চিত্ৰনাট্য সাজু। কাইলৈৰ পৰা শ্বুটিং কৰিম। আপোনাক চিনেমা খন অহা সপ্তাহত দেখুৱাম।' কথা মতেই কাম। নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত পৰিচালক গৰাকীয়ে চিনেমা খন দেখুৱালে। মাত্ৰ তিনিটা চৰিত্ৰৰ ৰূপালী গল্প। 'কথাছবি'। মাজে মজে কেমেৰা পেন কৰে। বেছি ভাগ সময়ে কেমেৰা স্থিৰ , অস্থিৰ চৰিত্ৰই সংলাপ কৈ গৈছে। সংলাপৰ নামত শব্দ কিছুমান। ' ( থিয়েটাৰ ) চিনেমা অব দ্য এবছার্ড' বুলিয়ো কব নোৱাৰি। পৰিচালক গৰাকীয়ে ক'লে -- 'আজি কালি এনেধৰণৰ সংলাপৰ চিনেমা চলিছে। মানে বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বঁটা পায়। আমি পামেই।' পৰিচালক গৰাকীৰ নাম অলকেশ বৰুৱা। অলকেশৰ আত্মবিশ্বাসত আনন্দ অনুভৱ কৰিলো।শুভেচ্ছা জনলো -- বঁটা পাওক , আশা পূৰণ হওক! কিন্তু 'বঁটাৰ বাবে চিনেমা' কথাটো সহজ ভাবে লব নোৱাৰিলো। চিনেমা খন চোৱাৰ পিছত অলকেশে ক'লে -- 'চিনেমা খন কেৱল বঁটা পোৱাৰ আশাত কৰিছো। চিত্ৰগৃহত 'ৰত্নাকৰ'ৰ দৰে চিনেমা চলে। গতিকে চিত্ৰগৃহত দিয়াৰ কথা ভবা নাই।আজি কালি প্ৰতিমাহেও চিনেমাৰ 'অনলাইন' প্ৰতিযোগীতা হয়। গতিকে এটা হলেও বঁটা পাম। বঁটা পোৱাৰ পিছত টিভি - কাকতত আমাৰ চিনেমাৰ চৰ্চা হোৱাৰ পিছত আমাক আৰু একো নালাগে। আমাৰ চিনেমা দৰ্শকৰ বাবে নহয় , সমালোচকৰ বাবেও নহয় , কেৱল বঁটাৰ বাবে।' -- এতিয়া আহিছো আটাইতকৈ 'চিন্তা'ৰ বিষয়টোলৈ। চিনেমা খনৰ নিৰ্মাণ পৰ্বলৈ। অলকেশৰ কথাত স্পষ্ট -- বিশ্বৰ বঁটা প্ৰাপ্ত চিনেমাৰ বিষয়বস্তু , শ্বট আদি চিনেমা খনত ব্যৱহাৰ কৰিছে। 'মই সৃষ্টি কৰা নাই , নিৰ্মাণ কৰিছো। অলপতে মই বঁটা পোৱা অসমীয়া চিনেমা এখন চাইছো। চিনেমা খন চাই থকাৰ সময়ত 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ কথা মনলৈ আহিছে , 'সাগৰলৈ বহু দূৰ'ৰ বিষ্ণু খাৰঘৰীয়াই যে দলং খন ভাঙিব আহে সেই মূহুৰ্তটো মনলৈ আহে , দুখন মান ইৰাকৰ চিনেমাৰ কথা মনলৈ আহে। পৰিচালকৰ মৌলিক চিন্তা বুলিবলৈ একো নাই। এই অসমীয়া চিনেমা খনে যদি বঁটাৰ পিছত বঁটা পাব পাৰে ,মই নাপাম কিয়?' -- প্ৰশ্নৰ যুক্তি আছে। কিন্তু এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ উত্তৰণত সহায় নকৰে , পিছুৱাই নিব। এনে ধৰণৰ চিনেচিন্তাই অসমীয়া চিনেমাৰ ক্ষতি কৰিব এই কাৰণেই , এনে চিনেচিন্তাৰে কাম কৰি আছে কেইবাজনো 'অলকেশ বৰুৱা'ই। ইয়াৰ কাৰণ ভুল 'প্ৰযোজিত' চিনেচৰ্চা। মাহে - তিনি মাহে হোৱা অনলাইন চলচ্চিত্ৰ উৎসৱ বা মহোৎসৱ , তৃতীয় - দ্বিতীয় - প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱ প্ৰচাৰ মাধ্যমত একাকাৰ হৈছে। যিখন চিনেমাৰ বঁটাৰ সংখ্যা বেছি , বেছি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছে সেই খনেকে 'শ্ৰেষ্ঠ চিনেমা'ৰ তালিকাত ৰাখি চৰ্চাৰ পৰিবেশ গঢ়ি তোলা হৈছে। আৰু এনে পৰিবেশে উৎসাহ দিছে 'অলকেশ' হতক। 'অলকেশ' হতৰ চিনেশক্তি নথকা নহয়। কিন্তু ভুল চিনেচৰ্চাৰ চিকাৰ যে হৈছে সন্দেহ নাই ।
**************
শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ' বঁটা ' কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ' বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ' ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ ' পৰিচালক - প্ৰযোজক'ৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ' সংবাদ ' নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগীতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । -- হয় , দেশ - বিদেশৰ ১৮ - ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে , যি কেইখনত প্ৰদৰ্শন হ'লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম নোচোৱাকৈয়ে কব পাৰি । দেশ - বিদশৰ এই ১৮ - ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন ? -- দেশ - বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ' হালধীয়া চৰায়ে বাঁও ধান খায় ' -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ - ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ - ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ' জয় ' কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? -- এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ' জয় ' কৰা চিনেমা কেইখনৰ মানৰ মান । এনে ' জয় 'ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰক্ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! -- যদি অসমতো ' কলিকতা ফিল্ম ছোচাইটি 'ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন ! (দৈনিক অসম / ১৯ আগষ্ট,২০২১)বঁটা, অসমীয়া চিনেমা by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন