰ নিৰ্মাতাৰ কোনো ধৰণৰ আৰ্থিক লাভ নহব। এই অভিযোগ সত্য বুলি ধৰি লৈ আমাৰ প্ৰশ্ন-- অসমীয়া চিনেমাৰ ভালৰ স্বাৰ্থত, উত্তৰণৰ স্বাৰ্থত যিটো চৰকাৰী বিভাগে কাম কৰে বুলি কোৱা হয়, সেই বিভাগটোৱে আৰ্থিক দিশত বা প্ৰযোজনাত সহায় নকৰা অসমীয়া চিনেমা এখন প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচৰাৰ যুক্তি আছে জানো? বিভাগটো ইমানে আৰ্থিক সমস্যাত ডুবিছে নে--, প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে নতুন অহমীয়া চিনেমা বিচাৰিব লগীয়া হৈছে। আমি ভাবো-- "ক্ষণচৰ" আৰু আন কোনো অসমীয়া চিনেমাৰ যদি ASFFDC য়ে প্ৰদৰ্শনৰ প্ৰয়োজন অনুভৱ কৰিছে নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাবুজি কৰি লওক। এয়া আৰু ভাল কথা হব পাৰে নে-- নিৰ্মাতাই নিজৰ জেপৰ টকা খৰচ কৰি চিনেমা নিৰ্মাণ কৰিব। আৰু ASFFDC য়ে প্ৰদৰ্শনৰ বাবে "ফ্ৰী"তে বিচাৰিব!
পৰৰ বিহুৱানেৰে বিহু পতাৰ চিন্তা বাদ দি ASFFDC য়ে নিজৰ প্ৰযোজনাৰ বা আৰ্থিক সহায়ৰ অসমীয়া চিনেমাৰ সংখ্যা বঢ়াওক। আৰু যেতিয়ালৈকে বঢ়াব নোৱাৰে অসমৰ গাৱে ভূঞে ASFFDC য়ে আৰু অন্যান্য চৰকাৰী বিভাগে প্ৰযোজনা বা নিৰ্মাণত সহায় কৰা অসমীয়া চিনেমা কেইখন প্ৰদৰ্শন কৰক।
(আমি নিশ্চয় এনেদৰে ভাবিব পাৰো --ASFFDCৰ চিনেচিন্তা একক নহয়। সীমান্ত শেখৰৰ নেতৃত্বত নিশ্চয় চিনে পণ্ডিতৰ দল এটা আছে। চিনে পণ্ডিত সকলে কিমান চিনেমা বুজে, কথাছবি আৰু চিনেমাৰ মাজত থকা দৃৰত্ব কিমান বুজে --সেয়া অৱশ্যে সন্দেহৰ বিষয়।) আৰু যদি আৰ্থিক সমস্যা নাই বিভাগটোৰ চিনে পণ্ডিতক ভাল অসমীয়া চিনেমাৰ নিৰ্বাচনৰ দায়িত্ব দিব লাগে; আৰু নিৰ্বাচিত চিনেমাৰ নিৰ্মাতাৰ সৈতে আৰ্থিক বুজাপৰাৰ মাজেৰে আগবাঢ়ি অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব লাগে। পূৰ্বেও কৈছিলো, আকৌ কৈছো-- ৰাজনৈতিক চিন্তাৰে নহয়, সুপৰিকল্পিত চিনেচিন্তাৰে আগবাঢ়ক "অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কাম কৰো" বুলি কৈ অহা এই চৰকাৰী বিভাগটো। আৰু এটা কথা-- অসমীয়া চিনেমা নহয়, সাৰ্থক অসমীয়া চিনেমা প্ৰদৰ্শন কৰাতহে গুৰুত্ব দিয়ক। বলীউড শৈলীৰ বা দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰে (কাহিনী, শ্বট আদি নকল কৰি নিৰ্মাণ কৰা) নিৰ্মাণ কৰা অসমীয়া ভাষাৰ চিনেমা প্ৰদৰ্শন কৰাৰ যুক্তি আছে বুলি আমি নাভাবো। আমাৰ ধাৰণাত কোনো চিত্ৰ ৰসিকেই নাভাবে।
এই দিশটোতো মন দিয়াৰ প্ৰয়োজন আছে-- চিনেমা নিৰ্মাণ কৰি ASFFDC য়ে টকা খৰচ কৰিহে আছে। আৰ্থিক লাভৰ চিন্তা কৰা নাই, চৰকাৰী বিভাগ বাবেই হয়তো "বজাৰ চিন্তা"ৰ প্ৰয়োজন অনুভৱ কৰা নাই। আনহাতে চৰকাৰী বিভাগটোৰ প্ৰযোজনাই দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱতো বিশেষ স্থান দখল কৰিব নাই। এই ব্যৰ্থতাৰ কাৰণো বিভাগটোৰ চিনে পণ্ডিত সকলে চৰ্চা কৰক, সফলতাৰ বাট মুকলি কৰক। আৰু যদি সফলতাৰ বাট নেদেখে উৎপল বৰপূজাৰী, জাহ্নু বৰুৱা, ৰীমা দাস আদিৰ সহায় লওক।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...