মঙ্গলবার, ৩১ মে, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৮

কলিকতাত চিনেমাৰ কামত ব্যস্ত হৈছিল-- ভূপেন হাজৰিকা। বন্ধু বাঢ়িছিল। চিনেমাৰ, সংগীতৰ চৰ্চা কৰিব পৰা বন্ধু। সত্যজিত ৰায়ৰ পৰা-তপন সিন্‌হালৈ, অনেক। এই বন্ধু সকলৰ তাগিদাতে সংগীতৰ লগতে চুটি চুটি চিনেমা নিৰ্মাণত ব্যস্ত হৈছিল। ("তেতিয়া সত্যজিৎ ৰায়, মৃণাল সেন, তপন সিন্‌হা – - তেওঁলোক সকলোৱে চুটি চুটি ছবি কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ কাম বাঢ়ি গৈছিল। কামসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সহযোগী। প্রয়োজন হৈছিল। বম্বেত দেখিছিলোঁ, কর্ম্মব্যস্ত ব্যক্তিসকলে কামসমূহ নিয়ারিতে পৰিচালনা কৰিবলৈ ‘সচিব' ৰাখে। সেইখিনি সময়তে এই কল্পনা লাজমী ছোৱালীজনী আহি মোৰ কামৰ সহযোগী ৰূপে যোগদান কৰিলেহি।" --ভূপেন হাজৰিকা) চুটি চিনেমাৰেই চিনেবন্ধুৰ তালিকা খন দীঘল কৰি গৈছিল ভৃপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ চুটি-চুটি চিনেকৰ্মত মুগ্ধ হৈছিল নাচিৰূদ্দিন শ্বাহ, শ্বাবানা আজমী আদি। এই যে মুগ্ধ হৈছিল, সেয়া কলিকতাৰ পৰা মুম্বাইলৈ বিয়পিছিল। --হয়, সৰহ সংখ্যক কামেই কৰিছিল কল্পনা লাজমী আৰু অৰুণকে ধৰি সহযোগী সকলে। কিন্তু আঁৰত নাছিল-- সৰু বৰ চিনে চিন্তাবোৰ যে ভূপেন হাজৰিকাৰ আছিল। ("মই কল্পনা আৰু অৰুণক ছবি কৰিবলৈ পৰামৰ্শ দিলোঁ। মই কাৰিকৰী পৰামৰ্শ দিলো, সঙ্গীত দিলোঁ। সেইখিনি সময়ত কল্পনাহঁতৰ দৰে বোম্বেৰপৰা আহে শ্বাবানা, নাচিকদ্দিন শাহ আদি। মোৰ তাত থাকি মোক বোম্বেলৈ মাতি যায়। বোম্বেত সিহঁতৰ তাত মই ঘৰুৱা পৰিবেশতে থাকো।" --ভূপেন হাজৰিকা) আৰু স্বাভাৱিকতে যেতিয়া ভৃপেন হাজৰিকাই মুম্বাইৰ কৰোবাত "ঘৰুৱা পৰিবেশত" আছিল গৈ, ভিড় কৰিছিল মায়ানগৰীৰ "বেপাৰী" সকলে। "বেপাৰী" সকলৰ মাজত মাধ্যমটোত দখল থকা লোকৰ সংখ্যায়ে বেছি। এই যে সংখ্যা বেছি, সেই সকলৰ মাজৰে এগৰাকী আছিল-- মহেশ ভাট। খবৰ ওলাইছিল, সেই সময়ত চৰ্চাত থকা পৰিচালক ভাটে "অৰ্থ"ৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিব খুজিছিল। আৰু সংগীতসূৰ্যৰ পৰা সেউজ সংকেত নোপোৱা বাবে জগজিৎ সিং (Jagjit Singh), চিত্ৰা সিং (Chitra Singh)-ক দিছিল । এই প্ৰসংগ উল্লেখ কৰি আৰছদ ৰিয়াজে "কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত লিখিছিল-- "মহেশ ভাট আৰু কেইবা গৰাকীও চিনেমা নিৰ্মাতাই সংগীতৰ পৰামৰ্শ লবলৈ ভূপেন হাজৰিকাৰ ওচৰ পাইছিল। আৰু কাৰণ জনা নাযায়, ভূপেন হাজৰিকাৰ নাম জৰিত নথকা কেইবা খনো চিনেমাত ভূপেন হাজৰিকাৰ সৃষ্টি অনুভৱ কৰিছিলো।" --সুৰ, ভূপেন হাজৰিকাৰ ভালেমান সুৰ "চুৰ" কৰি হিন্দি চিনেমাত ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। শেহতীয়া উদাহৰণ -- "উড়ি উড়ি যায়ে ..." (শ্বহৰুখ খানে অভিনয় কৰা "ৰইছ")। ১৯৭০ চনত ভূপেন হাজৰিকাই লিখিছিল, সুৰেৰে সজাইছিল -- "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্‌ আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ্‌ । বাঁহীটি লৈ আহ্‌ আৰু হাঁহিটি লৈ আহ্‌ আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌। মনৰ চৰাইটিক আৰু কিমান বান্ধিবি কালৰ এলান্ধু চাই কিমান কান্দিবি; আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই? আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।" গীতটো জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰেকৰ্ডি কৰিছিল। -- এই গীতটোৰ সুৰেৰেই নিৰ্মাণ কৰিছে "উড়ি উড়ি. .." গীতটো।

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন