Ibson Lal Baruah by: Utpal Mena
"ভূপেন হাজৰিকা" প্ৰকল্পৰ দ্বিতীয় খণ্ড
#Bhupen_Hazarika_Volume_II উন্মোচনৰ সুখ-আনন্দ লৈ কালি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পোৱাৰ পাছতে সংগীত শিল্পী Ibson Lal Baruah -ক "ফোন"ত কৈছিলোঁ, তোমাৰ ঘৰত সোমাম। ইবছনৰ ঘৰ আজাৰাত। গুৱিহাটীলৈ অহাৰ বাটত। কৰ্মস্থান মুম্বাইৰ পৰা আহি আজাৰাতো সংগীত কৰ্মৰ মাজতে ব্যস্ত থাকে। যথা সময়ত ইবছনৰ ঘৰ পালো। "ঘৰুৱা ষ্টুডিঅ'"টোত বহুৱালে। কৃষাৰ হাতৰ বিশেষ চাহ একাপেৰে ভাগৰ মাৰি সংগীত কেন্দ্ৰীক কথা পতিলো। দীপৰ বিলৰ কথা পতিলো।
"দীপৰ বিলৰ পাৰে পাৰে
ৰেল চলে ৰেল চলে
জাকে জাকে চৰাই উৰে
চৰাই জাকো উৰা মাৰে…"
--ইবছনৰ সংগীত কৰ্ম। এই বিশেষ সংগীত কৰ্মৰ বাবেই "সংগীত কৰ্মী ইবছন" আমাৰ আৰু ওচৰৰ হৈছিল। ইবচনৰ আৰু এক বিশেষ সংগীত কৰ্ম--
"বিষুৱ ৰেখা
নাপাওঁ দেখা
ভৰিৰ তলত
দুখন ধৰা
এখন আকাশ
আকাশ ফালি
মেঘৰ বিবাদ…
মোৰ ভগা খিৰিকী
পোহৰ দিয়া খিৰিকী
মোৰ ভগা খিৰিকী
দুৱাৰ খোলা খিৰিকী …"
--এই সংগীত কৰ্ম জাহ্নু বৰুৱাৰ চিনেমা "ভগা খিৰিকী"ৰ।চিনেমা খন চিত্ৰগৃহলৈ অহা নাই। চিনেমা খন চিত্ৰগৃহলৈ আহিলে দৰ্শক-শ্ৰোতাক নিশ্চয় গীতটোই স্পৰ্শ কৰিব।
--ইবছনে আৰু এক বিশেষ সংগীত কৰ্মৰ কথা ক'লে। "আপোনাক শুনাম, অতি সোনকালে..."
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন