বেলকনিত ভগৱান by Utpal Mena
"বুম্বা ৰাইড" চৰ্চা যোৱা সংখ্যাত কৰিছিলোঁ, এই শিতানত। বিশ্বজিত বৰাৰ পৰিচালনা। এই গৰাকী পৰিচালকৰে আন এক পৰিচালনা --"বেলকনিত ভগৱান"। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চাৰ বিষয় হোৱা, বঁটাৰে সন্মানিত হোৱা এই চিনেমা খনৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িল, "বুম্বা ৰাইড"ৰ দৰ্শক হোৱাৰ পাছত। --হয়, বিশ্বজিত বৰাৰ চিনেকৰ্ম বাবে। চিনেমা খনৰ কাহিনীৰ শিপা-- এটা সচাঁ ঘটনা। ওৰিষ্যাৰ দন মাঝী নামৰ আৰ্থিক সমস্যাৰ বোজাৰ হেচাত ককবকাই থকা ব্যক্তিৰ। বাস কৰা সমাজ খনৰ, চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে মৃত পত্নীৰ দেহটো প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত নিজৰ চাইকেলত কঢ়িয়াই নিছিল৷ --চিনেমা খনত চৰিত্ৰটোৰ নাম ৰাখিছে খগেন। খগেনে সৰু জীয়েকৰ সৈতে মৃত পত্নীক চাইকেলেৰে লৈ শিলগুটি দিয়া পথৰে ঘৰলৈ ওভতাৰ বাটত বিভিন্ন ঘটনা ঘটে, আৰু ঘটনা বোৰেই ৰূপালী গল্পৰ আকাৰ লয়। -- হৰিশ খান্না, প্ৰণামী বৰা , পৰিনন্ধি জিমা চুলতানা, ৰাজীৱ ক্ৰ, অৰুণ হাজৰিকা আদিয়ে অভিনয় কৰা এই চিনেমা খন প্ৰযোজনা কৰিছে লেখক-প্ৰযোজক নুৰুল চুলতানে। --নাই, আমি এতিয়াও চিনেমা খনৰ দৰ্শক হব পৰা নাই। এই যে লিখিছো, চিনেমা খনৰ প্ৰযোজক আৰু পৰিচালকৰ সৈতে পতা কথাৰ পৰা, দেশ-বিদেশৰ কাকত-আলোচনীত ছপা হোৱা লেখাৰ পৰা ধাৰণা লৈহে। চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ৭ অক্টোবৰত। যোৱা ২৩ ছেপ্টেম্বৰত চিনেমা খনৰ প'ষ্টাৰ মুকলি কৰে অভিনেতা যতীন বৰাই। চিনেমা সমালোচক বিতোপন বৰা, শিৱানু বৰা, বিদ্যুৎ কুমাৰ ভূঞাৰ লগতে আমিয়ো বিশিষ্ট অতিথি হৈ অনুষ্ঠানত উপস্থিত আছিলো। এই অনুষ্ঠানত যতীন বৰাই কোৱা এটা কথা চৰ্চাৰ বিষয় হোৱা উচিৎ। অভিনেতা গৰাকীয়ে কৈছে-- সপ্তাহে সপ্তাহে চিত্ৰগৃহলৈ যে অসমীয়া চিনেমা আহি আছে, এয়া শুভ লক্ষণ নহয়। --হয়, অসমীয়া চিনেমাৰ বজাৰৰ ক্ষতি কৰিব। (এই প্ৰসংগত পৰৱৰ্তী সংখ্যাত চৰ্চা কৰিম।) প'ষ্টাৰ মুকলি অনুষ্ঠানত খবৰ পালো, বেলকনিত ভগৱান--God On The Balcony চিত্ৰগৃহলৈ অহাৰ দিনটোত চিত্ৰগৃহলৈ পুণৰ আহিব আন এখন অসমীয়া চিনেমা "একলব্য"। এয়া কোনো পধ্যে শুভচিন্তা বুলি কব নোৱাৰি। এনে চিন্তাই অসমীয়া চিনেমাৰ বজাৰ গঠন নকৰে, ক্ষতিহে কৰিব। ক্ষতি নকৰে, যদিহে চিত্ৰগৃহলৈ rotation পদ্ধতিত অনা হয়। আমি পাহৰা নাই অসমীয়া চিনেমা ওপৰা ওপৰিকৈ চিত্ৰগৃহলৈ অনাক কেন্দ্ৰ কৰি এসময়ত প'ষ্টাৰ ফলা-ফলি হৈছিল। তেনে পৰিবেশ আৰু আশা নকৰো।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন