সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৮

কলিকতাত চিনেমাৰ কামত ব্যস্ত হৈছিল-- ভূপেন হাজৰিকা। বন্ধু বাঢ়িছিল। চিনেমাৰ, সংগীতৰ চৰ্চা কৰিব পৰা বন্ধু। সত্যজিত ৰায়ৰ পৰা-তপন সিন্‌হালৈ, অনেক। এই বন্ধু সকলৰ তাগিদাতে সংগীতৰ লগতে চুটি চুটি চিনেমা নিৰ্মাণত ব্যস্ত হৈছিল। ("তেতিয়া সত্যজিৎ ৰায়, মৃণাল সেন, তপন সিন্‌হা – - তেওঁলোক সকলোৱে চুটি চুটি ছবি কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ কাম বাঢ়ি গৈছিল। কামসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সহযোগী। প্রয়োজন হৈছিল। বম্বেত দেখিছিলোঁ, কর্ম্মব্যস্ত ব্যক্তিসকলে কামসমূহ নিয়ারিতে পৰিচালনা কৰিবলৈ ‘সচিব' ৰাখে। সেইখিনি সময়তে এই কল্পনা লাজমী ছোৱালীজনী আহি মোৰ কামৰ সহযোগী ৰূপে যোগদান কৰিলেহি।" --ভূপেন হাজৰিকা) চুটি চিনেমাৰেই চিনেবন্ধুৰ তালিকা খন দীঘল কৰি গৈছিল ভৃপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ চুটি-চুটি চিনেকৰ্মত মুগ্ধ হৈছিল নাচিৰূদ্দিন শ্বাহ, শ্বাবানা আজমী আদি। এই যে মুগ্ধ হৈছিল, সেয়া কলিকতাৰ পৰা মুম্বাইলৈ বিয়পিছিল। --হয়, সৰহ সংখ্যক কামেই কৰিছিল কল্পনা লাজমী আৰু অৰুণকে ধৰি সহযোগী সকলে। কিন্তু আঁৰত নাছিল-- সৰু বৰ চিনে চিন্তাবোৰ যে ভূপেন হাজৰিকাৰ আছিল। ("মই কল্পনা আৰু অৰুণক ছবি কৰিবলৈ পৰামৰ্শ দিলোঁ। মই কাৰিকৰী পৰামৰ্শ দিলো, সঙ্গীত দিলোঁ। সেইখিনি সময়ত কল্পনাহঁতৰ দৰে বোম্বেৰপৰা আহে শ্বাবানা, নাচিকদ্দিন শাহ আদি। মোৰ তাত থাকি মোক বোম্বেলৈ মাতি যায়। বোম্বেত সিহঁতৰ তাত মই ঘৰুৱা পৰিবেশতে থাকো।" --ভূপেন হাজৰিকা) আৰু স্বাভাৱিকতে যেতিয়া ভৃপেন হাজৰিকাই মুম্বাইৰ কৰোবাত "ঘৰুৱা পৰিবেশত" আছিল গৈ, ভিড় কৰিছিল মায়ানগৰীৰ "বেপাৰী" সকলে। "বেপাৰী" সকলৰ মাজত মাধ্যমটোত দখল থকা লোকৰ সংখ্যায়ে বেছি। এই যে সংখ্যা বেছি, সেই সকলৰ মাজৰে এগৰাকী আছিল-- মহেশ ভাট। খবৰ ওলাইছিল, সেই সময়ত চৰ্চাত থকা পৰিচালক ভাটে "অৰ্থ"ৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিব খুজিছিল। আৰু সংগীতসূৰ্যৰ পৰা সেউজ সংকেত নোপোৱা বাবে জগজিৎ সিং (Jagjit Singh), চিত্ৰা সিং (Chitra Singh)-ক দিছিল । এই প্ৰসংগ উল্লেখ কৰি আৰছদ ৰিয়াজে "কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত লিখিছিল-- "মহেশ ভাট আৰু কেইবা গৰাকীও চিনেমা নিৰ্মাতাই সংগীতৰ পৰামৰ্শ লবলৈ ভূপেন হাজৰিকাৰ ওচৰ পাইছিল। আৰু কাৰণ জনা নাযায়, ভূপেন হাজৰিকাৰ নাম জৰিত নথকা কেইবা খনো চিনেমাত ভূপেন হাজৰিকাৰ সৃষ্টি অনুভৱ কৰিছিলো।" --সুৰ, ভূপেন হাজৰিকাৰ ভালেমান সুৰ "চুৰ" কৰি হিন্দি চিনেমাত ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। শেহতীয়া উদাহৰণ -- "উড়ি উড়ি যায়ে ..." (শ্বহৰুখ খানে অভিনয় কৰা "ৰইছ")। ১৯৭০ চনত ভূপেন হাজৰিকাই লিখিছিল, সুৰেৰে সজাইছিল -- "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্‌ আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ্‌ । বাঁহীটি লৈ আহ্‌ আৰু হাঁহিটি লৈ আহ্‌ আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌। মনৰ চৰাইটিক আৰু কিমান বান্ধিবি কালৰ এলান্ধু চাই কিমান কান্দিবি; আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই? আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।" গীতটো জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰেকৰ্ডি কৰিছিল। -- এই গীতটোৰ সুৰেৰেই নিৰ্মাণ কৰিছে "উড়ি উড়ি. .." গীতটো।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...