Cherrapunji by : Utpal Mena
বান থাবাহই দৌৰিছে। নহয়, দৌৰাৰ দৰে খোজ কাঢ়িছে। দৌৰাৰ দৰে খোজ আৰু বান থাবাহৰ আছৰনে আকৰ্ষণ কৰিছে দুৰ্গাক। দুৰ্গা প্ৰকল্প-১৮ ৰ চিত্ৰনাট্য ডিজাইনাৰ। Bynardi inn -ৰ বেলকনিৰ পৰা দুৰ্গাই বান থাবাহৰ স্বাভাৱিক আছৰণ কেইবাবাৰো কেমেৰাত ধৰি ৰাখিলে। --Bynardi inn-তে আমি বাহৰ পাতিছিলোঁ। আমাৰ পৰিয়ালটো। কিছু দূৰত থকা হোটেল খনত দুৰ্গাৰ ইউনিটোৰ চাৰি সদস্যই। দূৰ্গাৰ নিৰ্দেশত এগৰাকীয়ে কেমেৰা চলাইছে, এগৰাকীয়ে লিখি গৈছে আৰু এগৰাকীয়ে শব্দ গ্ৰহণ কৰি গৈছে।
Bynardi inn-ৰ পৰা চেভেন চিষ্টাৰছ জলপ্ৰপাত ভালদৰে দেখি। বেলকনিৰ পৰা জলপ্ৰপাত আৰু মেঘৰ সৌন্দৰ্য অনুভৱ কৰিব পাৰি! আমি তিনিটা দিনৰ বেছিভাগ সময় বেলকনিত বহি আৰু Bynardi inn-ৰ সন্মুখৰ পথটোত খোজকাঢ়ি সময় খৰচ কৰিছিলো। কেতিয়াবা ৰ'দৰ মাজত, কেতিয়াবা বৰষুণৰ মাজত আৰু কেতিয়াবা মেঘৰ মাজত!
--এই যে চেভেন চিষ্টাৰছ জলপ্ৰপাত বুলিলো, প্ৰকৃততে নোহছংথিয়াং (Nohsngithiang)
বা মাউছমাই জলপ্ৰপাতহে। চেভেন চিষ্টাৰছ জলপ্ৰপাত নামেৰে জনাজাত ইয়াত থকা জলপ্ৰপাতৰ সাতটা খণ্ডৰ বাবে। সাতটা খণ্ড আছে, জলপ্ৰপাতৰ। এটা নহয়, ভালেমান জলপ্ৰপাত কোনো এঠাইত এক হৈ খিলখিলাই নামি আহে। আৰু কোনো এঠাইৰ পৰা তেনেদৰে এক হোৱা সাতটা খণ্ড নামি আহে। এগৰাকী ইংৰাজ পৰ্যতকে যাৰ নাম ৰাখিছিল Seven Sisters Fall.
কোৱা হয়-- মেঘালয়ৰ চেৰাপুঞ্জীৰ পূব খাছি পাহাৰৰ, মাউছমাই গাঁৱৰ চূণশিলৰ শিলৰ ওপৰেৰে ৩১৫ মিটাৰ (১,০৩৩ ফুট) উচ্চতাৰ পৰা বৈ যোৱা এই জলপ্ৰপাতটো ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ জলপ্ৰপাত। এই জলপ্ৰপাতৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি পায় জুন আৰু ছেপ্টেম্বৰৰ ভিতৰত, বাৰিষাৰ সময়ত। বৰষুণ যিমানেই বাঢ়ে, জলপ্ৰপাতৰ পানীয়ে সিমানেই সৌন্দৰ্য হৈ শিলত পৰে আৰু পৰ্যতকৰ বাবে সৌন্দৰ্যৰ আঁঁকৰ হৈ পৰে। আৰু কথটো এনেধৰণৰ, বৰষুণ দিয়াৰ পাছত মেঘ আতৰি যায়, জলপ্ৰপাতৰ সৌন্দৰ্য পৰ্যতকে ভালদৰে অনুভৱ কৰিব পাৰে।
আমি ১৬ জুলাই (২০২২) তাৰিখে গৈ চেৰাপুঞ্জি (ছোহ-ৰা) পাইছিলো। বতৰ সেমেকা আছিল। আমি দুটি দিন থকাৰ বাবে ঠিক কৰি লোৱা Bynardi inn-লৈ "মেঘ" সোমাই আহিছিল। আমাক ছুই গৈছিল। সেই "পৰিবেশ" লং শ্বট, মিড-লং শ্বটত ধৰি ৰাখিছিল দূৰ্গাৰ নিৰ্দেশত।
--চেৰাপুঞ্জি। ভাৰতৰ মেঘালয় ৰাজ্যৰ পূর্ব খাছি পাহাৰ জিলাৰ এই চহৰ খনত থকা তিনিটা দিনত প্ৰায় ১৮-২০ ঘণ্টা কাম কৰিছিল দূৰ্গাই। দূৰ্গাই কোৱাৰ আগলৈকে জনা নাছিলো চিত্ৰনাট্যৰ আগতো কেমেৰা চলে। কাহিনী নিৰ্মাণ, চৰিত্ৰ নিৰ্মাণৰ আগতো "চিনেমা"ই গতি লয়। কথা প্ৰসংগত বাহাৰুল (ইছলাম)-দাক কৈছিলোঁ। বাহাৰুলদাই কৈছিল --হয়তো নতুন concept এয়া। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন