সরাসরি প্রধান সামগ্রীতে চলে যান

এখন নতুন অসমীয়া চিনেমা-- 'গুৱাহাটী ডায়েৰীজ'। প্ৰশান্ত শইকীয়াৰ পৰিচালনা। ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা।

এখন নতুন অসমীয়া চিনেমা-- 'গুৱাহাটী ডায়েৰীজ'। প্ৰশান্ত শইকীয়াৰ পৰিচালনা।  ডাঃ প্ৰণীতা শইকীয়াৰ প্ৰযোজনা। প্ৰযোজক গৰাকীৰ আমন্ত্ৰণ --"আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ১০ জুন ২০২২ তাৰিখে মুক্তি লাভ কৰিব প্ৰহৰ প্ৰডাকচনৰ প্ৰয়োজনাত নির্মিত অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ৷ তদুপলক্ষে আয়োজন কৰা অনুষ্ঠানলৈ আপোনাক  নিমন্ত্রণ জনালোঁ৷ আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিব৷" যথা সময়ত উপস্থিত থাকিব নোৱাৰিলো, শুভেচ্ছা অৱশ্যেই জনালো। আশা ৰাখিলো অহা ১ জুলাইৰ পৰা  চিত্ৰৰসিকে এখন ভাল চিনেমা চোৱাৰ সুযোগ পাব। --হয়, অহা ১ জুলাইত (শেহতীয়া সংযোজন: ১জুলাইত নহয়, ১৫ জুলাইত) চিত্ৰগৃহলৈ আহিব চিনেমা খন। শেহতীয়া ভাবে এটি দিশ স্পষ্ট-- কেৱল  প্ৰচাৰ আৰু "তাৰকা শক্তি" (star power)-এ চিনেমা চলাব নোৱাৰে, অসমীয়া চিনেমা চলাব নোৱাৰে। (অৱশ্যে অসমীয়া চিনেমাৰ তাৰকা বিষয়টো প্ৰশ্নোবোধক।) উদাহৰণ-- অসমীয়া চিনেমা "গংগা", হিন্দী চিনেমা "Dhaakad" (১০০ কোটি টকা বাজেটৰ এই চিনেমা খনে মাত্ৰ ৩.৭৭ কোটি টকাহে ব্যৱসায় কৰিছে।), "Anek" (৪৫ কোটি টকা বাজেটৰ এই চিনেমা খনৰ ব্যৱসায় মাত্ৰ ১১.৫৯ কোটি টকা।) । বিপৰীতে ১০০ কোটি টকাৰ "KGF 2 ( All Languages) চিনেমাই ব্যৱসায় কৰিছে ( কৰি আছে। আৰু বাঢ়িব। চিনেমা খনত তাৰকা আৱশ্যেই আছে। ব্যৱসায় কিন্তু কেৱল তাৰকা কেন্দ্ৰীক নহয়। যথা স্থানত ইতিমধ্যে চৰ্চা কৰিছো।) ১২৩৫.২ কোটি টকা। আৰু অসমীয়া? কোনো "তাৰকা"ই অভিনয় নকৰা কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত "লোকেল উৎপাত" -ৰ বক্স অফিচ কালেকচন ১ কোটি টকা , ৩৫ টা চিত্ৰ গৃহত (১জুনৰ খবৰ। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৩ মে', ২০২২ত)।  আমি আশা ৰাখিম-- "গুৱাহাটী ডায়েৰীজ' সফল হব, ব্যৱসায়ত, চিনেকৰ্মৰে চিত্ৰ ৰসিকক সন্তুষ্ট কৰাত।  এই চিনেমা খনত অভিনয় কৰিছে উৰ্মিলা মহন্ত, বৰষাৰাণী বিষয়া, উদয়ন দুৱৰা, মিণ্টু বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, নাজ চুলতানা, অৰ্ঘদীপ বৰুৱা, হেমন্ত দেৱনাথ,ৰঞ্জীৱ লাল বৰুৱা, কমল লোচন, মিন্টু বৰুৱা, নাজ চুলতানা আদিয়ে। চিনেমা খনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই, সম্পাদনা অভিজিৎ‍ ৰয়ৰ,  ডি-আই কালাৰ ৰতন শীল শৰ্মাৰ,  শব্দ-সজ্জা বিজয় কুমাৰ নাথ আৰু বলেন পাঠকৰ, শব্দ-সংমিশ্রণ বিজয় কুমাৰ নাথৰ। সংগীত পৰিচালনা অম্বৰীশ শ‍ইকীয়া, অমিতাভ বৰুৱা আৰু সংগীত ব্যৱস্থাপনা পৰাণ বৰকটকীৰ। গীতৰ ৰচনা ডাঃ প্ৰণীতা শইকীয়া,হিৰেন্দ্ৰ সিনহা, অংশুমান বৰা আৰু নাজ চুলতানাৰ। জানিব পাৰিছো, চিনেমা খনত ৪টা গীত ব্যৱহাৰ কৰিছে-- এটা হিন্দী, তিনিটা অসমীয়া। সম্ভৱতঃ কাহিনী, পৰিবেশৰ দাবীত পৰিচালকে হিন্দী গীতটো ব্যৱহাৰ কৰিছে! গীতকেইটিত কণ্ঠ দান কৰিছে  হিৰেন্দ্র সিনহা, কেইছী, নাজ চুলতানা, ডাঃ প্রণীতা শ‍ইকীয়া আৰু চাৰু শ‍ইকীয়াই। চিনেমা খনৰ সহঃ পৰিচালক বিতুপণ বৰা আৰু নন্দিনী দাস. ৰূপসজ্জা বিশ্ব কলিতাৰ।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...