বীৰাঙ্গনা সাধনী by: Utpal Mena
"বেলকনিত ভগৱান"ৰ প'ষ্টাৰ মুকলি অনুষ্ঠানত প্ৰসংগ ক্ৰমে যতীন বৰাই ক'লে, "বিশ্বজিত বৰাৰ আৰু এখন চিনেমাত অভিনয় কৰিব পাৰো!" চিনেমা খনৰ নামটৌ নকলে। আমি বিশ্বজিতৰ সৈতে যোগাযোগ কৰিলো। জানিব পাৰিলো --হয়, বিশ্বজিতে ইতিমধ্যে চিত্ৰনাট্যৰ কাম সম্পূৰ্ণ কৰা "বীৰাঙ্গনা সাধনী"ত অভিনয় কৰিব। চিনেমা খনৰ আন তিনিটা চৰিত্ৰত অভিনয় কৰিব তপন দাস, গীতাৱলী আৰু চন্দনা শৰ্মাই। চিনেমা খনৰ কাহিনী নিৰ্মাণ হৈছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী বীৰাঙ্গনা সতী সাধনীক কেন্দ্ৰ কৰি। কথা প্ৰসংগত বিশ্বজিতে ক'লে --"Assam govt presentation, produced by Chuita Development Council --চিনেমা খনৰ নিৰ্মাতা। বিষয়বস্তু বিগবাজেটৰ। ভাল কৰিবলৈ চেষ্টা কৰিম। Historical war drama যেতিয়া পৰিশ্ৰম আৰু বেছি কৰিব লাগিব। War sequences -ৰ শ্বুটিং মুম্বাইত হব। মই অলপ vfx shooting -ৰ প্ৰশিক্ষণ লম, শ্বুটিঙৰ আগতে।" বিশ্বজিতে আৰু ক'লে মূল চৰিত্ৰটোৰ বাবে দক্ষিণ কোৰিয়াাৰ অভিনেত্ৰী এগৰাকীৰ সৈতে কথা পতি আছে। সম্ভৱত: সংগীত পৰিচালনা কৰিব অংগৰাগ মহন্তই। বিশ্বজিতৰ সৈতে কথা পাতি ধাৰণা কৰিছো --চিনেমা খনেৰে ভাৰতৰ বাহিৰত, অসমৰ বাহিৰত বজাৰৰ সন্ধান কৰিব। এয়া নিঃসন্দেহে শুভ বজাৰ চিন্তা।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন