মৃদুল চুতীয়াৰ নাট্যচিন্তা মনলৈ আহিল কালি তেজা ই আভিনয় কৰা চিনেমা এখন চাই থকা সময়ত। নায়ক (যিটৌ চৰিত্ৰত অভিনয় কৰিছে তেজাই) অন্ধ। এই চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০১৭ চনত। ইয়াৰ আগতেই (সম্ভৱত: ২০০৭-০৮ নাট্যবৰ্ষত) 'অন্ধ নায়ক-নায়িকা' চৰিত্ৰ নিৰ্মাণ কৰি নাট্যচিন্তা কৰিছিল মৃদুল চুতীয়াই। নিজে লিখা-পৰিচালনা কৰা নাটক খনত অভিনয়ো কৰিছিল। নাটক খনৰ নাম-- মই আন্ধাৰতো দেখো'। --নাই, নাই, নাটক খনৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তুৰ মিল নাই।
--তেনেহ'লে মনলৈ আহিল কিয়?
মনলৈ অহাৰ কাৰণ, অভিনয়। দুয়োগৰাকী অভিনেতাৰ আছৰণ প্ৰায় একে।
এই যে একে, ইয়াৰ কাৰণ, দুই অভিনেতাই 'অভিনয়'ৰ বাবে কৰা পৰিশ্ৰম। দৃষ্টিহীন 'শিক্ষক'ৰ পৰা শিক্ষা লৈছিল। শিক্ষা লৈ পৰিশ্ৰম কৰিছিল।
'মই আান্ধাৰতে দেখো'তেই নহয়, এতিয়ালৈকে মৃদুল চুতীয়াৰ যি কেইখন নাটকৰ দৰ্শক হৈছো, প্ৰতি খনতে অনুভৱ কৰিছো অভিনেতা গৰাকীৰ পৰিশ্ৰম। পৰিশ্ৰম কৰিছে নাটকৰ নতুন নতুন চিন্তা ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চলৈ নিয়াৰ স্বাৰ্থত।
--আমাৰ ধাৰণাত মৃদুল চুতীয়াই নতুন নতুন নাট্যচিন্তাৰে নাটক মঞ্চস্থৰ এক নতুন শৈলী আৰম্ভ কৰিছিল হেঙুল থিয়েটাৰত। সফলতাৰ বাট পাইছিল 'হেঙুল'ত কৰা নাট্যচৰ্চাৰে। 'হেঙুল' মঞ্চস্থ 'অস্তপথ' নাটকৰে জনপ্ৰিয়, বহু জনপ্ৰিয় হৈছিল অভিনেতা-পৰিচালক-নাট্যকাৰ মৃদুল চুতীয়া। 'হেঙুল'ত নাট্যকৰ্মী গৰাকীয়ে কৰা নাট্যকৰ্ম যিমান সফল বা জনপ্ৰিয় হৈছিল, আন ভ্ৰাম্যমাণ নাট্যদলত কিন্তু হোৱা নাছিল। কাৰণ? 'হেঙুল'তকৈ দুৰ্বল প্ৰযোজনা। --হয়, দুৰ্বল প্ৰযোজনা। (কথা প্ৰসংগত নাট্যকৰ্মী গৰাকীয়ে এদিন কৈছিল , 'হেঙুল' প্ৰযোজক পক্ষই নাট্যকৰ্মী গৰাকীৰ অনুভৱ বুজে বাবেই কামবোৰ ভাল হয়।)
--নাট্যকৰ্মী গৰাকীৰ অনুভৱ বুজা হেঙুল' প্ৰযোজক পক্ষৰ সৈতে আকৌ নাট্যকৰ্ম কৰিব মৃদুল চুতীয়াই। --হয়, অহা ২০২৩-২৪ নাট্যবৰ্ষত আকৌ মৃদুল চুতীয়াই হেঙুল থিয়েটাৰত অভিনয় কৰিব, নাটক লিখিব, নাটক পৰিচালনা কৰিব। নাটকৰ নাম ইতিমধ্যে ঘোষণা কৰিছে-- 'নজৰ'।
এতিয়া আমি অপেক্ষাত-- 'নজৰ' নামেৰে আৰু এক মগজু জোকাৰিব পৰা, মনত ৰৈ যাব পৰা নাট্যকৰ্মৰ।
এনে নাট্যকৰ্মৰ, যিয়ে 'অস্তপথ'কো নিস্প্ৰভ কৰিব পাৰে!
শেহতীয়া সংযোজন; (১৫/১১/২০২২)
হেঙুল থিয়েটাৰত নাথাকে মৃদুল চুতীয়া। "হেঙুল"তে নহয়, আৰু কোনো ভ্ৰাম্যমাণ নাট্যদলতে নাট্যকৰ্ম কৰাৰ মন নাই নাট্যকৰ্মী গৰাকীৰ। ---এই যে মৃদুল চুতীয়াই আৰু ভ্ৰাম্যমাণ থিয়েটাৰত নাট্যকৰ্ম নকৰো বুলিছে, এয়া সহজ, সৰল কথা নহয়। "ক্ষতি"ৰ খবৰ, এক নাট্য শৈলীৰ মৃত্যুৰ খবৰ, ভ্ৰাম্যমাণ থিয়েটাৰৰ সুষ্ঠ নাট্য চৰ্চাৰ এটা বাট বন্ধ হোৱাৰ খবৰ। স্বাভাৱিকতে এই "খবৰ"-এ উৎসাহিত কৰিব বলিউড-দক্ষিণ ভাৰতৰ চিনেমাৰ শৈলীক ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত ব্যৱহাৰ কৰি "জনপ্ৰিয় নাট্যকাৰ" হোৱা সকলক। এয়া আজিৰ তাৰিখত আৰু অস্পষ্ট হৈ থকা নাই, সৰহ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰ আজিৰ তাৰিখত "নাট্যশিল্পৰ মঞ্চ" নহয়, "(অ)নাটকৰ দোকান"হে। (এই প্ৰসংগত যথাস্থাত চৰ্চা কৰিম।)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন